ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে শোণিতপুৰ জিলাতো ১২ টা মাটিৰ দালাল আটক

By

Published : Sep 21, 2021, 3:54 PM IST

thumbnail

ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই ৰাজ্যৰ পৰা দালাল ৰাজ উৎখাত কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বিগত কিছুদিন পূৰ্ৱে ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়া সকলক ৰাজহ চক্ৰ কাৰ্যালয়ত দীৰ্ঘদিনৰ পৰা চলি থকা দালালৰাজ উৎখাত কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ তাৰ সমান্তৰালভাৱে অসম আৰক্ষীক দালালক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সোমবাৰে নিশা অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই মুঠ 443 টা দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে শোণিতপুৰ জিলাটো মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই 12 গৰাকী লোকক আৰক্ষীয়ে সোধ-পোচৰ বাবে তেজপুৰ আৰক্ষীয়ে আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা কেইগৰাকী হৈছে ক্ৰমে দ্বিপেন ফুকন, মনোজ বৰ্মন , ৰাজা বাবু পটংগীয়া, অপু বৰুৱা , হেমেন বৰা, শিৱানন্দ গগৈ, গুণকান্ত পটংগীয়া ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.