দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালাৰ বাসগৃহত অগ্নিকাণ্ড
দুলীয়াজানৰ বিধায়ক তেৰচ গোৱালাৰ বাসগৃহত বুধবাৰে নিশা সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ড (Fire broke out in MLA Teras Gowala house) । বিধায়কগৰাকীৰ পাকঘৰ আৰু শোৱনি কোঠাত সংঘটিত হয় এই অগ্নিকাণ্ড (Fire incident in Duliajan) ।
মাধৱদেৱৰ তিৰোভাৱ তিথি: বৰপেটা সত্ৰত পৰিৱেশন নৃসিংহ যাত্ৰা ভাওনা
সত্ৰনগৰী বৰপেটাত পালন কৰা হয় মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি (426th death anniversary of Madhavdev) ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বুধবাৰে নিশা সত্ৰত পৰিৱেশন কৰা হয় ভাওনা (Bhaona performance at Barpeta satra) ৷
মাগুৰি বিলত নতুন তৈলখাদ স্থাপনে তীব্র ভাবুকি কঢ়িয়াইছে বিলখনলৈ
পুনৰাবৃত্তি হ'ব নেকি বাঘজান কাণ্ডৰ (Baghjan fire incident)? মাগুৰি বিলত নতুন তৈলখাদ স্থাপনে বিলখনলৈ কঢ়িয়াই আনিছে তীব্র ভাবুকি (threat to the Maguri Beel) । পুনৰ নতুন তৈলখাদ স্থাপনক লৈ সৰৱ পৰিৱেশকৰ্মীৰ লগতে বাঘজানবাসী ।
মৰাণত আত্মসহায়ক গোটৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা মহিলাক সম্বৰ্ধনা এছবিআইৰ
আত্মসহায়ক গোটৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা মহিলাক সম্বৰ্ধনা জনালে ভাৰতীয় ষ্টেট বেংক মৰাণ শাখাই (felicitation to self reliant SHG by Moran SBI) । ভাৰতীয় ষ্টেট বেংক মৰাণ শাখাৰ উদ্যোগত 'মোৰ বেংক : মোৰ আত্মসহায়ক গোট' শীৰ্ষক কাৰ্যসূচী সম্পন্ন ।
বিশ্বৰ প্ৰথমগৰাকী শিশু নাট ৰচয়িতা মাধৱদেৱ : ড৹ ননীগোপাল মহন্ত
‘‘মহাপুৰুষ মাধৱদেৱ বিশ্বৰ প্ৰথমগৰাকী শিশু নাটৰ ৰচক (World first children drama writer Madhavdev) ৷ তেওঁ নাটসমূহ ৰচনা কৰাৰ সময়ত ভাৰতবৰ্ষৰ অন্য প্ৰান্তীয় ভাষাত এনেধৰণৰ নাট ৰচনা হোৱা নাছিল’’ ৷ বুধবাৰে বৰপেটা সত্ৰৰ কৰাপাটৰ সন্মুখত আয়োজন কৰা মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিৰ সোঁৱৰণী সভাত অংশ লৈ এই মন্তব্য কৰে ড৹ ননীগোপাল মহন্তই ৷