অসম

assam

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

By

Published : Sep 21, 2021, 5:02 PM IST

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি
পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি

1.তৃতীয়বাৰলৈ কানাডাৰ প্ৰধানমন্ত্ৰীৰ আসনত Justin Trudeau

সোমবাৰৰ সংসদীয় নিৰ্বাচনত কানাডিয়ানসকলে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ লিবাৰেল পাৰ্টিক পুনৰ বিজয় প্ৰদান কৰে ৷ কিন্তু একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ দৰে দলটোৱে নিৰংকুশ সংখ্যা গৰিষ্ঠ আসন লাভ কৰাৰ পৰা বঞ্চিত হয় ৷ দলটোৱে আসন লাভৰ সকলো ৰেকৰ্ড ভংগ কৰাৰ পথত আছিল ।

2.নলবাৰীত তথাকথিত সাংবাদিককে ধৰি আটক দহটাকৈ ভূ-মাফিয়া

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ নলবাৰীতো চলিল ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান ৷ সোমবাৰে নিশা জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে কৰায়ত্ত কৰিলে এই অবৈধ কাৰ্যত জড়িত এজনৰ পিছত সিজন লোকক ৷ আৰক্ষীয়ে প্ৰায় 100 জনীয়া ভূ-মাফিয়াৰ তালিকা প্ৰস্তুত কৰি আৰম্ভ কৰে অভিযানটো ৷ এশজনীয়া তালিকাখনৰ প্ৰায় দহগৰাকী ভিন্ন পেছাৰ ব্যক্তি ধৰা পৰে আৰক্ষীৰ হাতত ৷

3.কোনো কাৰ্যালয়তে এতিয়াৰে পৰা নাথাকিব দালাল : মুখ্যমন্ত্ৰী

অসমত একে নিশাই ৪৫৩ জন মাটিৰ দালালক গ্ৰেপ্তাৰ । বৰ্তমান ৭০০ জনৰ মাটিৰ দালালৰ তালিকা আছে অসম আৰক্ষীৰ হাতত । বাকী থকা দালালকো মঙলবাৰৰ ভিতৰত গ্ৰেপ্তাৰ কৰা সম্ভাৱনা আছে ৷ এই কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

4.ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে শোণিতপুৰ জিলাতো ১২ টা মাটিৰ দালাল আটক

সোমবাৰে নিশা অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই মুঠ 443 টা দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে শোণিতপুৰ জিলাটো মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই 12 গৰাকী লোকক আৰক্ষীয়ে সোধ-পোচৰ বাবে তেজপুৰ আৰক্ষীয়ে আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা কেইগৰাকী হৈছে ক্ৰমে দ্বিপেন ফুকন, মনোজ বৰ্মন , ৰাজা বাবু পটংগীয়া, অপু বৰুৱা , হেমেন বৰা, শিৱানন্দ গগৈ, গুণকান্ত পটংগীয়া ৷

5.যোৰহাটত আটক 15 টা মাটিৰ দালাল

মাটিৰ দালালৰ বিৰুদ্ধে তৎপৰ হৈছে যোৰহাট আৰক্ষী ৷ দালালি কৰাৰ অভিযোগত 15 টা দালালক আটক যোৰহাট আৰক্ষীৰ ৷ যোৰহাট আৰক্ষীৰ হাতত পৰিছে প্ৰায় ৬০ জনীয়া মাটি দালালৰ লিষ্ট ৷ দালালিৰ বিৰুদ্ধে ২০৩০/২১ নম্বৰত গোচৰ ৰুজু কৰিছে যোৰহাট আৰক্ষীয়ে ৷ ৪২০/৪৬৯/৪৭৭/৪০৬/৩৪ IPC ধাৰাৰ অধীনত ৰুজু কৰা হৈছে এই গোচৰ ৷

6.ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে সৰ্বানন্দ সোণোৱালৰ মনোনয়ন দাখিল

মনোনয়ন দাখিলৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । মিত্ৰদল অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োও উপস্থিত আছিল ।

7.কামৰূপ জিলা আৰক্ষীৰ জালত মাটিৰ দালাল

ড্ৰাগছৰ পিছত এইবাৰ মাটিৰ দালালৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰাজ বন্ধ হোৱাৰ কথা ঘোষণা কৰাৰ পাছতেই অসম আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে এই অভিযান । সোমবাৰে নিশা মাটিৰ দালালৰ বিৰুদ্ধে কামৰূপ জিলাত আৰক্ষীয়ে জোৰদাৰ অভিযান চলায় । কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদৰ নেতৃত্বত এটা দলে অভিযান চলাই শুৱালকুছি, মদনপুৰ, জয়গুৰু, মান্দাকাটাৰ পৰা কেইবাটাও দালালক সোধপোছৰ বাবে আটক কৰে ।

8.বৰাগাঁৱত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰে দীপৰ বিলক প্ৰদূষিত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

মহানগৰীত ডাম্পিং গ্ৰাউণ্ড স্থাপন সাম্প্ৰতিক সময়ৰ এক জটিল সমস্যাৰূপে ঠিয় হৈছে ৷ বিগত কিছুদিনৰ পৰিস্থিতি লক্ষ্য কৰিলে মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনক লৈ প্ৰতিবাদ অব্যাহত থকা দেখা যায় ৷ ইয়াৰ পিছতে আকৌ প্ৰতিবাদ আৰম্ভ হৈছে বৰগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থাপনক কেন্দ্ৰ কৰি ৷ শেহতীয়াকৈ বৰাগাঁৱৰ নতুন ভূমিত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাত ভাবুকি নামি আহিছে দীপৰ বিলৰ প্ৰতি ৷

9.বৰপেটাত আটক ৪২ জন ভূ-মাফিয়াক

দালাল চক্ৰৰ বিৰুদ্ধে বৰপেটাত আৰক্ষীৰ অভিযান ৷ বৰপেটা আৰক্ষীয়ে সোমবাৰে নিশাৰ পৰা এতিয়ালৈকে মুঠ 42 জন ভূ-মাফিয়াক কাৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৷

10.পূজাত সাংস্কৃতিক অনুষ্ঠান বাতিল কৰাত বিপাঙত যাত্ৰাদল

দুৰ্গাপূজা সমাগত ৷ কিন্তু এইবাৰ দুৰ্গাপূজাত বন্ধ কৰা হৈছে সাংস্কৃতিক অনুষ্ঠান । যাৰ ফলশ্ৰুতিত এতিয়া বিপাঙত পৰিছে ৰাজ্যৰ পঞ্চল্লিশতা যাত্ৰা দলৰ প্ৰযোজক তথা শিল্পী আৰু কলা-কুশলী ।

ABOUT THE AUTHOR

...view details