১ জুনৰ পৰা বটলিফ ফেক্টৰীয়ে নলয় চাহপাত; চিন্তাত ক্ষুদ্ৰ চাহ খেতিয়ক - Small Tea Farmers

By ETV Bharat Assamese Team

Published : May 25, 2024, 12:38 PM IST

thumbnail
১ জুনৰ পৰা বটলিফ ফেক্টৰীয়ে নলয় চাহপাত (ETV Bharat)

মৰাণ, ২৫ মে' : শেহতীয়াকৈ অসম বটলিফ চাহ নির্মাতা সন্থাই জনাইছে যে অহা ১ জুনৰ পৰা ফেক্টৰীবোৰে ক্ষুদ্র চাহ খেতিয়কৰ পৰা ক্ৰয় নকৰে কেঁচা চাহপাত । যাৰ বাবে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । অতি কষ্ট কৰি এই চাহ খেতিৰ দ্বাৰাই পৰিয়াল পোহপাল দি আহিছে । কিন্তু হঠাৎ বটলিফ চাহ নিৰ্মাতা সন্থাই এই সিদ্ধান্ত লোৱাৰ লগে লগে বিপাঙত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ।

মূলতঃ অত্যধিক ৰাসায়নিক দ্ৰব্য চাহ খেতিত ব্যৱহাৰ কৰাৰ অজুহাততে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সন্থাই । কিন্তু ৰাজ্যৰ লাখ লাখ চাহ খেতিয়কৰ ভৱিষ্যৎ কি হ'ব । প্ৰতিদিনে উৎপাদন হোৱা কেঁচা চাহপাতবোৰ খেতিয়কসকলে কি কৰিব ? সেয়েহে বটলিফ কোম্পানী লগতে অসম বটলিফ চাহ নির্মাতা সন্থাক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে ডিব্ৰুগড়ৰ একাংশ ক্ষুদ্ৰ চাহ খেতিয়কে ।

এই ক্ষেত্ৰত চৰকাৰক ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে চাহ খেতিয়কসকলে । অন্যথা ৰাজ্যজুৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলে তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ দিছে ।

লগতে পঢ়ক :1 জুনৰ পৰা বন্ধ বটলিফ ফেক্টৰী; কেঁচা চাহপাতত কৃষকে অত্যধিক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ অভিযোগ - Assam Tea Leaf Factories

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.