নলবাৰীত তথাকথিত সাংবাদিককে ধৰি আটক দহটাকৈ ভূ-মাফিয়া

author img

By

Published : Sep 21, 2021, 2:27 PM IST

nalbari police station

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ নলবাৰীতো চলিল ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান ৷ সোমবাৰে নিশা জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে কৰায়ত্ত কৰিলে এই অবৈধ কাৰ্যত জড়িত এজনৰ পিছত সিজন লোকক ৷ আৰক্ষীয়ে প্ৰায় 100 জনীয়া ভূ-মাফিয়াৰ তালিকা প্ৰস্তুত কৰি আৰম্ভ কৰে অভিযানটো ৷ এশজনীয়া তালিকাখনৰ প্ৰায় দহগৰাকী ভিন্ন পেছাৰ ব্যক্তি ধৰা পৰে আৰক্ষীৰ হাতত ৷

নলবাৰী, 21 ছেপ্তেম্বৰ : এটাৰ পিছত এটাকৈ অপৰাধৰ ঘাটিত হাতোৰা পৰিছে অসম আৰক্ষীৰ ৷ অপৰাধ নিৰ্মূল কৰাটো যেন একপ্ৰকাৰ পণ হিচাপেহে গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ পূৰ্বে ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান চলাৰ পিছত অসম আৰক্ষীয়ে পিছ লৈছে ভূ-মাফিয়াৰ ৷ তাৰে পৰিণতিত সোমবাৰৰ নিশাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিল মাটিৰ দালালৰাজ উৎখাতৰ বিৰুদ্ধে অভিযান ৷ অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ নিশাৰ অন্ধকাৰত মুখা খোল খালে বহুলোকৰ ৷

সাংবাদিককে ধৰি আটক দহগৰাকী ভূ-মাফিয়া

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ নলবাৰীতো চলিল ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান ৷ সোমবাৰে নিশা জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে কৰায়ত্ত কৰিলে এই অবৈধ কাৰ্যত জড়িত এজনৰ পিছত সিজন লোকক ৷ আৰক্ষীয়ে প্ৰায় 100 জনীয়া ভূ-মাফিয়াৰ তালিকা প্ৰস্তুত কৰি আৰম্ভ কৰে অভিযানটো ৷ এশজনীয়া তালিকাখনৰ প্ৰায় দহজন ভিন্ন পেছাৰ ব্যক্তি ধৰা পৰে আৰক্ষীৰ হাতত ৷ নলবাৰী আৰক্ষীৰ জালত পৰা লোকসকলৰ মাজৰ পৰা সাৰি নগ’ল তথাকথিত সাংবাদিকৰ লগতে নামী ব্যৱসায়ী, লাট মণ্ডল আদিও ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে একপ্ৰকাৰ সকীয়নি প্ৰদান কৰি কৈছিল যে, দালালৰ সলনি মাটি-বাৰী সম্পৰ্কীয় সকলো কাম-কাজ ৰাজহ চক্ৰ বিষয়াই কৰাতো মুখ্যমন্ত্ৰীগৰাকীয়ে বিচাৰে ৷ মুখ্যমন্ত্ৰী শৰ্মাই য’তে দালাল দেখিব তাৰে পৰা থপিয়াই আনিব বুলিও সাৱধানবাণী শুনাইছিল ৷ অৰ্থাৎ এক কথাত ক’বলৈ গ’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ভূ-মাফিয়া অথবা দালাল চক্ৰক উৎখাত কৰিবলৈ কিছুদিন পূৰ্বৰে পৰা পৰিকল্পনা প্ৰস্তুত কৰিছিল ৷

নলবাৰীত তথাকথিত সাংবাদিককে ধৰি আটক দহগৰাকী ভূ-মাফিয়া
আটকাধীন লাট মণ্ডল চক্ৰ কলিতা

মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে নলবাৰী আৰক্ষীয়ে সোমবাৰে নিশা কেইবাটাও গোটত ভাগ হৈ চলাই এই অভিযান ৷ এই অভিযান নলবাৰী আৰক্ষীয়ে আটক কৰে তথাকথিত সাংবাদিক সঞ্জয় জৈনৰ লগতে নলবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাট মণ্ডল চক্ৰ কলিতা, ব্যৱসায়ী অজয় জৈন, মুকেশ আগৰৱালা, দাদুল আহমেদ, অনিল জৈন আৰু চহৰখনৰ মাজমজিয়াত থকা কৃষ্ণ ফাৰ্মাচীৰ স্বত্বাধিকাৰীক ৷

বৰ্তমানলৈকে ঘটনা সন্দৰ্ভত মুখ খোলাৰ পৰা বিৰত আছে আৰক্ষী ৷ সম্প্ৰতি নলবাৰী থানাতে ৰখা হৈছে আটকাধীন দালালকেইটাক ৷ অচিৰে এই এশজনীয়া তালিকাত নাম সন্নিৱিষ্ট অন্যান্য লোকসকলৰ লগতে চহৰখনৰ বহু ৰৌ-বৰালী আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে ৷

লগতে চাওক: বৰাগাঁৱত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰে দীপৰ বিলক প্ৰদূষিত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.