ETV Bharat / state

তয়াময়া ৰণ : শিক্ষাৰ্থীৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ মঞ্চত ঘুচিয়া-ঘুচি, হতাহতি - Heated situation in Golaghat

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 8:59 PM IST

ATSA former ATSA Clash : ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ সন্মুখতে হতাহতি, ঘুচিয়া-ঘুচিত লিপ্ত একাংশ নেতা ৷ শিক্ষাৰ্থীৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ মুকলি মঞ্চতে ঘুচিয়া-ঘুচি, হতাহতিত লিপ্ত সংগঠনৰ একাংশ প্ৰাক্তন আৰু বৰ্তমানৰ নেতা ৷

CLASH BETWEEN ATSA AND FORMER ATSA
গোলাঘাটত সংঘটিত হ’ল লজ্জাজনক ঘটনা (ETV BHARAT ASSAM)

গোলাঘাট, 26 মে’ : মঞ্চতে ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ সন্মুখত হতাহতি, ঘুচিয়া-ঘুচিত লিপ্ত একাংশ ছাত্ৰ নেতা আৰু প্ৰাক্তন ছাত্ৰ নেতা ৷ সভাৰ মাজতে সৃষ্টি হোৱা এই উত্তপ্ত পৰিস্থিতি চম্ভালিবলৈ উপস্থিত হ’ল আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান ৷ গোলাঘাটত সংঘটিত হ’ল এই লজ্জাজনক ঘটনা ৷

হতাহতি, ঘুচিয়া-ঘুচিত লিপ্ত একাংশ নেতা (ETV BHARAT ASSAM)

গোলাঘাটত শিক্ষাৰ্থীৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ মুকলি মঞ্চতে আটছা আৰু প্ৰাক্তন আটছা নেতাৰ মাজত ঘুচিয়া ঘুচি, হতাহতি ৷ একাংশ ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ সন্মুখতে দুই পক্ষৰ মাজত সৃষ্টি হ’ল মুকলি সংঘাতৰ ৷ হঠাৎ সৃষ্টি হোৱা এই উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত হ’ল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী ৷ জানিব পৰা মতে গোলাঘাটৰ অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয়ৰ সভাগৃহত চলি আছিল হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীণ হোৱা চাহ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠান ৷ এই অনুষ্ঠানৰ মাজতেই হঠাৎ সৃষ্টি হ’ল এই অনাহুত পৰিস্থিতিৰ ৷

সভাৰ মাজতে তয়াময়া ৰণত লিপ্ত হ’ল সংগঠনটোৰ একাংশ প্ৰাক্তন আৰু বৰ্তমানৰ বিষয়ববীয়া ৷ জানিব পৰা মতে প্ৰাক্তন আটছা সন্মিলনীৰ গোলাঘাট জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই বিশেষ সম্বৰ্ধনা অনুষ্ঠান ৷ কিন্তু প্ৰাক্তন আটছা সন্মিলনীৰ বিৰোধিতা কৰা অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ গোলাঘাট জিলা সমিতিৰ নেতৃত্বত এটা দলে হঠাৎ উপস্থিত হৈ সম্বৰ্ধনা অনুষ্ঠানটো বন্ধ কৰাৰ চেষ্টা চলাওঁতে সৃষ্টি হয় এই পৰিস্থিতিৰ ৷ প্ৰাক্তন আটছা সন্মিলনীৰ নেতৃত্বৰ সৈতে আটছা নেতা- কৰ্মীৰ মাজত মঞ্চৰ ওপৰতে আক্ৰমণ-প্ৰত্যাক্ৰমণ চলে ৷

আটছাৰ গোলাঘাট জিলা সমিতিৰ অভিযোগ যে, আটছাৰ নাম লৈ 'প্ৰাক্তন আটছা সন্মিলনী' নামৰ সংগঠন কিয় খুলিব ৷ যাৰ বাবে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি বন্ধ কৰাৰ চেষ্টা চলাওঁতে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ ইফালে প্ৰাক্তন আটছা সন্মিলনীৰ নেতৃত্বৰ মতে তেওঁলোকে পূৰ্বে আটছা কৰিছিল, গতিকে প্ৰাক্তন আটছা সন্মিলনীৰ নাম লৈ কাম কৰাত সমস্যা কি? আনফালে এই পৰিৱেশ আৰু পৰিস্থিতি দেখি উপস্থিত থকা ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলে শংকিত হৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ পাচত ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ উল্লেখ্য যে গোলাঘাটত আটছা আৰু প্ৰাক্তন আটছাৰ নেতৃত্বৰ মাজত সৃষ্টি হোৱা এই সংঘাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক : 'কা' ক অদৰকাৰী বস্তু আখ্যা দিলে জুবিন গাৰ্গে - Zubeen Garg On CAA

লগতে পঢ়ক : দুই আঞ্চলিক শক্তি একত্ৰীকৰণ প্ৰসংগত লুৰীণৰ মুখত কেৱল অজিত ভূঞাৰ নাম! - Merger Of Regional Party

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.