ETV Bharat / bharat

70 বৰ্ষীয় এথলিটৰ সাফল্য : আন্তৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৰ্জন 6 টাকৈ সোণৰ পদক - Haryana Elderly Athlete Ramkishan

author img

By ETV Bharat Assamese Team

Published : May 28, 2024, 10:46 PM IST

Haryana Elderly Athlete Ramkishan Sharma: ৰাষ্ট্ৰীয় এথলেটিকছ চেম্পিয়নশ্বিপত হাৰিয়ানাৰ 70 বছৰীয়া খেলুৱৈৰ চমকপ্ৰদ সফলতা ৷ 22-24 মে'লৈ হায়দৰাবাদৰ গ'চ্চিবাউলি আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা ৷ চাওক সবিশেষ এই প্ৰতিবেদনত ৷

HARYANA ELDERLY ATHLETE RAMKISHAN
হাৰিয়ানাৰ 70 বছৰীয়া খেলুৱৈ ৰামকিষাণ শৰ্মা (Source : Etv Bharat)

নেশ্যনেল ডেস্ক, 28 মে’: বয়স মাথো এটা সংখ্যাহে, ই কেতিয়াও বাধাৰ প্ৰাচীৰ হ’ব নোৱাৰে ৷ আপুনি চাগৈ প্ৰায়ে শুনি আহিছে এইশাৰী বাক্য ৷ আচলতে সফলতা অৰ্জনৰ বাবে কোনো সুনিৰ্দিষ্ট বাট বা বয়স নাথাকে ৷ মনৰ অদম্য হেঁপাহ আৰু দুৰ্বাৰ আকাংক্ষাই সফলতাৰ বাট চমুৱাই অনাত সহায় কৰে ৷

বয়স কেতিয়াও সাফল্য লাভৰ হেঙাৰ নহয় (Source : Etv Bharat)

এগৰাকী প্ৰবীণ দৌৰবিদে নিজৰ অদম্য ইচ্ছাৰ বাবে লাভ কৰিবলৈ সক্ষম হৈছে এই সফলতা ৷ ব্যক্তিগৰাকীৰ নাম হৈছে ৰামকিষণ শৰ্মা ৷ বয়স 70 বছৰ ৷ এই ব্যক্তিগৰাকী জনাজাত মেডেল মেচিন হিচাপে ৷ ব্যক্তিগৰাকীয়ে পুনৰ এবাৰ ক্ৰীড়াক্ষেত্ৰত প্ৰমাণ কৰিলে প্ৰতিভা ৷

লগতে পঢ়ক: বিৰাট কোহলীৰ নামত আই পি এলৰ অৰেঞ্জ কেপৰ খিতাপ - IPL 2024

শেহতীয়াকৈ হায়দৰাবাদত অনুষ্ঠিত ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত হাৰিয়ানাক প্ৰতিনিধিত্ব কৰি খেলুৱৈগৰাকীয়ে অৰ্জন কৰিছে 6 টাকৈ সোণৰ পদক ৷ বিগত সাত বছৰত তেওঁ দেশ-বিদেশৰ ক্ৰীড়াক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে ৷ আনকি 70 বছৰ বয়সতো এগৰাকী তৰুণৰ দৰেই নিজকে ফিট ৰাখিছে ৰামকিষণ শৰ্মাই ৷

বৰধাত বাস কৰা 70 বছৰীয়া ৰামকিষাণ শৰ্মাই প্ৰায় 7 বছৰ আগতে আৰম্ভ কৰিছিল তেওঁৰ এই ক্ৰীড়া যাত্ৰা । তেতিয়াৰে পৰা নিৰন্তৰভাৱে খেলুৱৈগৰাকীয়ে ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সফলতা অৰ্জন কৰে ৷

লগতে পঢ়ক: এছিয়ান ছিনিয়ৰ চেম্পিয়নশ্বিপত স্বৰ্ণ জয়েৰে ইতিহাস ৰচিলে ভাৰতীয় জিমনাষ্ট দীপা কৰ্মকাৰে - Dipa Karmakar Wins Gold

তাৎপৰ্যপূৰ্ণ যে, খেলুৱৈগৰাকীয়ে যি প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰে, তাতেই লাভ কৰে পদক ৷ যাৰ বাবে তেওঁ এতিয়া জনাজাত মেডেল মেচিন হিচাপে ৷ কেতিয়াও খালী হাতেৰে উভতি আহিবলগীয়া নোহোৱা খেলুৱৈগৰাকী আজি হৈ পৰিছে আন দহগৰাকীৰ আদৰ্শ ।

ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত ৬ টা স্বৰ্ণ জয় : হায়দৰাবাদৰ গ'চ্চিবাউলি আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত 22-24 মে’লৈ অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতা । হাৰিয়ানাক প্ৰতিনিধিত্ব কৰি বৰ্ষীয়ান খেলুৱৈ ৰামকিষাণ শৰ্মাই এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন ৰাজ্য যেনে- শ্ৰীলংকা আৰু বাংলাদেশৰ খেলুৱৈসকলক পৰাস্ত কৰে । নিজৰ জয় যাত্ৰা অব্যাহত ৰাখি খেলুৱৈগৰাকীয়ে প্ৰতিযোগিতাখনত জিকিবলৈ সক্ষম হয় 6 টাকৈ সোণৰ পদক ৷

লগতে পঢ়ক: বিশ্বকাপৰ পৰা খালী হাতেৰে উভতিল আৰ্চাৰ দীপিকা কুমাৰী - ARCHERY WORLD CUP STAGE 2

প্ৰাপ্ত তথ্য অনুসৰি, খেলুৱৈগৰাকীয়ে ক্ৰমে 60 মিটাৰ দৌৰ, 100 মিটাৰ দৌৰ, 80 মিটাৰ হৰ্ডলছ, লং জাম্প আৰু 200 মিটাৰ দৌৰত লাভ কৰে প্ৰথম স্থান ৷ প্ৰতিযোগিতাৰ অন্তত গৃহচহৰ বৰধাত উপস্থিত হোৱা খেলুৱৈগৰাকীক স্থানীয় লোকে উষ্ম আদৰণি জনায় ৷

ৰামকিষাণ শৰ্মাই এতিয়ালৈকে মুঠ 236 টা পদক জিকিছে । তেওঁ বৰ্তমানলৈকে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত 6 টা সোণৰ পদক, ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত 122 টা স্বৰ্ণ, 23 টা ৰূপ, 5 টা ব্ৰঞ্জ আৰু 80 টা সোণৰ পদক লাভ কৰিছে ।

লগতে পঢ়ক: আই পি এলৰ ইতিহাসত তিনিটা বা ততোধিক খিতাপ লাভ কৰা তৃতীয়টো দলত পৰিণত কে কে আৰ - Kolkata Knight Riders

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.