ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 8:00 AM IST

আজিৰ দিনটোৰ ৰাশিফল
আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope For 29th April : কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি : মানসিকভাৱে আৰু শাৰীৰিকভাৱে অসুস্থ হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰত ঘৰৰ পৰিৱেশে আপোনাক উদ্বিগ্ন কৰিব পাৰে ৷ ভুল বুজাবুজিৰ হ’ব পাৰে ৷ খঙৰ ওপৰত নিয়ন্ত্ৰণ কৰক ৷

বৃষ ৰাশি : ধ্যান কৰক আৰু মনক স্থিৰ কৰক ৷ দিনৰ শেষভাগলৈ আপুনি ভাগৰি পৰিব ৷ আশা কৰি থকা ফল পাব পাৰে ৷ ভ্ৰমণ শুভ নহ’ব ৷ এলাহভাৱে আৱৰি ধৰিব ৷ শান্ত থাকক ৷ খোৱা-বোৱাত চকু ৰাখক ৷ নতুন একো কাম আৰম্ভ নকৰিব ৷

মিথুন ৰাশি : গণেশৰ আশীৰ্বাদত দিনটো আনন্দৰে পাৰ হ’ব ৷ সমাজ, পৰিয়াল আৰু সম্বন্ধীয়ৰ মাজত আপোনাৰ লোকপ্ৰিয়তাই আনন্দিত কৰিব ৷ পৰিয়ালৰ লগত মানসিক শান্তি পাব ৷ বন্ধু বা সহকৰ্মীৰ লগত বজাৰলৈ যাব পাৰে, বাহন ক্ৰয় কৰাৰ সুন্দৰ সময় ৷ ভাল পোৱা খাদ্যই আপোনাৰ আনন্দ বঢ়াই তুলিব ৷

কৰ্কট ৰাশি : ব্যৱসায়, সন্মান আদিৰে পৰিপূৰ্ণ সফল দিন ৷ সহকৰ্মীৰ পৰা সহযোগিতা লাভ কৰিব ৷ প্ৰিয়জনৰ লগত সময় কটাব পাৰিব ৷

সিংহ ৰাশি : গণেশৰ কৃপাত শুভ দিন ৷ সৰু কথাই খঙাল কৰি তুলিব ৷ খঙক নিয়ন্ত্ৰণ কৰক ৷ শৰীৰ সুস্থ ৷ এই সময়ত আপুনি কলা, খেল, ছবি অঁকা আদি কাম নিজ মনেৰে কৰিব পাৰিব ৷ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ প্ৰিয় বিষয়ত ভাল ফল দেখুৱাব পাৰিব ৷ বন্ধু আৰু পৰিয়ালৰ লগত সম্বন্ধৰ উন্নতি হ’ব ৷

কন্যা ৰাশি : দিন ভাল নহয় ৷ এলাহ আৰু মনোযোগহীনতাই সঠিক সময়ত শেষ হ’বলৈ নিদিব ৷ এই সমস্যাৰ ফলত মনত উদ্বেগ বাঢ়িব ৷ প্ৰিয়জনৰ লগত বিবাদে আপোনাক অশান্তি দিব ৷ মাতৃৰ শৰীৰ অসুস্থ হ’ব ৷ সাৱধানে থাকক ৷ সম্পত্তি বিষয়ৰ কামত অথবা আইনী কামত সাৱধানতা অৱলম্বন কৰক ৷

তুলা ৰাশি : ধৰ্মীয় ঠাই পৰিদৰ্শন কৰক ৷ আপোনাৰ চাৰিওফালৰ পৰিৱেশ উত্তেজনাপূৰ্ণ হ’ব ৷ পৰিয়ালৰ লগত সুখী সময় কটাব ৷ হাত দিয়া সকলো কাম সফল হ’ব ৷ কৰোবাৰ মিঠা কথাই আপোনাৰ অন্তৰ চুই যাব ৷

বৃশ্চিক ৰাশি : কথা কওতে সাৱধান হওক ৷ গ্ৰহৰ প্ৰভাৱত ঘৰুৱা পৰিস্থিতি জটিল হ’ব ৷ পৰিয়ালৰ লগত কাজিয়াৰ সুত্ৰপাত হ’ব ৷ কথা কওতে সাৱধান কৰক ৷ শান্ত হওক ৷ মনলে বেয়া ভাব আহিবলৈ নিদিব ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়াত মনোযোগ দিয়ক ৷

ধনু ৰাশি : সৰুকৈ তীৰ্থ ভ্ৰমণলৈ যাব পাৰে ৷ বিচৰা সকলো কাম সফল হ’ব ৷ শাৰীৰিক আৰু মানসিকভাৱে সবল অনুভৱ কৰিব ৷ আত্মবিশ্বাস বৃদ্ধি ৷ প্ৰিয়জনক লগ পাব ৷ সামাজিক সন্মান বৃদ্ধি ৷

মকৰ ৰাশি : ধৰ্মীয় কামত বেছি মন দিব ৷ কিছু ব্যয় হ’ব ৷ আইনী বিষয়ৰ কামত চকু ৰখা প্ৰয়োজন ৷ দুৰ্ঘটনা আৰু অপাৰেচনৰ পৰা আঁতৰত থাকক ৷

কুম্ভ ৰাশি : সফল দিন ৷ ব্যবসায়ত উন্নতি হ’ব ৷ পুৰণি বন্ধু লগ পাব ৷ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰক ৷ নতুন কাম আৰম্ভ কৰাৰ সুন্দৰ সময় ৷ বিবাহৰ বাবে প্ৰস্তাৱ দিব বিচাৰিছে যদি উত্তম দিন ৷

মীন ৰাশি : গণেশৰ কৃপা আৰু আশীৰ্বাদত শুভ দিন ৷ পৰিয়লৰ লগত সম্পৰ্ক ভাল হ’ব ৷ পৰিয়ালৰ লগত সময় কটাওক ৷ ধাৰলে লোৱা টকা ঘূৰাই দিয়ক ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.