ETV Bharat / state

1 জুনৰ পৰা বন্ধ বটলিফ ফেক্টৰী; কেঁচা চাহপাতত কৃষকে অত্যধিক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ অভিযোগ - Assam Tea leaf factories

author img

By ETV Bharat Assamese Team

Published : May 23, 2024, 2:13 PM IST

Updated : May 23, 2024, 2:19 PM IST

Shut down tea leaf factories : 1 জুন পৰা বন্ধ থাকিব বটলিফ ফেক্টৰী ৷ অসম কেঁচা চাহপাতত কৃষকে অত্যধিক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰাৰ অভিযোগ ৷ সদৌ অসম বটলিফ ফেক্টৰী সন্থা ঘোষণা কৰিছে এই তথ্য ৷

banned pesticides on raw leaves
1 জুন পৰা বন্ধ বটলিফ ফেক্টৰী (ETV Bharat Assam)

1 জুন পৰা বন্ধ বটলিফ ফেক্টৰী (ETV Bharat Assam)

বিশ্বনাথ, 23 মে’ : অসমৰ চাহে ৰাজ্যখনৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহাৰ লগতে এই চাহে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক চিনাকি দাঙি ধৰি আহিছে । অসমত উৎপাদিত চাহে বিশ্ব ভিতৰত দ্বিতীয় স্থান অধিকাৰ গ্ৰহণ কৰি এক সফলতা লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা সময়তে এতিয়া এই কেঁচা চাহপাত খেতিয়কৰ জীৱনলৈ আহিছে অন্ধকাৰ ।

শেহতীয়াকৈ ৰাজ্যখনৰ কেঁচা চাহপাতসমূহত অত্যধিক ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা অজুহাত দেখুৱাইছে বটলিফ ফেক্টৰী সন্থাই ৷ আনকি আগন্তুক 1 জুনৰ পৰা ৰাজ্যখনৰ 200 টাও অধিক বটলিফ ফেক্টৰীয়ে ৰাজ্যৰ উৎপাদিত কেঁচা চাহপাত নোলোৱা সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যৰ বটলিফ ফেক্টৰী সন্থাই ।

ইফালে বুধবাৰে নিশা প্ৰায় 9.30 বজাত অসম বটলিফ টি মেনুফেকছাৰ্ছ সন্থা বিশ্বনাথ চাৰিআলি হোটেল ৰয়েল পেলেছত এক সংবাদ মেলৰ জৰিয়তে স্পষ্ট কৰি দিয়ে যে অহা 1 জুন পৰা ৰাজ্যৰ কোনো বটলিফ ফেক্টৰীয়ে ৰাজ্যৰ কেঁচা চাহপাতত ক্ৰয় নকৰে । আনহাতে কি কাৰণত কেঁচা চাহপাত বটলিফ ফেক্টৰীয়ে ক্ৰয় নকৰে বুলি প্ৰশ্ন উত্তৰত বটলিফ ফেক্টৰী সন্থাৰ কেন্দ্ৰীয় সমিতি সভাপতি চান্দ কুমাৰ গোঁহায়ে কেতবোৰ মন্তব্য কৰে ৷

লগতে পঢ়ক : ১ জুনৰ পৰা বটলিফ ফেক্টৰী বন্ধ ! কৃষকক অভয়বাৰ্তা বিশ্বনাথৰ বটলিফ ফেক্টৰী সন্থাৰ - GREEN TEA LEAVES

তেওঁ কয় যে অসম চৰকাৰ তথা ভাৰতীয় টি ব'ৰ্ডে ৰাজ্যৰ বটলিফ ফেক্টৰীসমূহক কেঁচাপাতত সংগ্ৰহৰ ক্ষেত্ৰত কিছু নীতি-নিৰ্দেশনা দিছে ৷ যাৰ ফলত সেই নিৰ্দেশনা মানি কোনো কাৰণত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা কেঁচাপাত ক্ৰয় কৰাটো সম্ভৱ নহয় বটলিফ ফেক্টৰীসমূহে । যাৰ ফলত কলঘৰৰসমূহ বন্ধ ৰাখিবলৈ বাধ্য হৈছো বুলি স্পষ্ট কৰি দিয়ে চান্দ কুমাৰ গোঁহায়ে ৷

ইফালে সাংবাদিকৰ আন এক প্ৰশ্ন উত্তৰত সভাপতিগৰাকীয়ে কয় যে ৰাজ্যখনত উৎপাদিত ক্ষুদ্ৰ চাহ খেতিয়কসকলে কেমিকেল ব্যৱহাৰ কৰি দীৰ্ঘদিন ধৰি বটলিফ ফেক্টৰীসমূহক কেঁচাপাত যোগান ধৰি আহিছিল ৷ যাৰ ফলত চৰকাৰে বটলিফ ফেক্টৰীসমূহক বিভিন্ন নীতি-নিৰ্দেশনা দিবলৈ আৰম্ভ কৰি বটলিফ ফেক্টৰীসমূহক বিপদত পেলাবলৈ চেষ্টা কৰিছে বুলি উল্লেখ কৰে সন্থাৰ সভাপতিৰগৰাকীয়ে ।

লগতে পঢ়ক : কিদৰে চৰকাৰী সিদ্ধান্তই বিপদত পেলাইছে অসমৰ চাহ উদ্যোগক ? - Assam tea industry

আনহাতে, সভাপতি গোঁহায়ে সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিয়ে শীঘ্ৰে ভাৰতীয় টি ব'ৰ্ডে বটলিফ ফেক্টৰী চলাবলৈ এখন নিদিষ্ট SOP দিয়ক আৰু ৰাজ্যৰ কেঁচা চাহপাত পৰীক্ষা কৰিব পৰাকৈ অসমত Lab Testing স্থাপন কৰক । আনকি ৰাজ্যৰ বটলিফ ফেক্টৰীসমূহক টি ব'ৰ্ডে জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত ৰাজ্য চৰকাৰ আৰু টি ব'ৰ্ডক বাৰম্বাৰ অৱগত কৰা পিছতো কোনো বটলিফ ফেক্টৰী সন্থাক কোনো সঁহাৰি দিয়া নাই বুলিও অভিযোগ কৰে বটলিফ ফেক্টৰী কেন্দ্ৰীয় সমিতি সভাপতি চান্দ কুমাৰ গোঁহায়ে ।

উল্লেখ্য যে, কেঁচা চাহপাতত অত্যাধিক ৰাসায়নিক পদাৰ্থ সংমিশ্ৰণৰ গইনা লৈ ৰাজ্যৰ কলঘৰসমূহে 1 জুনৰ পৰা কেঁচা চাহপাত লোৱা বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ এনে পৰিস্থিতিয়ে যে ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কসকল গভীৰ অনিশ্চয়তাত যে ভুগিব সেয়া প্ৰায় নিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক : বন্ধ হ’ব ৰাজ্যৰ 200 টা বটলিফ ফেক্টৰী: গভীৰ সংকটৰ দিশে অসমৰ ক্ষুদ্ৰ চাহ উদ্যোগ - Small tea gardens in Assam

Last Updated : May 23, 2024, 2:19 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.