গভীৰ অনিশ্চয়তাত ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যৎ - Small Tea Planters
Raw tea leaves: অসম বটলিফ চাহ নির্মাতা সন্থাৰ ১ জুনৰ পৰা ক্ষুদ্র চাহ খেতিয়কৰ কেঁচা চাহপাত ক্রয় নকৰাৰ সিদ্ধান্ত । কি কাৰণে গ্ৰহণ কৰিলে এই সিদ্ধান্ত ?

Published : May 21, 2024 at 6:57 PM IST
|Updated : May 21, 2024 at 8:11 PM IST
মৰাণ, ২১ মে': আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহে ফেৰ মাৰিব পৰাকৈ প্ৰতিযোগিতামূলকভাৱে গুণগত চাহ উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৰাজ্য়ৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে । কিন্তু চাহ কোম্পানী সমূহৰ শোষণৰ সন্মুখীন হৈ এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল। কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰাৰ সময়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত ১ জুনৰ পৰা কলঘৰত নোলোৱাৰ সিদ্ধান্তত হাহাকাৰ লাগিছে ৰাজ্যৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ।
অসম বটলিফ চাহ নির্মাতা সন্থা(ABLMTA)ই অহা ১ জুনৰ পৰা ক্ষুদ্র চাহ খেতিয়ক সকলৰ কেঁচা চাহপাত ক্রয় নকৰাৰ সিদ্ধান্তৰ বিষয়ে প্ৰচাৰ হোৱাৰ পিছতে হাহাকাৰ লাগিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ মাজত । যাক লৈ এতিয়া গভীৰ অনিশ্চয়তাত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ লগতে চাহ খেতিয়কসকল । অসম বটলিফ চাহ নির্মাতা সন্থাই ক্ষুদ্র চাহ খেতিয়কৰ কেঁচা চাহপাত ক্রয় নকৰাৰ সিদ্ধান্তৰ বিষয়ে প্ৰচাৰ হোৱাৰ পিচতেই এই সন্দৰ্ভত সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক যোগেশ বিকাশ চেতিয়াই অসম বটলিফ চাহ নিৰ্মাতা সন্থাই সম্পূর্ণ একপক্ষীয় ভাৱে কৰা এই সিদ্ধান্ত অযুক্তিকৰ, প্ৰৰোচনামূলক আৰু ক্ষুদ্র চাহ খেতিয়কৰ উৎপাদিত কেঁচা চাহ পাতৰ মূল্য হ্ৰাস কৰাৰ এয়া এক গভীৰ ষড়যন্ত্র বুলি মন্তব্য় কৰিছে । হঠাতে একপক্ষীয়ভাৱে নিৰ্মাতা সন্থাৰ এনে সিদ্ধান্তই ক্ষুদ্র চাহ খেতিয়কসকলক ক্ষুব্ধ কৰাই নহয়, জীয়াই থকাৰ পথ ৰুদ্ধ হোৱাৰ আশংকা প্রকাশ কৰিছে বুলি উল্লেখ কৰি অসমৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কক পণবন্দী নকৰিবলৈ তেওঁ সকীয়াই দিয়ে ।
উল্লেখ্য় যে কেঁচা চাহপাতত ৰাসায়নিক পদাৰ্থৰ সংমিশ্ৰণৰ গইনা লৈ ৰাজ্যৰ কলঘৰ সমূহে ১ জুনৰ পৰা কেঁচা চাহপাত লোৱা বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এনে পৰিস্থিতিত গভীৰ অনিশ্চয়তাত ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যৎ । অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই উল্লেখ কৰা তথ্য় অনুসৰি সমগ্ৰ অসমত সন্থাত পঞ্জীয়ন থকা ২ লাখৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়ক আছে । ইয়াৰে ডিব্ৰুগড় জিলাখনত আছে ২৭,০০০ আৰু তিনিচুকীয়াত ৫৬,০০০ খেতিয়ক । এই দুইখন জিলাতে সৰ্বাধিক খেতিয়ক থকাৰ লগতে আন বহু খেতিয়ক আছে যিসকল অসম ক্ষুদ্ৰ খেতিয়ক সন্থাৰ অন্তভূৰ্ক্ত হোৱা নাই ।
এইক্ষেত্ৰত ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই আহ্বান জনাইছে । কিয়নো এই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সৈতে বহু চাহ শ্ৰমিকৰ পৰিয়ালৰ প্ৰত্যক্ষ ভাৱে জড়িত হৈ আছে । তেনে ক্ষেত্ৰত ক্ষুদ্ৰ চাহ শ্ৰমিকসকল সমস্যাত পৰিলে লাখ লাখ চাহ বাগিচাত কৰ্মৰত শ্ৰমিক জীৱিকাৰ পৰা বঞ্চিত হ'ব বুলিও উল্লেখ কৰে সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই ।

