মাধৱদেৱৰ তিৰোভাৱ তিথি: বৰপেটা সত্ৰত পৰিৱেশন নৃসিংহ যাত্ৰা ভাওনা

By

Published : Sep 15, 2022, 10:21 AM IST

thumbnail

সত্ৰনগৰী বৰপেটাত পালন কৰা হয় মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি (426th death anniversary of Madhavdev) ৷ গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বুধবাৰে নিশা সত্ৰত পৰিৱেশন কৰা হয় ভাওনা (Bhaona performance at Barpeta satra) ৷ সত্ৰীয়া ৰীতি আৰু পৰম্পৰা অনুসৰি গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে শংকৰী সংস্কৃতিক ভাওনা দলে দৈতাৰি ঠাকুৰদেৱ বিৰচিত নৃসিংহ যাত্ৰা ভাওনাখন পৰিৱেশন কৰে ৷ পিংকুমনি দাসৰ পৰিচালনাত বৰপেটা সত্ৰত নৃসিংহ যাত্ৰা ভাওনাখনত বৰপেটা সত্ৰৰ বিভিন্ন বংশৰাসকলে অভিনয় কৰে ৷ বৰপেটা সত্ৰত পূৰ্বৰ পৰাই গুৰুদুজনাৰ কীৰ্তন উপলক্ষে সত্ৰীয়া পৰম্পৰা অনুসৰি বৰপেটা সত্ৰৰ বংশৰা আৰু হাটীগোটসমূহেও ভাওনা পৰিৱেশন কৰা পৰিলক্ষিত হয় (Death anniversary of Madhavdev observe in Barpeta) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.