ETV Bharat / state

১ জুনৰ পৰা বটলিফ ফেক্টৰী বন্ধ ! কৃষকক অভয়বাৰ্তা বিশ্বনাথৰ বটলিফ ফেক্টৰী সন্থাৰ - GREEN TEA LEAVES

author img

By ETV Bharat Assamese Team

Published : May 22, 2024, 7:34 PM IST

Green tea leaves: অহা ১ জুনৰ পৰা ৰাজ্যৰ বটলিফ ফেক্টৰীসমূহে নলয় আৰু কেঁচা চাহপাত ৷ চৰকাৰৰ এই ঘোষণাৰ পাছত ৰাজ্যৰ বটলিফ ফেক্টৰীসমূহৰ মালিকসকলে ১ জুনৰ পৰা নিজৰ নিজৰ ফেক্টৰীসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ৷ এই বাতৰি বিয়পি পৰাৰ পাছতেই বিপাঙত পৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ চাহ খেতিয়ক ৷ এই সন্দৰ্ভত বিশ্বনাথ জিলাৰ বটলিফ ফেক্টৰী সন্থাৰ সম্পাদক লক্ষী ভৰালীয়ে কি ক’লে, জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Raw tea leaves
বিশ্বনাথ জিলাৰ বটলিফ ফেক্টৰী সন্থাৰ সম্পাদক লক্ষী ভৰালী (ETV BHARAT ASSAM)

বিশ্বনাথ ২২ মে’: অহা ১ জুনৰ পৰা ৰাজ্যৰ বটলিফ ফেক্টৰীসমূহে নলয় আৰু কেঁচা চাহপাত ৷ ইয়াৰ সমান্তৰালভাৱে অসম বটলিফ টি মেনুফেকছাৰ্ছ(এ বি এল টি এম এ) সন্থাই অলপতে ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰি ১ জুনৰ পৰা ৰাজ্যৰ বটলিফ ফেক্টৰীসমূহৰ মালিকসকলে নিজৰ নিজৰ ফেক্টৰীসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লোৱাৰ কথা ঘোষণা কৰা ৷ ইয়াৰ ফলত ৰাইজৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক লোকচানৰ সন্মুখীন হোৱাৰ সম্ভৱনাই দেখা দিছে ৷

ৰাজ্যৰ আন আন জিলাৰ লগতে বিশ্বনাথ জিলাতো প্ৰায় ৩০ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হৈছে‌‌ । এই সন্দৰ্ভত বটলিফ ফেক্টৰী মালিক সন্থাৰ বিশ্বনাথ জিলাৰ সম্পাদক লক্ষী ভৰালীয়ে অসমৰ কৃষকসকলে অভয়বাৰ্তা প্ৰদান কৰে ৷

তেওঁ ৰাজ্যৰ কৃষকসকল ভয় খাব লগা কোনো কথা নাই বুলি উল্লেখ কৰি কয় যে, ইয়াৰ পূৰ্বেও নিৰ্বাচনৰ আগতে অৰ্থাৎ ১ এপ্ৰিলৰ পৰা কেঁচাপাতসমূহ বটলিফ ফেক্টৰীয়ে নোলোৱাৰ সিদ্ধান্ত লৈছিল যদিও তাৰ সমাধান ওলাল আৰু বৰ্তমান ৰাজ্যৰ প্ৰতিটো বটলিফ ফেক্টৰীত কেঁচাপাত লৈ চলাই থকা হৈছে বুলি উল্লেখ কৰে । ভৰালীয়ে এই পৰিস্থিতিৰ বাবে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় টি ব'ৰ্ডক জগৰীয়া কৰিছে ৷

ৰাজ্যৰ লগতে দেশত চাহ-বাগিচা আৰু চাহ কলঘৰসমূহ নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিবলৈ ভাৰত চৰকাৰৰ এটা বিয়াগোম বিভাগ ভাৰতীয় টি ব'ৰ্ড আছে যদিও এই টি ব'ৰ্ড বিষয়া-কৰ্মচাৰীসকলৰ অমনোযোগিতাৰ ফলত এতিয়া চাহ খেতিয়কসকলে সঘনাই সমস্যাত ভুগি থাকিব লগা হৈছে বুলি উল্লেখ কৰাৰ লগতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগকো দোষাৰোপ কৰে লক্ষী ভৰালীয়ে ।

চাহ খেতিয়কসকলে চাহপাতত অধিক পৰিমাণৰ কেমিকেল ব্যৱহাৰৰ কৰা অজুহাত দেখুৱাই সঘনাই কৃষকসকলৰ ওপৰত যি শোষণ অত্যাচাৰ চলাই অহা হৈছে সেয়া কোনোপধ্যেই গ্ৰহণযোগ্য নহয় বুলি কোৱাৰ লগতে চাহ-বাগিচাত অত্যধিক কেমিকেল ব্যৱহাৰ কৰাৰ বাবে তেওঁ ভাৰতীয় টি ব'ৰ্ডৰ বিষয়া-কৰ্মচাৰীৰ লগতে ৰাজ্য চৰকাৰৰ কৃষি বিভাগক সম্পূৰ্ণ জগৰীয়া কৰে ।

তেওঁ কয়, ৰাজ্য চৰকাৰৰ কৃষি বিভাগে একাংশ এনে ঔষধ বিক্ৰেতাক অনুজ্ঞাপত্ৰ দিছে যাৰ কোনো যোগ্যতা নাই, যাৰ ফলত সাধাৰণ কৃষকে কোনটো কি কেমিকেল তাৰ কি কি বিষাক্ত গুণ আছে ভালকৈ জ্ঞাত নহয় ৷ এই ঔষধসমূহ সহজে দোকানত উপলব্ধ হয় যাৰ ফলত কৃষকে ক্ৰয় কৰি চাহ খেতি আদিত ব্যৱহাৰ কৰে । গতিকে এইক্ষেত্ৰত প্ৰথমে ৰাজ্যৰ প্ৰতিখন জিলাত কৃষি বিভাগে এই ঔষধ বিক্ৰী কৰা দোকানসমূহ পৰিদৰ্শন কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভৰালীয়ে আহ্বান জনায় ।

আনহাতে অহা ১ জুনৰ পৰা বটলিফ ফেক্টৰীসমূহ বন্ধ ঘোষণা কৰিছিল যদিও তাৰ সমাধান শীঘ্ৰে হ'ব বুলি উল্লেখ কৰা লগতে তেওঁ চাহ খেতিয়ক সকলে ভয় খাবলগীয়া একো নাই বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: গভীৰ অনিশ্চয়তাত ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যৎ - Small Tea Planters

লগতে পঢ়ক: কেঁচা পাত নলয় বটলিফ ফেক্টৰীয়ে: ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ - Assam Tea Industry

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.