ETV Bharat / international

Elon Musk announcement : নিষিদ্ধ টুইটাৰ একাউণ্ট সহজে Restore নহয়

author img

By

Published : Oct 29, 2022, 11:52 AM IST

নিষিদ্ধ একাউণ্টৰ পৰ্যালোচনাৰ বাবে অতি শীঘ্ৰে নতুন কণ্টেণ্ট মডাৰেশ্যন কাউন্সিল গঠন কৰা হ'ব (Twitter will form content moderation council)। কণ্টেণ্ট মডাৰেশ্যন কাউন্সিলৰ সমীক্ষাৰ পূৰ্বে কোনো নিষিদ্ধ একাউণ্ট 'Restore' কৰা নহ'ব । টুইটযোগে ঘোষণা কৰিলে চীফ টুইট এলন মাস্কে ।

Twitter
নিষিদ্ধ টুইটাৰ একাউণ্ট সহজে Restore নহয়

ইণ্টাৰনেশ্যনেল ডেস্ক,২৯ অক্টোবৰ : টুইটাৰ ব্যৱহাৰকাৰীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ । পূৰ্বে নিস্ত্ৰিয় হোৱা টুইটাৰ একাউণ্ট সহজে 'Restore' কৰা নহ'ব । নতুন কণ্টেণ্ট মডাৰেশ্যন কাউন্সিলৰ পৰীক্ষণৰ পূৰ্বে 'Restore' কৰা নহ'ব নিস্ক্ৰিয় একাউণ্ট (Twitter accounts will restored after review)।

টুইটাৰৰ দায়িত্ব লৈয়ে এই ঘোষণা কৰিছে এলন মাস্কে । শুকুৰবাৰে চীফ টুইট হিচাপে দায়িত্ব গ্ৰহণ কৰে এলন মাস্কে । দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্তত টুইটাৰৰ দায়িত্ব লৈয়ে কোম্পানীটোৰ কেইবাগৰাকী শীৰ্ষ বিষয়াক বৰ্খাস্ত কৰিছে মাস্কে । ইয়াৰ পাছতে এলন মাস্কে টুইটাৰ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

ইয়াৰ মাজতে শুকুৰবাৰে মাস্কে টুইট কৰি কয় যে কণ্টেণ্ট মডাৰেশ্যন কাউন্সিলৰ (Content moderation council) সমীক্ষাৰ পূৰ্বে কোনো নিষিদ্ধ একাউণ্ট 'Restore' কৰা নহ'ব । তেওঁ লগতে কয় যে সমগ্ৰ বিষয়টো পৰীক্ষাৰ বাবে অতি শীঘ্ৰে কণ্টেণ্ট মডাৰেশ্যন কাউন্সিল গঠন কৰা হ'ব (Twitter will form content moderation council)। তেওঁ লগতে স্পষ্ট কৰি দিয়ে যে কণ্টেণ্ট মডাৰেশ্যন নীতিত কোনো ধৰণৰ পৰিৱৰ্তন কৰা হোৱা নাই ।

দায়িত্ব লোৱাৰ পাছতে এলন মাস্কে টুইটাৰ ব্যৱহাৰকাৰীসকলক উদ্দেশ্যি কয় যে ভাল সময়বোৰ ঘূৰি আহিবলৈ দিয়ক । সূত্ৰৰ মতে এলন মাস্কে বৰ্তমান অন্তৱৰ্তীকালীন মুখ্য কাৰ্যবাহী বিষয়া হৈ থাকিব যদিও দীৰ্ঘ সময়ৰ বাবে তেওঁ এই পদত নাথাকিব পাৰে ।

ইফালে বৃহস্পতিবাৰে এক বিবৃতিত মাস্কে কৈছিল যে তেওঁ টুইটাৰ অধিগ্ৰহণ কৰাৰ কাৰণ হৈছে সভ্যতাৰ ভৱিষ্যতৰ বাবে এটা উমৈহতীয়া ডিজিটেল টাউন গঠন কৰা, য'ত বিভিন্ন ক্ষেত্ৰৰ লোকে হিংসাৰ আশ্ৰয় নোলোৱাকৈ সুস্থভাৱে বিতৰ্ক কৰিব পাৰে । বৰ্তমান সামাজিক মাধ্যমত বিভিন্ন মহলে অধিক ঘৃণা সৃষ্টি কৰাৰ লগতে সমাজক বিভক্ত কৰাৰ চেষ্টা কৰা বুলিও তেওঁ উল্লেখ কৰে ।

উল্লেখ্য যে দায়িত্ব লোৱাৰ পাছতে এলন মাস্কে বৰ্খাস্ত কৰিছে টুইটাৰৰ পূৰ্বৰ কেইবাজনো বিষয়াক । তেওঁলোকৰ ভিতৰত আছে পূৰ্বৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালা আৰু আন তিনিজন শীৰ্ষ বিষয়া (CEO Parag Agarwal sacked)। অৱশ্যে তেওঁ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল যে টুইটাৰত ৭৫ শতাংশ কৰ্মচাৰীক তেওঁ বৰ্খাস্ত নকৰে ।

লগতে পঢ়ক :Chief Twit Elon Musk: টুইটাৰৰ দায়িত্ব গ্ৰহণ এলন মাস্কৰ, CEO পৰাগ আগৰৱালাক বৰ্খাস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.