ETV Bharat / state

যোৰহাট কেন্দ্ৰীয় ৰঙালী উৎসৱত জুবিনৰ সংগীতৰ মায়াজাল - Zubeen Garg Bihu Program

author img

By ETV Bharat Assamese Team

Published : May 13, 2024, 8:25 PM IST

Zubeen Garg : দেওবাৰে নিশা যোৰহাট ক্ৰীড়া সন্থা খেলপথাৰত সংগীতানুষ্ঠান পৰিৱেশন জুবিন গাৰ্গৰ ৷ শান্ত, সমাহিত ৰূপত এটাৰ পাচত এটাকৈ গীত গাই তেওঁ হাজাৰ হাজাৰ দৰ্শকক প্ৰায় দুঘন্টাতকৈ অধিক সময় ধৰি মন্ত্ৰমুগ্ধ কৰি ৰাখে ৷

Zubeen Garg
জুবিন গাৰ্গৰ সংগীতানুষ্ঠান (ETV BHARAT ASSAM)
যোৰহাট ক্ৰীড়া সন্থা খেলপথাৰত জুবিনৰ সংগীতানুষ্ঠান (ETV BHARAT ASSAM)

যোৰহাট, 13 মে’ : ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়াও অব্যাহত আছে ৰঙালী বিহুৰ অনুষ্ঠান ৷ জনপ্ৰিয় কণ্ঠশিল্পীৰ গীতত ওৰে নিশা নাচি-বাগি আনন্দ আত্মহাৰা হৈছে একাংশ লোক ৷ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গেও ধাৰাবাহিকভাৱে ইখনৰ পাচত সিখন বিহু মঞ্চত ৰচি গৈছে সুৰৰ মায়াজাল ৷

সাধাৰণতে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান মানেই যেন বিতর্ক আৰু বিতৰ্ক ৷ বিভিন্ন সংগীতানুষ্ঠানত ভিন্ন বক্তব্য, আচৰণ আদিৰ বাবে সততে বিতর্কই আবৰি ৰাখে নৱ প্ৰজন্মৰ হিয়াৰ আমঠুস্বৰূপ জুবিন গাৰ্গক ৷ পিচে এইবাৰ নিজৰ জন্মস্থান তথা নিজ গৃহ জিলাত ব্যতিক্ৰমী ৰূপত দেখা গ’ল জুবিনক ৷ দেওবাৰে নিশা যোৰহাট ক্ৰীড়া সন্থা খেলপথাৰত শান্ত-সমাহিত ৰূপত সংগীতানুষ্ঠান পৰিৱেশন কৰিলে শিল্পীগৰাকীয়ে ৷

কেন্দ্ৰীয় ৰঙালী উৎসৱৰ অন্তিম দিনা দেওবাৰে নিশা জুবিনৰ সংগীতানুষ্ঠান আছিল ৷ নিশা 11.30 বজাত অনুষ্ঠান আৰম্ভ কৰি প্ৰায় 1.50 বজাত তেওঁ অনুষ্ঠান সামৰণি মাৰে ৷ কোনো ধৰণৰ উশৃংখলতা নোহোৱাকৈ শান্ত, সমাহিত ৰূপত এটাৰ পাচত এটাকৈ গীত গাই তেওঁ হাজাৰ হাজাৰ দৰ্শকক প্ৰায় দুঘন্টাতকৈ অধিক সময় ধৰি মন্ত্ৰমুগ্ধ কৰি ৰাখে ৷

ইফালে দৰ্শকে জুবিনৰ গীতৰ তালে তালে নাচি আনন্দ উল্লাসত ফাটি পৰিলেও কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাছিল ৷ মঞ্চত গীতৰ বাদে জুবিনৰ নাছিল কোনো বিতৰ্কিত মন্তব্য বা আচৰণ ৷ এক অন্য ৰূপত জুবিনে নিজ গৃহ জিলাত সংগীতানুষ্ঠান ৰাইজক উপহাৰ দিয়ে ৷ উল্লেখ্য যে, 11 মে’ৰ পৰা দুদিনীয়কৈ আয়োজন কৰা যোৰহাট কেন্দ্ৰীয় ৰঙালী উৎসৱৰ অন্তিম দিনা নিশা জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আয়োজন কৰা হৈছিল ৷

লগতে পঢ়ক : ‘জিয়া’ক জীয়াবলৈ আপুনি যাবনে চিনেমা হললৈ ? - New Assamese Movie

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.