জুবিন গাৰ্গৰ মুখতো ডাঙৰীয়াৰ প্ৰসংগ - Zubeen Garg BIHU PROGRAM 2024
Zubeen Garg Bihu Program: অৱশেষত জুবিনৰ মুখতো "ডাঙৰীয়া আহিছে আঁতৰি দিয়ক ।" নগাঁৱৰ সংগীতানুষ্ঠান আৰম্ভ কৰিবলৈ লৈয়ে জুবিনে গাৰ্গেও কলে ডাঙৰীয়াৰ কথা । ইফালে সংগীতানুষ্ঠানত অসন্তুষ্ট হ'ল নগাঁৱৰ দৰ্শক ।

Published : May 25, 2024 at 7:31 PM IST
নগাঁও,২৫ মে': বৰ্তমান সময়ত অসমত সবাটোকৈ চৰ্চিত এটি সংলাপ, "ডাঙৰীয়া আহিছে আঁতৰি দিয়ক ।" বিগত কেইবাদিন ধৰি সামাজিক মাধ্যমত কেৱল এই সংলাপক লৈয়েই চৰ্চা । বিভিন্ন মিম, ৰিলচ আদিৰো বিষয় এই সংলাপ । বিষয় কেৱল ডাঙৰীয়া আহিছে আঁতৰি দিয়ক । আৰম্ভণি হৈছিল গহপুৰৰ পৰাই । অন্ধবিশ্বাসৰ বলি হৈ দুটা বগা ঘোঁৰাক পূজা পাতল কৰি অন্য এক পৰিৱেশৰ সূচনা কৰিছিল একাংশ মহিলাই ।
দেহত আই লম্ভা বুলি দাবী কৰা এগৰাকী মহিলাৰ মুখত শুনা গৈছিল এই বিশেষ শব্দকেইটা, "ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক ।" ইয়াৰ মাজতেই এইবাৰ জুবিন গাৰ্গৰ মুখতো শুনা গ'ল "ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক ।"
আচলতে শুকুৰবাৰে নিশা নগাঁৱৰ ডচন খেলপথাৰত আয়োজিত বিহু সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মাইক্ৰ'ফোন হাতত লৈ মঞ্চতেই জুবিনে কৈ পেলালে "ডাঙৰীয়া আহিছে, আঁতৰি দিয়ক ।" নগাঁৱৰ বৰদৈচিলা অনুষ্ঠানত জুবিন গাৰ্গে ধেমেলীয়া সুৰত কৰা এই বিশেষ মন্তব্যই হাঁহিৰ খোৰাক যোগাই উপস্থিত দৰ্শকক । নগাঁৱৰ ডচন খেলপথাৰত অনুষ্ঠিত বৰদৈচিলা অনুষ্ঠানত অংশগ্ৰহণ কৰি ধেমেলীয়া কথাৰে দৰ্শকক হাঁহিৰ খোৰাক যোগালেও জুবিন গাৰ্গৰ সংগীত অনুষ্ঠানক লৈ অসন্তুষ্টি ব্যক্ত কৰিলে বহু দৰ্শকে ।
জুবিন গাৰ্গে মাত্ৰ দুই এটা গীত পৰিৱেশন কৰাৰ লগতে সহযোগী শিল্পীৰ জৰিয়তে প্ৰায় ছয়টা গীত পৰিৱেশন কৰিয়েই সংগীতানুষ্ঠান সামৰা বুলি সামাজিক মাধ্যমৰ জৰিয়তেই ক্ষোভ উজাৰিলে একাংশ দৰ্শকে ।

