ETV Bharat / entertainment

Jaya Bachchan latest news: নাতিনী নব্যাৰ বিবাহ বিহীন সন্তান থাকিলে কোনো আপত্তি নাই জয়া বচ্চনৰ

author img

By

Published : Oct 29, 2022, 1:52 PM IST

হিন্দী ছবি জগতৰ প্ৰবীণ অভিনেত্ৰী জয়া বচ্চনে কৈছে যে নাতিনী নব্যা নভেলী নন্দাৰ "বিবাহ বিহীন সন্তান" হোৱাত তেওঁৰ কোনো আপত্তি নাই (Jaya Bachchan news) ।

Navya
নাতিনী নব্যাৰ বিবাহ বিহীন সন্তান থাকিলে কোনো আপত্তি নাই জয়া বচ্চনৰ

চিটাৰা ডেস্ক, 29 অক্টোবৰ : প্ৰবীণ অভিনেত্ৰী জয়া বচ্চন গৰম মেজাজৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনামাত থাকে । ক’ৰবালৈ অহা-যোৱা কৰা সময়ত অভিনেত্ৰীগৰাকীয়ে ফটো তোলাৰ বাবে পাপাৰাজ্জীৰ সৈতে প্ৰায়ে বিতৰ্কত লিপ্ত হয় । এতিয়া জয়া বচ্চন পুনৰ চৰ্চালৈ আহিছে ৷ নাতিনী নব্যা নভেলী নন্দা সন্দৰ্ভত এটা মন্তব্য দি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে জয়াই ৷ ‘শ্বোলে’ খ্যাতিসম্পন্ন অভিনেত্ৰী জয়াই নাতিনীয়েক নব্যাৰ কিডছ এণ্ড ফেমিলি প’ডকাষ্ট ‘What the hell Navya’ত এই মন্তব্য আগবঢ়ায় (Navya new podcast What the Hell Navya) । জয়াই নাতিনী নব্যাৰ বিষয়ে কৈছে যে নব্যাৰ ৰ ‘বিবাহ অবিহনে সন্তান’ থাকিলে তেওঁৰ কোনো সমস্যা নাই ।

নাতিনীৰ প’ডকাষ্টত নাতিনীয়েক নব্যাৰ সৈতে কথা পাতোতে জয়াই কয়, ‘আমি আমাৰ সময়ত কোনো পৰীক্ষা-নিৰীক্ষা কৰিব পৰা নাছিলো, শাৰিৰীক আকৰ্ষণ অতি গুৰুত্বপূৰ্ণ, কেৱল প্ৰেম আৰু সতেজ বতাহ আৰু এডজাষ্টমেণ্টেৰে জীৱন আগবঢ়াই নিব নোৱাৰি, মই আপত্তি নকৰো যদি নব্যাই 'বিবাহ অবিহনে সন্তান জন্ম দিয়ে' ।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জয়াই প’ডকাষ্টত আৰু কয়,"মানুহে মোৰ মতত আপত্তি কৰিব, কিন্তু শাৰিৰীক আকৰ্ষণ আৰু সামঞ্জস্য অতি গুৰুত্বপূৰ্ণ, আমি আমাৰ সময়ত যি কৰিব নোৱাৰিলো, আজিৰ প্ৰজন্মই কৰে আৰু তেওঁলোকে কিয় নকৰিব ? দীৰ্ঘম্যাদী সম্পৰ্কৰ বাবে ই জৰুৰী, যদি কোনো শাৰিৰীক সম্পৰ্ক নাথাকে, তেন্তে এই সম্পৰ্ক বেছি দিন স্থায়ী হ’ব নোৱাৰে" ৷

1973 চনত জয়া শতিকাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল । তেওঁলোকৰ দুই সন্তান শ্বেতা আৰু অভিষেক বচ্চন । ৱৰ্ক ফ্ৰণ্টত জয়াক দেখা যাব কৰণ জোহৰৰ পৰিচালনাৰে ৰকি ঔৰ ৰাণী কী প্ৰেম কাহানীত । ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিং আৰু আলিয়া ভাটে ৷ অন্যান্য গুৰুত্বপূৰ্ণ চৰিত্ৰত আছে ধৰ্মেন্দ্ৰ আৰু শ্বাবানা আজমীৰ দৰে প্ৰবীণ তাৰকা । আগন্তুক বৰ্ষত মুক্তি পাব ছবিখনে ।

লগতে পঢ়ক : উত্তৰ-পূৱ ভাৰতৰ এইগৰাকী যুৱতীৰ প্ৰেমত পৰিল বলীউড অভিনেতা ৰণদীপ হুদা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.