তৃতীয়বাৰলৈ কানাডাৰ প্ৰধানমন্ত্ৰীৰ আসনত Justin Trudeau

author img

By

Published : Sep 21, 2021, 3:55 PM IST

candians-elects-justin-trudeaus-liberal-party-once-again

কানাডাত পুনৰ শাসনলৈ আহিল জাষ্টিন ট্ৰুডুৰ চৰকাৰ ৷ অৱশ্যে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভত ব্যৰ্থ হৈছে ট্ৰুডুৰ লিবাৰেল দল ৷

ইন্টাৰনেশ্বনেল ডেস্ক, 21 ছেপ্টেম্বৰ : সোমবাৰৰ সংসদীয় নিৰ্বাচনত কানাডিয়ানসকলে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ লিবাৰেল পাৰ্টিক পুনৰ বিজয় প্ৰদান কৰে ৷ কিন্তু একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ দৰে দলটোৱে নিৰংকুশ সংখ্যা গৰিষ্ঠ আসন লাভ কৰাৰ পৰা বঞ্চিত হয় ৷ দলটোৱে আসন লাভৰ সকলো ৰেকৰ্ড ভংগ কৰাৰ পথত আছিল । যেতিয়া ২০১৫ চনত ট্ৰুডো প্ৰথমবাৰৰ বাবে নিৰ্বাচনত জয়ী হৈছিল তেওঁ তেওঁৰ দেউতাক, লিবাৰেল আইকন আৰু স্বৰ্গীয় প্ৰধানমন্ত্ৰী পিয়েৰ ট্ৰুডোৰ দৰেই চমক দিবলৈ সক্ষম হৈছিল ৷

সম্প্ৰতি দুটাকৈ নিৰ্বাচনত তেওঁ দলক শীৰ্ষ স্থানলৈ লৈ যোৱাৰ পিছত তেওঁৰ দক্ষতাও পুনৰ প্ৰমাণিত হৈছে । নিৰ্বাচনত লিবাৰেল দলটোৱে ১৪৮ খন আসন, কনজাৰ্ভেটিভে ১০৩ খন, ব্লক কুইবেকোইছে ২৮ খন আৰু বামপন্থী নিউ ডেমক্ৰেটিক পাৰ্টিয়ে ২২ খন আসনত অগ্ৰগগতি লাভ কৰিছে । এই নিৰ্বাচনত স্পষ্টকৈ প্ৰকাশ পালে যে আন দলৰ সহায়ৰ ওপৰত নিৰ্ভৰ কৰাৰ দিশটো এৰাই চলিবলৈ পৰ্যাপ্ত আসন জিকাত ব্যৰ্থ হৈছে ট্ৰুডো ।

বিৰোধীয়ে ট্ৰুডোক তেওঁৰ নিজৰ ব্যক্তিগত উচ্চাকাংক্ষাৰ বাবে নিৰ্দিষ্ট সময়সীমাতকৈ দুবছৰ আগতে অপ্ৰয়োজনীয়ভাৱে আগতীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ অভিযোগ তুলিছিল । অৱশ্যে, ট্ৰুডোৱে স্পষ্টকৈ কৈছিল যে মহামাৰীৰ সময়ত কানাডিয়ানসকলে কনজাৰ্ভেটিভৰ চৰকাৰ বিচৰা নাই ।

উল্লেখযোগ্য যে, কানাডা এতিয়া বিশ্বৰ আটাইতকৈ অধিক টিকাকৰণ কৰা দেশবোৰৰ ভিতৰত এখন অন্যতম দেশ ৷ ট্ৰুডোৰ চৰকাৰে লকডাউনৰ মাজত অৰ্থনৈতিক সমন্বয় কৰিবলৈ কেইবাশ বিলিয়ন ডলাৰ খৰচ কৰিছিল ৷ তেওঁ যুক্তি দিছিল যে লকডাউন আৰু ভেকছিন সম্পৰ্কে সন্দিহান হৈ থকা কনজাৰ্ভেটিভসকলৰ দৃষ্টিভংগী দেশখনৰ বাবে বিপদজনক হ'ব ৷ তেওঁ কয় যে, কানাডিয়ানসকলক এখন বিজ্ঞানসন্মত চিন্তাত বিশ্বাস কৰা চৰকাৰৰ প্ৰয়োজন।

লগতে পঢ়ক : ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে সৰ্বানন্দ সোণোৱালৰ মনোনয়ন দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.