বৰাগাঁৱত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰে দীপৰ বিলক প্ৰদূষিত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Sep 21, 2021, 1:31 PM IST

Protest against polluting Dipor bil by setting up dumping ground in Baragaon guwahati assam etv bharat news

মহানগৰীত ডাম্পিং গ্ৰাউণ্ড স্থাপন সাম্প্ৰতিক সময়ৰ এক জটিল সমস্যাৰূপে ঠিয় হৈছে ৷ বিগত কিছুদিনৰ পৰিস্থিতি লক্ষ্য কৰিলে মহানগৰীৰ সমীপৰ চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনক লৈ প্ৰতিবাদ অব্যাহত থকা দেখা যায় ৷ ইয়াৰ পিছতে আকৌ প্ৰতিবাদ আৰম্ভ হৈছে বৰগাঁৱৰ ডাম্পিং গ্ৰাউণ্ড স্থাপনক কেন্দ্ৰ কৰি ৷ শেহতীয়াকৈ বৰাগাঁৱৰ নতুন ভূমিত ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰাত ভাবুকি নামি আহিছে দীপৰ বিলৰ প্ৰতি ৷

গুৱাহাটী, 21 ছেপ্তেম্বৰ : মহানগৰীৰ বৰাগাঁৱৰ পূৰ্বৰ ডাম্পিং এলেকাৰ পৰা প্ৰায় ৫০০ মিটাৰ আঁতৰত থকা হাউচফেডৰ মাটিত পুনৰ ডাম্পিং গ্ৰাউণ্ড আৰম্ভ কৰিছে জিএমচিয়ে ৷ প্ৰায় প্ৰতিদিনে সমগ্ৰ গুৱাহাটীৰ জাৱৰ প্ৰায় ৮০ খন বাহনেৰে পেলায় অহা হৈছে উক্ত স্থানত ৷ উৎসতে জাৱৰ পৃথকীকৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰি যধে-মধে পেলাই অহাৰ ফলত সমগ্ৰ অঞ্চলজুৰি প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে ৷ সমান্তৰালকৈ এই প্ৰদূষণে ভাবুকি কঢ়িয়াই আনিছে দীপৰ বিলৰ প্ৰতিও ৷

Protest against polluting Dipor bil by setting up dumping ground in Baragaon guwahati assam etv bharat news
মহানগৰীৰ সেউজীয়াৰ প্ৰতি নামিছে ভাবুকি

পূৰ্বতে প্ৰায় ২৩০ বিধতকৈ অধিক পৰিভ্ৰমী আৰু থলুৱা পক্ষীৰ কলৰৱৰে মুখৰিত হৈ থকা দীপৰ বিলত ২০০৬-২০০৭ চনত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ পিছৰে পৰা প্ৰায় ৬৮ বিধ পক্ষী বিললৈ অহা বুলি স্থানীয় লোকে প্ৰকাশ কৰিছে ৷ দীপৰ বিল সংযোগী পামহী কেনেলৰ দাঁতিত গুৱাহাটী পৌৰ নিগমে (GMC) প্ৰায় ৪০ দিন পূৰ্বে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰে ৷

Protest against polluting Dipor bil by setting up dumping ground in Baragaon guwahati assam etv bharat news
দীপৰ বিলক প্ৰদূষিত কৰাৰ বিৰুদ্ধে প্ৰতিবাদ

তাৰপিছৰে পৰা গুৱাহাটী মহানগৰীৰ দূষিত আৱৰ্জনা পেলোৱাক লৈ দীপৰ বিলৰ দুয়োপাৰে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ১৬ খনকৈ গাঁৱৰ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

জিএমচিৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ১৯ ছেপ্তেম্বৰৰ বিয়লি পশ্চিম বৰাগাঁও দূৰ্গা মন্দিৰত পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ উদ্যোগত এখন বৃহৎ প্ৰতিবাদী সভা অনুষ্ঠিত হয় ৷ পশ্চিম গুৱাহাটী সচেতন নাগৰিক মঞ্চৰ সভাপতি তৰুণ বৰগোঁহাইৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে মঞ্চৰ সম্পাদক তৰুণ চন্দ্ৰ তালুকদাৰে ৷

Protest against polluting Dipor bil by setting up dumping ground in Baragaon guwahati assam etv bharat news
হাউচফেডৰ মাটিত পুনৰ ডাম্পিং গ্ৰাউণ্ড আৰম্ভ জিএমচিৰ

সভাত চকৰদৌ, দেউচতাল, পামহী, ধলবামা, মইনাখোৰোং, গড়চুক, পশ্চিম বৰাগাঁও, পূৱ বৰাগাঁও, মাঘুৱাপাৰা আদি অঞ্চলৰ পুৰুষ-মহিলাকে ধৰি তিনি শতাধিক লোক উপস্থিত থাকে । আনহাতে, সভাত জিএমচিৰ প্ৰাক্তন কাউন্সিলাৰ দেৱজিৎ ৰাজবংশী, প্ৰদীপ কলিতা, সুশীল টেৰণ, প্ৰমোদ কলিতা, ভূমিধৰ দাসকে ধৰি কেইবাজনো বক্তাই ভাষণ প্ৰসংগত কোনো কাৰণতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ নিৰ্দেশ উলংঘা কৰি পৰিৱেশ সংৰক্ষণৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি পুনৰ দীপৰ বিলৰ আশে-পাশে স্থায়ীভাৱে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰিবলৈ দিয়া নহ’ব বুলি হুংকাৰ প্ৰদান কৰে ৷

Protest against polluting Dipor bil by setting up dumping ground in Baragaon guwahati assam etv bharat news
মহানগৰীত ডাম্পিং গ্ৰাউণ্ড স্থাপন সাম্প্ৰতিক সময়ৰ এক জটিল সমস্যা

আনকি চৰকাৰে যদি অতি শীঘ্ৰে ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল নকৰে বা উক্ত এলেকাৰ পৰা স্থানান্তৰ নকৰে, তেন্তে আগন্তুক সময়ত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ ৰাইজৰ ৷

Protest against polluting Dipor bil by setting up dumping ground in Baragaon guwahati assam etv bharat news
সজাগতা সভাৰে প্ৰতিবাদ

উল্লেখ্য যে, বিগত প্ৰায় ছসপ্তাহ ধৰি বিলখনৰ পৰা কিছু নিলগৰ পশ্চিম বৰাগাঁৱৰ বেলৰতলত হাউচফেডৰ মাটিত জিএমচিয়ে দীপৰ বিল সংযোগী পামহী কেনেলত আৱৰ্জনা পেলাই আহিছে ৷ ফলত পূৰ্বতকৈ দীপৰ বিলৰ পানী অধিক প্ৰদূষিত হোৱাৰ দিশে গতি কৰিছে ৷ আনহাতে, এই সভা চলি থকাৰ মাজতে ডাম্পিং গ্ৰাউণ্ড পৰিদৰ্শন কৰিবলৈ আহে জিএমচিৰ আয়ুক্ত দেৱাশীষ শৰ্মা ৷

Protest against polluting Dipor bil by setting up dumping ground in Baragaon guwahati assam etv bharat news
ডাম্পিং গ্ৰাউণ্ড স্থাপনক লৈ প্ৰতিবাদ অব্যাহত

ততালিকে মঞ্চৰ সাংগঠনিক সম্পাদক প্ৰমোদ কলিতাৰ নেতৃত্বত এটা দলে আয়ুক্তগৰাকীক সাক্ষাৎ কৰে ৷ এই সাক্ষাৎ কালত আয়ুক্তক প্ৰমোদ কলিতাই উৎসতে জাৱৰ পৃথকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে দীপৰ বিলৰ সুৰক্ষাৰ স্বাৰ্থত NGT ৰ নিৰ্দেশনা অনুসৰি স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড শীঘ্ৰে স্থানান্তৰ কৰিবলৈ অনুৰোধ জনায় ৷ আয়ুক্ত শৰ্মাই বিষয়টোৰ সমাধান সূত্ৰ উলিয়াবৰ বাবে সময়সীমা বিচাৰি এইক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে ৷

লগতে চাওক: ধেমাজিত ডি এল এডৰ পৰীক্ষা দিবলৈ গৈ ৰঙাঘৰৰ আলহী হ’ল পৰীক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.