কেঁচা পাত নলয় বটলিফ ফেক্টৰীয়ে: ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ - Assam Tea Industry
Assam Small tea growers : হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ 1 জুনৰ পৰা কেঁচা চাহপাত নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাত এতিয়া বিপাঙত পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক ৷

Published : May 20, 2024 at 8:10 PM IST
বিশ্বনাথ, 20 মে’ : 1 জুনৰ পৰা বটলিফ ফেক্টৰীসমূহে নলয় কেঁচা চাহপাত ৷ বিপাঙত লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক ৷ উল্লেখযোগ্য যে অলপতে অসম বটলিফ টি মেনুফেকছাৰ্ছৰ(এ বি এল টি এম এ) তৰফৰ পৰা এক বাৰ্তাৰ জৰিয়তে 1 জুনৰ পৰা ফেক্টৰী সমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে বুলি সদৰী কৰে ৷ যাৰ ফলত অসম তথা বিশ্বনাথ জিলাৰ হাজাৰ হাজাৰ চাহ খেতিয়কৰ মাজত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাই দেখা দিছে ৷ ইয়াকলৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশ্বনাথ জিলাৰ চাহ খেতিয়কসকলৰ মাজত ৷
অসমৰ অন্যতম লাভজনক উদ্যোগ হৈছে চাহ উদ্যোগ ৷ চাহ খেতিৰ জৰিয়তে ৰাজ্যৰ বহু লোকে বাট মোকলাইছে সংস্থাপনৰ ৷ লগতে ৰাজ্যৰ অৰ্থনীতিলৈ ক্ষুদ্ৰ চাহ খেতিয়কে যোগাইছে অভূতপূৰ্ব অৰিহণা ৷ পিচে এই লাভজনক খেতিত চেঁচা পানী ঢালিছে ৰাজ্যৰখনৰ একাংশ বটলিফ ফেক্টৰীৰ মালিক আৰু চৰকাৰে ৷ ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহ পাতত অধিক পৰিমাণৰ ৰাসায়নিক পদাৰ্থ থকাৰ আজুহাত দেখুৱাই 1 জুনৰ পৰা কেঁচা চাহপাত নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাত এতিয়া বিপাঙত পৰিছে অসমৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে বিশ্বনাথ জিলাৰ প্ৰায় 30 হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়ক ৷
ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ দাবী যে, অভিযোগ কৰাৰ দৰে ৰাসায়নিক পদাৰ্থযুক্ত ঔষধ বা নিষিদ্ধ কৰা ঔষধ চাহপাতত ব্যৱহাৰ কৰা নাই যদিও ভুল বাৰ্তা বিয়পাই একাংশ বটলিফ ফেক্টৰীৰ মালিকে কেঁচাপাতৰ মূল্য নিম্নগামী কৰাৰ এক ষড়যন্ত্ৰ ৰচনা কৰিছে ৷ ইফালে সঘনাই চাহ খেতিয়ক সকলক বিপদৰ মুখলৈ ঠেলি দিয়া কাৰ্য তেওঁলোকে সহজভাৱে ল’ব পৰা নাই ৷ আনহাতে বটলিফ ফেক্টৰীৰ মালিক, চৰকাৰ আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত আলোচনাত কৰি এই সমস্যা সমাধান কৰাৰ লগতে কেঁচা চাহপাত নোলোৱাৰ সিদ্ধান্ত বাতিল কৰিব লাগে আৰু ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে দাবী জনাইছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ৷ ইফালে অতি শীঘ্ৰে কেঁচা চাহপাত নোলোৱাৰ সিদ্ধান্ত বাতিল নকৰিলে ৰাজপথত আন্দোলন কৰাৰ হুংকাৰ জনাইছে ক্ষুদ্ৰ চাহ খেতিয়ক ৰাইজে ৷
লগতে পঢ়ক : সৌৰশক্তি চালিত জলসিঞ্চন প্ৰকল্পই হাঁহি বিৰিঙাইছে খেতিয়কৰ ওঁঠত - Solar Irrigation Cultivation

