বৰপেটাত আটক ৪২ জন ভূ-মাফিয়াক

author img

By

Published : Sep 21, 2021, 1:03 PM IST

42 land broker arrested

দালাল চক্ৰৰ বিৰুদ্ধে বৰপেটাত আৰক্ষীৰ অভিযান ৷ বৰপেটা আৰক্ষীয়ে সোমবাৰে নিশাৰ পৰা এতিয়ালৈকে মুঠ 42 জন ভূ-মাফিয়াক কাৰায়ত্ব কৰিবলৈ সক্ষম হৈছে ৷

বৰপেটা, ২১ ছেপ্তেম্বৰ : ৰাজ্যক অপৰাধমুক্ত কৰিবলৈ অব্যাহত আছে আৰক্ষীৰ অভিযান ৷ এইবাৰ নিচাজাতীয় সামগ্ৰা অথবা চোৰাং ব্যৱসাসীয়ৰ বিৰুদ্ধে নহয় এইবাৰ ৰাজ্যত চলিছে মাটিৰ দালালৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান । বৰপেটাত একেদিনাই আৰক্ষীৰ জালত পৰিল 42 জন ভূ-মাফিয়া ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দালাল চক্ৰৰ বিৰুদ্ধে কঠোৰ হ’বলৈ অসম আৰক্ষীক নিৰ্দেশনা প্ৰদানৰ পাচতেই আৰু অধিক তৎপৰ হৈ পৰিছে অসম আৰক্ষী ৷

বৰপেটাত আটক ৪২ জন ভূ-মাফিয়াক

সোমবাৰে নিশা দালাল চক্ৰৰ বিৰুদ্ধে অভিযান চলায় বৰপেটা আৰক্ষীয়ে ৷ সোমবাৰে নিশাৰ পৰা এতিয়ালৈকে মুঠ 42 জন ভূ-মাফিয়াক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে বৰপেটা আৰক্ষীয়ে ৷ বৰপেটা, বৰপেটাৰোড, হাউলী, সৰভোগ, কলগাছিয়া, সৰ্থেবাৰী আৰু বহৰিস্থিত তাৰাবাৰী আৰক্ষীৰ জালত পৰিছে ৪২ জন ভূ-মাফিয়া ৷

লগতে পঢ়ক: ধেমাজিত ডি এল এডৰ পৰীক্ষা দিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল পৰীক্ষাৰ্থী

প্ৰাপ্ত তথ্য অনুসৰি, বৰপেটা আৰক্ষীয়ে সোমবাৰে নিশা বৰপেটা চহৰৰ পৰা ৮ জনকৈ ভূ-মাফিয়াক আটক কৰিবলৈ সক্ষম হয় ৷ বৰপেটা আৰক্ষীয়ে আটক কৰা লোক কেইজন হ'ল ক্ৰমে লাবেন দাস, বসন্ত দাস, জগন্নাথ দাস, নৃপেন দাস, ধ্ৰুৱ দাস, গোবিন্দ দাস, ৰমেন দাস আৰু জিতেন দাস ৷

উল্লেখ্য যে, এই পৰ্যন্ত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে সংবাদমাধ্যমক এই সন্দৰ্ভত কোনো তথ্যই অৱগত কৰা নাই ৷ অৱশ্যে এই ভূ-মাফিয়াৰ আটক সন্দৰ্ভত মত প্ৰকাশ কৰিছে স্থানীয় একাংশ লোকে ৷ স্থানীয় ৰাইজৰ মতে, দালাল সন্দৰ্ভত কেৱল পুঠি-খলিহনা ধৰিয়েই শান্ত নহৈ অসম আৰক্ষীয়ে কাৰায়ত্ব কৰক দাদাল চক্ৰৰ ৰৌ-বৰালিক ৷

লগতে পঢ়ক: বোকাজানত ড্ৰাগছসহ আটক মণিপুৰী নাগা দম্পতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.