ৰাণী এলিজাবেথৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু

author img

By

Published : Sep 14, 2022, 5:03 PM IST

Murmu

ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ১৭ ৰ পৰা ১৯ ছেপ্টেম্বৰৰ ভিতৰত লণ্ডন ভ্ৰমণ কৰি ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰিব আৰু ভাৰত চৰকাৰৰ হৈ সমবেদনা জ্ঞাপন কৰিব (President Murmu to attend Queen Elizabeth funeral) ।

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ১৭ ৰ পৰা ১৯ ছেপ্টেম্বৰৰ ভিতৰত লণ্ডন ভ্ৰমণ (President Droupadi Murmu London visit) কৰি ৰাণী দ্বিতীয় এলিজাবেথৰ ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব আৰু ভাৰত চৰকাৰৰ হৈ তেওঁ সমবেদনা জ্ঞাপন কৰিব (President Murmu to attend Queen Elizabeth funeral) । বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই কথা ঘোষণা কৰে ।

উল্লেখ্য, ৰাণী দ্বিতীয় এলিজাবেথৰ যোৱা ৮ ছেপ্টেম্বৰত মৃত্যু হয় (Queen Elizabeth II passed away) । ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে (Modi expressed condolence to Elizabeth II death) । আনহাতে, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ভাৰতৰ হৈ সমবেদনা জ্ঞাপন কৰিবলৈ ১২ ছেপ্টেম্বৰত লণ্ডনস্থিত ব্ৰিটিছ উচ্চায়ুক্তলৈ যায় ।

লগতে ভাৰতে দেওবাৰে ৰাষ্ট্ৰীয় শোক দিৱসো পালন কৰে । উল্লেখ্য, ৰাণী দ্বিতীয় এলিজাবেথৰ ৭০ বছৰীয়া শাসনকালত ভাৰত-ব্ৰিটেইনৰ মাজৰ চুক্তি আৰু সম্পৰ্ক বিকশিত আৰু শক্তিশালী হৈছিল । তেওঁ কমনৱেলথৰ মুৰব্বী হিচাপে বিশ্বৰ লাখ লাখ লোকৰ কল্যাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এক বিবৃতিত এনেদৰে কয় ।

৮ ছেপ্টেম্বৰত স্কটলেণ্ডৰ বালম'ৰেল কেচেল গ্ৰীষ্মকালীন বাসভৱনত ৯৬ বছৰ বয়সত মৃত্যুবৰণ কৰা ৰাণী দ্বিতীয় এলিজাবেথৰ ১৯ ছেপ্টেম্বৰত ৱেষ্টমিনষ্টাৰ এবেত এক ৰাষ্ট্ৰীয় অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানৰ দ্বাৰা চিৰ বিশ্ৰাম দিয়া হ'ব (funeral of Queen Elizabeth II on 19th September) ।

উল্লেখ্য, মঙলবাৰে এডিনবাৰ্গৰ পৰা ৰয়েল এয়াৰ ফ'ৰ্চৰ বিশেষ বিমানত দ্বিতীয় ৰাণী এলিজাবেথৰ মৃতদেহ লণ্ডনলৈ প্ৰেৰণ কৰা হয় । সম্প্ৰতি বাকিংহাম পেলেচত থাকিব ৰাণী । তাত অগণন লোকে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । সোমবাৰে এডিনবাৰ্গৰ ছেইণ্ট গাইলছ কেথেড্ৰেলত হাজাৰ হাজাৰ লোকে ৰাণীক শেষ বিদায় জনায়।

তেওঁৰ চাৰি সন্তান ৰজা তৃতীয় চাৰ্লছ, ৰাজকুমাৰী এন্নে, ৰাজকুমাৰ এণ্ড্ৰু আৰু ৰাজকুমাৰ এডৱাৰ্ডো ৰাজধানীত উপস্থিত থাকে । মঙলবাৰে স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৮ বজাত লণ্ডনত উপস্থিত হয় তেওঁৰ কফিন । ৰাজধানীত ৰজা তৃতীয় চাৰ্লছ আৰু ‘কুইন কনচৰ্ট’ কেমিলাই গ্ৰহণ কৰে কফিনটো । বাকিংহাম পেলেচে এক বিবৃতিত কয় যে বুধবাৰে ৰাণীৰ মৃতদেহ ৱেষ্টমিনিষ্টাৰ হললৈ অনা হʼব।

তাত মানুহে তেওঁক শ্ৰদ্ধাঞ্জলি জনাব । বুধবাৰে সন্ধিয়া ৫ বজাৰ পৰা অহা সোমবাৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ পূৰ্বে সন্ধিয়া ৬.৩০ বজালৈ সাধাৰণ ৰাইজে ৰাণীক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব । অহা সোমবাৰে ৱেষ্টমিনিষ্টাৰ এবেত স্বামী ফিলিপৰ কাষত ৰাণীক সমাধিস্থ কৰা হʼব।

লগতে পঢ়ক :Charles I: কেতিয়া শিৰচ্ছেদ হৈছিল ব্ৰিটেইনৰ ৰজাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.