কামৰূপ জিলা আৰক্ষীৰ জালত মাটিৰ দালাল

By

Published : Sep 21, 2021, 2:02 PM IST

thumbnail

ড্ৰাগছৰ পিছত এইবাৰ মাটিৰ দালালৰ বিৰুদ্ধে অসম আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰাজ বন্ধ হোৱাৰ কথা ঘোষণা কৰাৰ পাছতেই অসম আৰক্ষীয়ে তীব্ৰতৰ কৰি তুলিছে এই অভিযান । সোমবাৰে নিশা মাটিৰ দালালৰ বিৰুদ্ধে কামৰূপ জিলাত আৰক্ষীয়ে জোৰদাৰ অভিযান চলায় । কামৰূপ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আচিফ আহমেদৰ নেতৃত্বত এটা দলে অভিযান চলাই শুৱালকুছি, মদনপুৰ, জয়গুৰু, মান্দাকাটাৰ পৰা কেইবাটাও দালালক সোধপোছৰ বাবে আটক কৰে । আটক কৰা দালালকেইটা ভৰত ডেকা (মদনপুৰ), বিনোদ মেধি(শুৱালকুছি), দীপক ডেকা, শালমাৰাৰ জ্যোতিপ্ৰসাদ চৌধুৰী, মান্দাকাটাৰ বিজু আহমেদ, কমলপুৰৰ মইনুল হক, ৰিজু আহমেদ, ডেৰাজ শইকীয়া আৰু ৰমেশ শইকীয়া, তপন কলিতা, ৰঙিয়াৰ উডিয়ানাৰ খবিবৰ ৰহমান, আবেদুৰ ৰহমান ৷ আনহাতে জয়গুৰুৰ আয়েজুৰ ৰহমান নামেৰে আন এটা মাটিৰ দালালে চাংসাৰী থানাত আত্মসমৰ্পণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.