ETV Bharat / state

'কা' ক অদৰকাৰী বস্তু আখ্যা দিলে জুবিন গাৰ্গে - Zubeen Garg on CAA

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 1:48 PM IST

Zubeen Garg on CAA: নগাঁৱত 'কা' সন্দৰ্ভত মন্তব্য জুবিন গাৰ্গৰ । 'কা' এটা অদৰকাৰী বস্তু। সেয়ে 'কা' সন্দৰ্ভত নকৰে কোনো মন্তব্য । প্ৰকৃতি সুৰক্ষা আৰু গোলকীয় উষ্ণতা সন্দৰ্ভতো মন্তব্য জুবিন গাৰ্গৰ ।

Zubeen Garg calls CAA a useless thing at Bebejia in Nagaon
'কা' ক অদৰকাৰী বস্তু আখ্যা দিলে জুবিন গাৰ্গে (ETV Bharat Assam)

নগাঁও, ২৬ মে': নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা আইনলৈ পৰিণত হোৱালৈকে অসমত কেব অথৱা 'কা' ৰ বিৰুদ্ধে হোৱা আন্দোলনৰ অন্যতম ভূমিকা গ্ৰহণ কৰিছিল অসমৰ শিল্পী সমাজে । য'ত অভিনেত্ৰী বৰষাৰাণী বিষয়া, যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গ আছিল অন্যতম । জুবিন গাৰ্গৰ এটা আহ্বানতেই অসমৰ বিভিন্ন প্ৰান্তত 'কা'ৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ সমবেত হৈছিল হাজাৰ হাজাৰ লোক ।

'কা' আন্দোলনত অন্যতম মূখ্য ভূমিকা গ্ৰহণ কৰা জুবিন গাৰ্গে এতিয়া 'কা' সন্দৰ্ভত কৰিব নিবিচাৰে কোনো মন্তব্যও । আনকি 'কা' এটা অদৰকাৰী বস্তু বুলিহে মন্তব্য কৰে জুবিন গাৰ্গে । শনিবাৰে নিশা নগাঁৱৰ বেবেজীয়াৰ ডিমৌত এক অনুষ্ঠানত এই মন্তব্য কৰে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰব জুবিন গাৰ্গে ।

'কা' ক অদৰকাৰী বস্তু আখ্যা দিলে জুবিন গাৰ্গে (ETV Bharat Assam)

আউটলেট মুকলিৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰা জুবিন গাৰ্গে সাংবাদিকৰ 'কা' সন্দৰ্ভৰ প্ৰশ্নৰ উত্তৰত 'কা' ক অদৰকাৰী বস্তু বুলিহে অভিহিত কৰে । ইয়াৰ লগতে তেওঁ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজক প্ৰকৃতি সুৰক্ষাৰ ক্ষেত্ৰত মনোযোগ দিবলৈ আহ্বান জনোৱাৰ লগতে জুবিন গাৰ্গ ফেন ক্লাৱে এইক্ষেত্ৰত কাম কৰি থকাৰ কথা উল্লেখ কৰে ।

ইপিনে শিল্পী জুবিন গাৰ্গে বৰ্তমান দুখনকৈ অসমীয়া ছবিৰ কাম কৰি থকাৰ বিষয়েও উল্লেখ কৰে । বৰ্তমান চিকাৰৰ কাম পূৰ্ণগতিত চলি থকাৰ কথা উল্লেখ কৰি পৰৱৰ্তী সময়ত সম্পূৰ্ণ নিজৰ ছবি "ৰৈ ৰৈ বিনালে" ৰ কামত নিজকে ব্যস্ত ৰাখিব বুলি মন্তব্য কৰে জুবিন গাৰ্গে । লগতে অসমীয়া যুৱক-যুৱতীসকলক ব্যৱসায়ত গুৰুত্ব প্ৰদান কৰিবলৈয়ো আহ্বান জনায় জুবিন গাৰ্গে ।

লগতে পঢ়ক: জুবিন গাৰ্গৰ মুখতো ডাঙৰীয়াৰ প্ৰসংগ - Zubeen Garg BIHU PROGRAM 2024

ওপৰৰজনক পাৰি কিন্তু সন্মুখৰজনক কোনোপধ্যে নোৱাৰি: প্ৰসংগ ‘উপেক্ষা’ - Zubeen Garg BIHU PROGRAM 2024

যোৰহাট কেন্দ্ৰীয় ৰঙালী উৎসৱত জুবিনৰ সংগীতৰ মায়াজাল - Zubeen Garg Bihu Program

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.