কোনো কাৰ্যালয়তে এতিয়াৰে পৰা নাথাকিব দালাল : মুখ্যমন্ত্ৰী

author img

By

Published : Sep 21, 2021, 4:40 PM IST

landbroker arrested

অসমত একে নিশাই ৪৫৩ জন মাটিৰ দালালক গ্ৰেপ্তাৰ । বৰ্তমান ৭০০ জনৰ মাটিৰ দালালৰ তালিকা আছে অসম আৰক্ষীৰ হাতত । বাকী থকা দালালকো মঙলবাৰৰ ভিতৰত গ্ৰেপ্তাৰ কৰা সম্ভাৱনা আছে ৷ এই কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

গুৱাহাটী, ২১ ছেপ্টেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে এইবাৰ মাটিৰ দালালৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে ৷ সোমবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত আৰক্ষীয়ে অভিযান চলাই ৪৫৩ জন মাটিৰ দালালক গ্ৰেপ্তাৰ কৰে ।

কোনো কাৰ্যালয়তে এতিয়াৰে পৰা নাথাকিব দালাল তথ্য মধ্যভোগী

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, কোনো কাৰ্যালয়তে এতিয়াৰে পৰা নাথাকিব দালাল তথা মধ্যভোগী । যোৱানিশা ৰাজ্যত অভিযান চলাই ৪৫৩ জন মাটিৰ দালালক ধৰা হৈছে ৷ বৰ্তমান অসম আৰক্ষীৰ হাতত ৭০০ জনৰ মাটি দালালৰ তালিকা আছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: নলবাৰীত তথাকথিত সাংবাদিককে ধৰি আটক দহটাকৈ ভূ-মাফিয়া

‘‘বাকী থকা দালালকো মঙলবাৰে বিয়লি বেলালৈ ধৰা হ'ব । আজি আমি মানুহখিনিক ৰাইজৰ নজৰলৈ আনিছো । আমি যদি বেছি খান্দিব যাওঁ তেন্তে বহু আন আন মানুহৰ নাম ওলাব । যাৰ বাবে মই বিশেষভাৱে চৰকাৰী বিষয়াসকলক অনুৰোধ জনাম যাতে এনেধৰণৰ লোকসকলক প্ৰশ্ৰয় নিদিয়ে ।’’ সাংবাদিকৰ আগত এইদৰে কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

চৰকাৰী বিষয়াসকলক চৰকাৰী কাৰ্যালয়সমূহ মধ্যভোগীৰ পৰা মুক্ত কৰাৰ আহ্বান জনাই ৰাইজকো দুদিন দেৰি হ’লেও দালালৰ সহায় লৈ কাম নকৰিবলৈ অনুৰোধ জনাই মুখ্যমন্ত্ৰীয়ে । তেওঁ কয়, মৃত্যুৰ চাৰ্টিফিকেট উলিয়াবলৈও টকা দিব লাগে, গতিকে শীঘ্ৰেই এই ব্যৱস্থা শেষ কৰিব লাগিব ।

এনে পৰিৱেশত অসমখন কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব । এই পৰিৱেশৰ অৱসান ঘটাবই লাগিব । কোনো থানাত, ডি টি অ' অফিচ, ডি চি অফিচ আদিত কোনো কাৰ্যালয়তে দালাল থাকিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

লগতে পঢ়ক: কামৰূপ জিলা আৰক্ষীৰ জালত মাটিৰ দালাল

উল্লেখ যে, গ্ৰেপ্তাৰ কৰা মাটিৰ দালালসকলৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ ২২ জন, কামৰূপ গ্ৰাম্য জিলাৰ ৫২ জন, পাটাছাৰকুছি থানাত ১৮ জন নলবাৰীত ২০ জন, ডিব্ৰুগড়ত ১৮ জন, বৰপেটাত ৬ জন, বঙাইগাঁৱত ১৪ জন, যোৰহাটত ৯ জন, লখিমপুৰত ১৩ জন, ধুবুৰীত ৮ জন আৰু বিশ্বনাথত ১৪ জন মাটিৰ দাদালক গ্ৰেপ্তাৰ কৰা হৈছে ।

ধৃত মাটিৰ দালাল কেইজনক আৰক্ষীয়ে সোধ-পোচ অব্যাহত ৰাখিছে । ধৃত দালালৰ মাজত বহু সম্ভ্ৰান্ত পৰিয়ালৰ লোকো আছে বুলি জানিব পৰা গৈছে । ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত লোকো মাটিৰ দালালৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ।

লগতে পঢ়ক: বৰপেটাত আটক ৪২ জন ভূ-মাফিয়াক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.