ETV Bharat / state

কিদৰে চৰকাৰী সিদ্ধান্তই বিপদত পেলাইছে অসমৰ চাহ উদ্যোগক ? - Assam tea industry

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 5:34 PM IST

Assam tea sector : চাহ বাগিচাৰ ১০ শতাংশ ভূমি অন্য বাণিজ্যিক কামত ব্যৱহাৰ কৰাৰ চৰকাৰী ব্যৱস্থাই আনিছে সংকট। অনভিজ্ঞ লোকৰ হাতত চাহ বাগিচা। চাহ বাগানত আন ব্যৱসায় কৰাৰ উদ্দেশ্যৰে বহুতে ক্ৰয় কৰিছে বাগান। সংকুচিত হৈছে চাহ বাগানৰ পৰিসৰ। ব্যৱসায়িক গোষ্ঠীৰ চকু চাহ বাগানৰ ভূমিত। প্ৰতিক্ৰিয়া বিশিষ্ট চাহ শ্ৰমিক নেতা ইজৰাইল নন্দৰ।

CRISIS HIT ASSAM TEA INDUSTRY
বাগিচাই বাগিচাই হাহাকাৰ (ETV BHARAT ASSAM)

চাহ উদ্যোগৰ প্ৰতি উদাসীন চৰকাৰ (ETV BHARAT ASSAM)

গুৱাহাটী, 22 মে' : বিশ্ব প্ৰসিদ্ধ অসমৰ দুশ বছৰীয়া চাহ উদ্যোগটোৰ প্ৰতি আজি বিভিন্ন ধৰণে ভাবুকি আহি পৰিছে ৷ মঙলবাৰে বিশ্বজুৰি উদযাপন কৰা হয় আন্তৰ্জাতিক চাহ দিৱস ৷ চাহৰ ঐতিহাসিক মহত্ত্ব আৰু ইতিহাসৰ বিষয়ে জনসচেতনতা বৃদ্ধিৰ লগতে বিশ্বত চাহৰ সাংস্কৃতিক আৰু অৰ্থনৈতিক প্ৰভাৱৰ বিষয়ে ৰাইজক অৱগত কৰোৱাৰ লক্ষ্যৰে এই দিৱস পালন কৰি অহা হৈছে ৷ অসমৰ প্ৰেক্ষাপটত চাহৰ প্ৰসংগটোৰ কথাই সুকীয়া ৷ কাৰণ চাহৰ বাবে অসম বিশেষভাৱে বিশ্ব প্ৰসিদ্ধ ৷

চাহ উদ্যোগৰ প্ৰতি উদাসীন চৰকাৰ :

অসমৰ অর্থনীতি আৰু নিবনুৱা সমস্যা সমাধানত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা অসমৰ দুশ বছৰীয়া চাহ উদ্যোগটো ক্ৰমান্বয়ে অন্ধকাৰ ভৱিষ্যতলৈ গতি কৰিছে ৷ চাহ উদ্যোগৰ বাবে অসমৰ নাম বিশ্বৰ বুকুত জিলিকি আছে যদিও এই উদ্যোগটো লাহে লাহে ধ্বংসৰ দিশে অগ্ৰসৰ হৈছে ৷ বিজেপি চৰকাৰখনে কেৱল চাহ শ্ৰমিকৰ প্ৰতি দৰদ দেখুৱাই শ্ৰমিকক বিভিন্ন ধৰণে হিতাধিকাৰী সজাই আহিছে ৷ চাহ উদ্যোগটোৰ উন্নয়ন সাধনৰ বিপৰীতে চৰকাৰে চাহ শ্ৰমিকৰ জীৱিকাই কাঢ়ি নিয়াৰ কৌশলগত পৰিকল্পনা হাতত লৈছে ৷

কেবিনেট সিদ্ধান্তই পট পৰিৱৰ্তন কৰিলে বাগিচাৰ :

অসমৰ 200 বছৰীয়া চাহ উদ্যোগটো ব্ৰিটিছে স্থাপন কৰাৰে পৰা আজিলৈকে বহু বৃহৎ বৃহৎ কোম্পানীয়ে চাহ বাগিচাসমূহ পৰিচালনা কৰি আহিছে ৷ কিন্তু বিগত কেইবছৰমানৰ পৰা চাহৰ এই বৃহৎ উদ্যোগটোত ঘূণে ধৰা আৰম্ভ কৰিছে ৷ কোম্পানীৰ বাগিচাসমূহেও লোকচানৰ দোহাই দিব ধৰিছে ৷ এনে সময়তে অসম চৰকাৰে এই বৃহৎ চাহ উদ্যোগটো জীয়াই ৰখাৰ পৰিৱৰ্তে ধ্বংসৰ বাবেহে উঠি-পৰি লাগিছে ৷ উল্লেখ্য যে অসম চৰকাৰে বিগত বৰ্ষত কেবিনেটৰ এক সিদ্ধান্ত মৰ্মে চাহ বাগিচাৰ 10 শতাংশ ভূমি অন্য বাণিজ্যিক কামত ব্যৱহাৰ কৰিব পৰাৰ ব্যৱস্থা কৰিলে ৷ ইয়াৰ ফলত চকুত লগাকৈ বাগিচাৰ পট পৰিবৰ্তন হ'বলৈ আৰম্ভ হ'ল ৷

অনভিজ্ঞ লোকৰ হাতত চাহ বাগিচা :

অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তৰ পাছতে লোকচানত থকা বাগিচাসমূহ ক্ৰয় কৰিবলৈ ধৰিলে বিভিন্ন পুঁজিপতি তথা ৰাজনীতিক নেতাই ৷ চাহ বাগিচা পৰিচালনা কৰাৰ কোনো অভিজ্ঞতা নথকা লোক এখনৰ পাচত আনখনকৈ চাহ বাগিচাৰ গৰাকী হ'ল ৷ বিগত তিনিটা বছৰত অসমৰ শতাধিক বাগিচা বিক্ৰী হৈ গ'ল ৷ ইয়াৰ ভিতৰত ৱাৰেন টি ইণ্ডিয়া লিমিটেড, আছাম কোম্পানী, আছাম ফ্ৰণ্টিয়াৰ, মেকলিন মেগৰ, মেকলয়ড ৰাছেল, আছাম টি কোম্পানী লিমিটেড, জকাই ইণ্ডিয়াৰ দৰে বৃহৎ চাহ কোম্পানীৰ বাগিচাৰ লগতে বৃহৎ বৃহৎ বহু ব্যক্তিগত মালিকানাধীন চাহ বাগিচা বিক্ৰী হ'ল ৷ ইয়াৰ অন্যতম কাৰণটো হ'ল বাগিচাৰ মুঠ ভূমিৰ 10 শতাংশ অন্য বাণিজ্যিক কামত ব্যৱহাৰ কৰিবৰ বাবে চৰকাৰে কৰা ব্যৱস্থা ৷

বিক্ৰী হ'ল বহু চাহ বাগিচা :

ইতিমধ্যে বিক্ৰী হোৱা প্ৰায় এশখন চাহ বাগিচাৰ গড়ে 5 হাজাৰ বিঘাকৈ ধৰিলেও হয়গৈ 5 লাখ বিঘা ভূমি ৷ 5 লাখ বিঘাৰ 10 শতাংশ হ'ল 50 হাজাৰ বিঘা ৷ ইয়াৰ অৰ্থ হৈছে যে অসমৰ চাহ মানচিত্ৰৰ পৰা 50 হাজাৰ বিঘাৰ চাহ গছ নোহোৱা হৈ যোৱা ৷ এই বৃহৎ পৰিমাণৰ ভূমিৰ চাহ বাগিচা নোহোৱা হোৱা মানে শ্ৰমিকৰ সংখ্যা হ্ৰাস পোৱা আৰু চাহৰ উৎপাদনো হ্ৰাস পোৱা ৷

সংকটত চাহ শ্ৰমিক :

চাহ বাগিচাৰ শ্ৰমিক মকৰলৰ নীতি মতে প্ৰতি 10 বিঘাৰ বিপৰীতে 6.6 গৰাকী শ্ৰমিকক নিয়োজিত কৰা ৷ সেই হিচাপত 50 হাজাৰ বিঘাৰ চাহ বাগিচা হ্ৰাস পোৱা মানে প্ৰায় 33 হাজাৰ গৰাকী শ্ৰমিকৰ কাম নোহোৱা হোৱা ৷ জানিব পৰা মতে অসম চৰকাৰে এই 10 শতাংশৰ ঠাইত অনাগত সময়ত 25 শতাংশলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰি আছে ৷ সেয়া হ'লে দ্ৰুত হাৰত চাহ বাগিচাৰ ভূমি সংকোচন হ'ব আৰু বুজন সংখ্যক চাহ শ্ৰমিকৰ কাম নোহোৱা হ'ব ৷

চাহ বাগিচাত আন ব্যৱসায় :

ইতিমধ্যে বিক্ৰী হোৱা বহু বাগিচাৰ চাহ গছ নোহোৱা কৰি ৰিজ'ৰ্ট, হাস্পতালকে ধৰি বিভিন্ন উদ্যোগ গঢ়ি উঠিছে ৷ অসমত সৰু-বৰ কোম্পানীৰ সহস্ৰাধিক চাহ বাগিচা আছে ৷ ইয়াৰে শতাধিক ইতিমধ্যে বিক্ৰী হৈ গৈছে ৷ বাকী থকা বাগিচাসমূহো 10 শতাংশ ভূমিত ব্যৱসায় কৰাৰ সুযোগ গ্ৰহণৰ বাবেই ক্ৰয়ৰ বাবে পুঁজিপতি আগবাঢ়ি আহিব ৷ চাহ বাগিচাৰ ভূমিত এতিয়া দৃষ্টি উদ্যোগপতিৰ ৷ কাৰণ অসমত এতিয়া চাহ বাগানৰেই ভূমি আছে ৷ যাৰ বাবে চকু পৰিছে উদ্যোগপতিৰ ৷

বাগিচাই বাগিচাই হাহাকাৰ :

চাহ বাগিচাৰ প্ৰতি আহি পৰা সংকটৰ বাবে ইতিমধ্যে বাগিচাই বাগিচাই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ চাহ শ্ৰমিকৰ জীৱন-জীৱিকা চাহ গছৰ ওপৰতে নিৰ্ভৰ কৰে যদিও চৰকাৰে হিতাধিকাৰী সজাই এই শ্ৰমিক সকলৰ পৰা তেওঁলোকৰ জীৱিকা কাঢ়ি ল'ব বিচাৰিছে ৷

কি কয় বিশিষ্ট চাহ শ্ৰমিক নেতা ইজৰাইল নন্দই :

চৰকাৰৰ গাফিলতিৰ বাবে আজি অসমৰ চাহ উদ্যোগটোৱে সংকটৰ সন্মুখীন হোৱাৰ লগতে চাহ শ্ৰমিকৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি আহি পৰিছে ৷ এই মন্তব্য বিশিষ্ট চাহ শ্ৰমিক নেতা ইজৰাইল নন্দৰ ৷ তেওঁ কয় যে চৰকাৰৰ হঠকাৰী সিদ্ধান্তই এটা সময়ত অসমৰ চাহ শিল্পক নোহোৱা কৰিব ৷ চাহ বাগানত আন ব্যৱসায়ৰ সুবিধা প্ৰদান কৰি চৰকাৰে এই উদ্যোগটোকে নিঃশেষ কৰিব বিচাৰিছে ৷ চৰকাৰী এই ব্যৱস্থাৰ ফলত চাহ খেতিৰ ভূমি হ্ৰাস হোৱাৰ উপৰি অনভিজ্ঞ লোকে চাহ বাগিচা পৰিচালনা কৰিলে চাহৰ মান হ্ৰাস পোৱাৰ লগতে চাহ শ্ৰমিকৰ সমস্যা বৃদ্ধি পোৱাটো নিশ্চিত ৷

তেওঁ কয় যে একমাত্ৰ ব্যৱসায়িক দৃষ্টিভংগীৰে একাংশ ব্যৱসায়ীয়ে ক্ৰয় কৰিছে বাগান ৷ তেওঁলোক চাহ বাগান চলোৱাৰ ক্ষেত্ৰত অনভিজ্ঞ ৷ চাহ বাগিচাৰ আইনকে ধৰি কোনো কথাই তেওঁলোকে নাজানে ৷ ফলত চাহ শ্ৰমিকসকলে নানান সমস্যাৰ সন্মুখীন হৈছে ৷ ইতিমধ্যে বিক্ৰী হোৱা বহু বাগিচাত শ্ৰমিকৰ মাজত হাহাকাৰ লাগিছে বুলি সদৰী কৰি তেওঁ কয় যে এনেদৰে চাহ বাগিচা বিক্ৰী হৈ থাকিলে চাহ শ্ৰমিকৰ অসমত থাকিব নোৱাৰাৰ অৱস্থা হ'ব ৷ 10 শতাংশ ভূমি অন্য কামত ব্যৱহাৰ কৰাৰ চৰকাৰী ব্যৱস্থাই চাহ উদ্যোগটোক ধ্বংস কৰিব বুলি প্ৰকাশ কৰি তেওঁ বাহিৰৰ পুঁজিপতিক চাহ বাগিচা বিক্ৰী কৰিবলৈ দিয়া নহ'ব বুলি সংশ্লিষ্ট সকলো পক্ষকে সকীয়াই দিয়ে ৷ চৰকাৰী এই ব্যৱস্থাৰ তীব্ৰ বিৰোধিতা কৰি ইয়াক প্ৰত্যাহাৰ কৰাৰ বাবেও তেওঁ দাবী জনায় ৷

লগতে পঢ়ক : গভীৰ অনিশ্চয়তাত ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যৎ - Small Tea Planters

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.