ETV Bharat / state

২৯ মে’ত মুখ্য সচিবৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ বৈঠক - Bought Leaf Tea Factory in Assam

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 10:09 PM IST

Small tea growers Assam : দুই-এজনে কৰা ভুলৰ শাস্তি লাখ লাখ খেতিয়কে গ্ৰহণ নকৰে ৷ বটলিফ ফেক্টৰীসমূহে বহিঃৰাজ্যৰ পৰা গ্ৰহণ কৰা চাহপাতৰ গুণাগুণ পৰীক্ষা কৰেনে ? সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই হুংকাৰ দিছে প্ৰতিবাদৰ ৷

Small tea growers Assam
সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা (ETV Bharat Assam)

যোৰহাট, 26 মে’: এক জুনৰ পৰা ৰাজ্যৰ বটলিফ ফেক্টৰীসমূহে নলয় কেঁচা চাহপাত ৷ ১ জুনৰ পৰা ৰাজ্যৰ বটলিফ ফেক্টৰীসমূহৰ মালিকসকলে নিজৰ নিজৰ ফেক্টৰীসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ৷ ফলত ৰাজ্য লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক লোকচানৰ সন্মুখীন হোৱাৰ সম্ভৱনাই অধিক দেখা দিছে ৷

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা (ETV Bharat Assam)

সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতি উদ্যোগত গুণগত কেঁচা চাহপাত উৎপাদনৰ বাবে শস্য সুৰক্ষা বিধি পালন কৰি আৰু 2024 বৰ্ষৰ শস্য সুৰক্ষা বিধিৰ অধীনত ঔষধ প্ৰয়োগৰ সন্দৰ্ভত যোৰহাট জিলাখনৰ বিভিন্ন প্ৰান্তত সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷

এই সন্দৰ্ভত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰাজেন বৰাই কয় যে দুই এজনে কৰা ভুলৰ শাস্তি লাখ লাখ খেতিয়কে কেতিয়াও গ্ৰহণ নকৰে ৷ ইয়াৰ জৰিয়তে বটলিফ ফেক্টৰীসমূহে ক্ষুদ্ৰ চাহ খেতিয়কসকলক একপ্ৰকাৰে ব্লেকমেইলিং কৰিছে ৷ কিন্তু ইয়াৰ বিপৰীতে ফেক্টৰীসমূহে বহিঃৰাজ্যৰ কেঁচাপাত গ্ৰহণ কৰিছে ৷ সেইসমূহ পাতৰ গুণাগুণ পৰীক্ষা কৰিছেনে বুলি প্ৰশ্ন কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতিগৰাকীয়ে ।

তেওঁ কয় যে যদি ১ জুনৰ পৰাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ পাত ফেক্টৰীসমূহে গ্ৰহণ নকৰে, তেতিয়াহ’লে ১ জুনৰ পৰাই সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটতো তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ’ব ৷ তদুপৰি ক্ষুদ্ৰ চাহ খেতিয়কৰ সন্মুখত আহি পৰা প্ৰত্যাহ্বান সম্পৰ্কত ২৯ মে’ত অসম চৰকাৰ মুখ্য সচিবৰ সৈতে এক বৈঠক অনুষ্ঠিত হ’ব আৰু উক্ত বৈঠকতে সমাধান সূত্ৰ ওলাব বুলিও আশা প্ৰকাশ কৰে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতিগৰাকীয়ে ।

তাৎপৰ্যপূৰ্ণ যে চাহ খেতিয়কসকলে কেঁচাপাতত অধিক পৰিমাণৰ কেমিকেল ব্যৱহাৰৰ কৰাৰ অজুহাত দেখুৱাই সঘনাই খেতিয়কসকলৰ ওপৰত শোষণ-অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপিত হৈছে ৷ সেয়া কোনোপধ্যেই গ্ৰহণযোগ্য নহয় আৰু চাহ-বাগিচাত অত্যধিক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰাৰ বাবে ভাৰতীয় টী ব’ৰ্ডৰ বিষয়া-কৰ্মচাৰীৰ লগতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগক জগৰীয়া কৰে একাংশ লোকে ৷

লগতে পঢ়ক: ১ জুনৰ পৰা বটলিফ ফেক্টৰীয়ে নলয় চাহপাত; চিন্তাত ক্ষুদ্ৰ চাহ খেতিয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.