ETV Bharat / state

Miyan Museum Controversy: ৰাজনীতিকৰণ নিবিচাৰে গৌৰৱ গগৈয়ে; শিৱামণি বৰাৰ সন্দেহ এয়া বিজেপিৰ কাম

author img

By

Published : Oct 29, 2022, 2:24 PM IST

মিঞা মিউজিয়ামক লৈ সাংসদ গৌৰৱ গগৈ আৰু বিধায়িকা শিৱামণি বৰাৰ প্ৰতিক্ৰিয়া (Miyan Museum Controversy)। এইবোৰ সকলো বিজেপিৰে ছত্ৰছাঁয়াত হৈ আছে বুলি অভিযোগ কৰে শিবামণি বৰাই ।

Miyan Museum Controversy
Miyan Museum Controversy

নগাঁও, 29 অক্টোবৰ: মিঞা মিউজিয়ামক লৈ সমগ্ৰ ৰাজ্যতে তোলপাৰ লাগি থকাৰ সময়তে (Miyan Museum Controversy) বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ আৰু বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিবামণি বৰাই । শুকুৰবাৰে বিয়লি বটদ্ৰৱাত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত সাংসদ গৌৰৱ গগৈয়ে কয়, ‘‘আমি সকলোৱে মিলা-প্ৰীতি বিচাৰোঁ । আমি সকলোৱে নিজৰ ভাষা জনগোষ্ঠী সংস্কৃতি আগুৱাই লৈ যাব বিচাৰোঁ । কিন্তু কিছুমান বিষয়ক লৈ একাংশই ৰাজনীতিকৰণ কৰিব বিচাৰে’’ (Gaurav Gogoi reacts on Miyan Museum)।

তেওঁ লগতে কয়, ‘‘মই এই ৰাজনীতিকৰণৰ বিৰোধিতা কৰোঁ । মই বিৰোধী দলৰ নেতা হিচাপে এই বিষয়ৰ ওপৰত মাত মাতিলে ৰাজনীতিকৰণ হ’ব । মই ৰাজনীতিকৰণ হোৱাটো নিবিচাৰোঁ’’ ।

মিঞা মিউজিয়ামক লৈ সাংসদ গৌৰৱ গগৈ আৰু বিধায়িকা শিৱামণি বৰাৰ প্ৰতিক্ৰিয়া

ইফালে, মিঞা মিউজিয়ামক লৈ বিধায়িকা শিৱামণি বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, প্ৰকৃততে ইয়াত বিজেপি পক্ষৰ মানুহেই আছে । তেওঁলোকৰ উদ্দেশ্যেই হ'ল ধৰ্মৰ নামত ভাগ ভাগ কৰা । মিঞা মিউজিয়াম প্ৰতিষ্ঠা কৰা PMJY ঘৰটো এজন শিক্ষকৰ নামত আছে । এজন শিক্ষকৰ নামত কেনেকৈ ঘৰ অনুমোদন পালে বুলি তেওঁ প্ৰশ্ন উত্থাপন (MLA Shivamoni Bora reacts on Miyan Museum)।

ইয়াৰ লগতে কেনেকৈ সেই ঘৰটো কেনেকৈ মিউজিয়াম কৰিব পাৰিলে বুলিও তেওঁ প্ৰশ্ন কৰে । গতিকে এইবোৰ সকলো বিজেপিৰে ছত্ৰছাঁয়াত হৈ আছে বুলি অভিযোগ কৰে শিবামণি বৰাই (Miyan Museum in Assam)।

শিক্ষকৰ নামত প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰ আৱণ্টনৰ বিষয়টো তদন্ত কৰিবলৈ দাবী উত্থাপন কৰি শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ নিকা ভাৱমূৰ্তিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে বিধায়িকা শিবামণি বৰাই।

লগতে পঢ়ক: Miya museum controversy: মিঞা মিউজিয়াম মুকলি কৰি আটক তনু ধাদুমীয়া

উল্লেখ্য যে, গোৱালপাৰাৰ লক্ষীপুৰত স্থাপন কৰা হৈছিল এটা মিঞা মিউজিয়াম ৷ অসম মিঞা পৰিষদৰ সভাপতি এম মহৰ আলী, উপ সভাপতি আব্দুল বাতেনৰ উদ্যোগত এটা PMY গৃহত মুকলি কৰা হৈছিল এই মিউজিয়ামটো ৷ উক্ত মিঞা মিউজিয়ামৰ উদ্বোধন কৰিছিল তনু ধাদুমীয়াই ৷ ইতিমধ্যে তিনিওজনকে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে ৷ তাৰোপৰি উচ্ছেদ কৰা হৈছে মিঞা মিউজিয়ামটো ৷

কিছুদিন পূৰ্বে আল্লিয়া আৰু তামুলপুৰত গ্ৰেপ্তাৰ হোৱা পাঁচ জেহাদী সদস্যৰ সৈতে মহৰ আলী আৰু আব্দুল বাতেনৰ যোগাযোগ থকা বুলি নলবাৰী আৰক্ষীয়ে সদৰী কৰিছে ৷ ইফালে এই মিউজিয়ামকলৈ তৎপৰ হোৱা বাঘবৰ সমষ্টিৰ বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদৰ জুমুঠিও দাহ কৰিছে বিভিন্ন দল-সংগঠনে ৷

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মিঞা মিউজিয়াম এটা গুৰুত্বপূৰ্ণ বিষয় ৷ এনেবোৰ বিষয়ে জাতিটোৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰি আহিছে ৷ তেওঁ লগতে কয় যে, অসমীয়া মানুহৰ সামগ্ৰী লৈ মিঞা মিউজিয়াম কেনেকৈ হ’ল তাৰ উত্তৰ চৰকাৰক দিব লাগিব ৷

নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰিছে যে, অসম তথা উত্তৰ-পূৰ্বাঞ্চলক মিঞা ইছলামিক ৰাষ্ট্ৰ কৰাৰ বাবে এচাম লোকে কূট-কৌশল ৰচনা কৰি আছে ৷ মিঞা মিউজিয়ামক সমৰ্থন কৰা সকলক বদন বৰফুকনৰ সৈতে তুলনা কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: Miya Museum controversy : মিঞা মিউজিয়ামক লৈ সৰব মুখ্যমন্ত্ৰী ড৹ শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.