ETV Bharat / sports

বক্সিং বিশ্ব কোৱালিফায়াৰৰ কোৱাৰ্টাৰ ফাইনেলত অংকুশিতা বড়ো, ৰাউণ্ড 16 ত প্ৰৱেশ অৰুন্ধতী চৌধুৰীৰ - Boxing World Qualifiers

author img

By ETV Bharat Assamese Team

Published : May 30, 2024, 7:25 AM IST

Paris Olympics 2024 : বেংককত অনুষ্ঠিত পেৰিছ অলিম্পিকৰ বাবে দ্বিতীয় বক্সিং বিশ্ব কোৱালিফায়াৰৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত উপনীত হৈছে অৰুন্ধতী চৌধুৰী ৷ খেলুৱৈগৰাকীয়ে ষ্টিফেনি পিয়েনেইৰোৰ বিৰুদ্ধে আগবঢ়াইছিল প্ৰতিদ্বন্দ্বিতা ৷ আনহাতে, নিশান্ত দেৱে 66 কেজিৰ শাখাত জয় লাভ কৰে ৷

BOXING WORLD QUALIFIERS
বক্সিঙৰ ক্ষেত্ৰত ভাৰতীয় খেলুৱৈৰ উন্নত প্ৰদৰ্শন (File photo of Arundhati Choudhary (BFI Media))

স্প’ৰ্টছ ডেস্ক, 30 মে’: বক্সিঙৰ ক্ষেত্ৰখনৰ প্ৰাক্তন বিশ্ব যুৱ মহিলা চেম্পিয়ন অংকুশিতা বড়ো (60 কেজি) আৰু নিশান্ত দেৱে (71 কেজি) শাখাত সহজ জয় সাব্যস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত নিশ্চিত কৰিছে নিজৰ স্থান ৷ আনহাতে, নেশ্যনেল চেম্পিয়ন অৰুন্ধতী চৌধুৰীয়েও বুধবাৰে থাইলেণ্ডৰ বেংককত অনুষ্ঠিত পেৰিছ অলিম্পিকৰ বাবে বক্সিং ৱৰ্ল্ড কোৱালিফায়াৰৰ 66 কেজিৰ শাখাত জয় লাভ কৰি ৰাউণ্ড অফ 16 লৈ উন্নীত হয় ।

বড়োৱে কাজাখস্তানৰ বক্সাৰ তথা এছিয়ান চেম্পিয়ন ৰিম্মা ভলোচেংকোৰ বিৰুদ্ধে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছিল । কিন্তু ভাৰতীয় বক্সাৰ গৰাকীয়ে প্ৰথম ৰাউণ্ডৰ পৰাই দুৰ্দান্ত প্ৰদৰ্শন অব্যাহত ৰাখি 4-1 ৰ ব্যৱধানত সহজ জয় লাভ কৰে ৷ বক্সিং ফেডাৰেচন অৱ ইণ্ডিয়াই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা এক বিবৃতিত এনেদৰে কয় ।

লগতে পঢ়ক: অলিম্পিকৰ দ্বিতীয় বক্সিং বিশ্ব কোৱালিফায়াৰৰ প্ৰথম ৰাউণ্ডত অসমৰ অংকুশিতা বড়োৰ জয়লাভ - Indian Boxer Ankushita Boro

আনহাতে, বিশ্ব চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক বিজয়ী নিশান্ত দেৱে থাইলেণ্ডৰ পীৰাপত য়েচুংনোনক 5-0 ৰ ব্যৱধানত পৰাস্ত কৰি অন্তিম আঠত উপনীত হয় । দিনটোৰ আৰম্ভণিতে অৰুন্ধতী চৌধুৰীয়ে 66 কেজিৰ শাখাত পুয়েৰ্টো ৰিকোৰ ষ্টিফেনি পাইনেইৰোৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অভিযান । দ্বিতীয় ৰাউণ্ডৰ আৰম্ভণিতে বক্সাৰগৰাকীয়ে কিছু থমকি ৰ’বলগীয়া হয় যদিও শক্তিশালী প্ৰত্যাৱৰ্তনৰে ৰাউণ্ডটো নিজৰ দখললৈ আনে ৷ বক্সাৰগৰাকীয়ে 5-0 ৰ ব্যৱধানত জয় লাভ কৰে ৷

অৱশ্যে, ইকুৱেডৰৰ গেৰলন গিলমাৰ কংগোচালাৰ বিৰুদ্ধে ভাৰতীয় খেলুৱৈয়ে শক্তিশালী যুঁজ দিয়াৰ পিছতো 92+ কেজিৰ শাখাত নৰেন্দ্ৰ বেৰৱালৰ বাবে এয়া এক প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছিল ৷

লগতে পঢ়ক: জাৰ্মানীৰ বিৰুদ্ধে 2-3 গ'লত পৰাস্ত ভাৰতীয় জুনিয়ৰ হকী দল - Hockey India

2022 চনৰ এছিয়ান গেমছৰ ব্ৰঞ্জ পদক বিজয়ী বক্সাৰগৰাকীয়ে প্ৰথমটো ৰাউণ্ড ধীৰ গতিৰে আৰম্ভ কৰে ৷ পৰৱৰ্তী দ্বিতীয় আৰু তৃতীয় ৰাউণ্ডত খেলুৱৈগৰাকীয়ে প্ৰত্যাৱৰ্তন ঘটাই উন্নত প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয় ৷

বৃহস্পতিবাৰে আন এগৰাকী খেলুৱৈ শচীন চিৱাচে 57 কেজিৰ শাখাত তুৰ্কীৰ বাটুহান চিফট্চিৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰাৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায় ৷ আনহাতে, 2022 চনৰ কমনৱেলথৰ স্বৰ্ণ পদক বিজয়ী অমিত পাংঘাল 51 কেজি, সঞ্জিত 92 কেজি আৰু জয়মিনে মহিলাৰ 57 কেজি শাখাৰ প্ৰাথমিক ৰাউণ্ডত বাই লাভ কৰি প্ৰতিযোগিতাখনত অভিযান আৰম্ভ কৰে ৷

লগতে পঢ়ক: 70 বৰ্ষীয় এথলিটৰ সাফল্য : আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৰ্জন 6 টাকৈ সোণৰ পদক - Haryana Elderly Athlete Ramkishan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.