ETV Bharat / sports

বিৰাট কোহলীৰ নামত আই পি এলৰ অৰেঞ্জ কেপৰ খিতাপ - IPL 2024

author img

By ETV Bharat Assamese Team

Published : May 27, 2024, 1:27 PM IST

IPL 2024 Final: তৃতীয়বাৰৰ বাবে আই পি এলৰ খিতাপ দখল কলকাতা নাইট ৰাইডাৰ্ছৰ । গোটেই ছিজনটোত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে কেইগৰাকীমান খেলুৱৈক পুৰস্কৃত কৰা হৈছে । কোনে পালে ইমাৰ্জিং প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট বঁটা ?

IPL 2024 Final
এই ৩ গৰাকী খেলুৱৈ লৈ আইপিএল ২০২৪ ছিজনৰ বিশেষ বঁটা (ANI and IANS PHOTOS)

স্প’ৰ্টছ ডেস্ক, ২৭ মে': নতুন নতুন অভিলেখৰ সৈতে সমাপ্ত হ'ল আই পি এল ২০২৪ ছিজন । প্ৰতি বছৰে আই পি এলত ভাৰতৰ নতুন প্ৰতিভা ওলাই আহে । এই বছৰো ভাৰতৰ কিছুমান আনকেপড খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰি ভাৰতীয় দলৰ দুৱাৰত টোকৰ মাৰিছে । এই বছৰ হায়দৰাবাদ বনাম কলকাতাৰ মাজত অনুষ্ঠিত চূড়ান্ত খেলখনত কলকাতাই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ।

নীতিশ ৰেড্ডীক ইমাৰ্জিং প্লেয়াৰ অফ দ্য ছিজন খিতাপ

আই পি এল ২০২৪ ৰ এই ছিজনত, ইমাৰ্জিং প্লেয়াৰ অফ দ্য ছিজনৰ খিতাপ নীতিশ ৰেড্ডীক প্ৰদান কৰা হয় । হায়দৰাবাদৰ খেলুৱৈজনে এই বছৰ বহুতো গুৰুত্বপূৰ্ণ ইনিংছ খেলিছে । ৰেড্ডীয়ে এই ছিজনত ৩৩.৬৭ গড়ে আৰু ১৪২.৯ ষ্ট্ৰাইক ৰেটৰ সৈতে ৩০৩ ৰাণ সংগ্ৰহ কৰিছে । খেলুৱৈগৰাকীয়ে এই ছিজনত দুটা অৰ্ধ-শতক কৰিছে । ৰাজস্থানৰ বিৰুদ্ধে কোৱালিফায়াৰ-২ ত ৰেড্ডীয়ে ৪২ টা বলত ৭৬ ৰাণ সংগ্ৰহ কৰে । য'ত ৮ টা ছিক্সাৰ অন্তৰ্ভুক্ত আছে ।

নীতিশ ৰেড্ডীক তেওঁৰ প্ৰদৰ্শনৰ ভিত্তিত ইমাৰ্জিং প্লেয়াৰ অফ দ্য মেচ বঁটাও প্ৰদান কৰা হয় । ক্ৰিকেটত তেওঁৰ প্ৰদৰ্শনৰ ভিত্তিত উদীয়মান আনকেপড খেলুৱৈজনক এই বঁটা প্ৰদান কৰা হয় । ৰেড্ডীয়ে ১০ লাখ টকাৰ পুৰস্কাৰ লাভ কৰে ।

কোহলীক অ'ৰেঞ্জ কেপৰ বঁটা

বিৰাট কোহলীক তেওঁৰ শ্ৰেষ্ঠ বেটিং প্ৰদৰ্শনৰ আধাৰত এই বছৰ অ'ৰেঞ্জ কেপ হল্ডাৰ (Orange Cap holder) আছিল । কোহলীয়ে এই ছিজনত ১৫ খন আই পি এল মেচত ৭৪১ ৰাণ সংগ্ৰহ কৰে । যাৰ ভিতৰত আছে এটা শতক আৰু ৫ টা অৰ্ধ-শতক ।

ৰাজস্থানৰ বিৰুদ্ধে কোহলীয়ে অপৰাজিত ১১৩ ৰাণ সংগ্ৰহ কৰিছিল । ৰাণৰ ক্ষেত্ৰত বিৰাট কোহলীৰ ওচৰত কোনো খেলুৱৈ নাই । ৰুতুৰাজ গায়কৱাড়ে এই ছিজনত ৫৮৩ ৰাণৰ সৈতে দ্বিতীয় স্থানত আছিল । কোহলীয়ে পুৰস্কাৰ হিচাপে ১০ লাখ টকা লাভ কৰে ।

হৰ্ষল পেটেলক ছিজনৰ শ্ৰেষ্ঠ বলাৰৰ বঁটা

হৰ্ষল পেটেলক পাৰ্পল কেপৰ (Purple Cap) বঁটা প্ৰদান কৰা হৈছিল । হৰ্ষল পেটেলে এই বছৰ ১৪ খন খেলত ২৪ টা উইকেট দখল কৰিছে । যিটো এই আই পি এল ছিজনত এজন বলাৰৰ আটাইতকৈ বেছি উইকেট । তেওঁৰ পিচত কলকাতাৰ বৰুণ চক্ৰৱৰ্তীয়ে ২১ টা উইকেট লাভ কৰি দ্বিতীয় স্থানত আছে । একে সময়তে হৰ্ষল পেটেলক পাৰ্পল কেপৰ বঁটা হিচাপে ১০ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হয় ।

লগতে পঢ়ক :গম্ভীৰ-অভিষেক নায়াৰলৈ কে কে আৰৰ বিজয়ৰ কৃতিত্ব - IPL 2024
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.