জেহাদী গোচৰৰ বুজ ল'বলৈ গোৱালপাৰাত জি পি সিং

author img

By

Published : Sep 14, 2022, 8:57 PM IST

জেহাদী গোচৰৰ বুজ ল'বলৈ গোৱালপাৰাত জি পি সিং

জেহাদী সম্পৰ্কে অসম আৰক্ষীয়ে যেতিয়ালৈকে খবৰ আৰু তথ্য পাই থাকিব তেতিয়ালৈকে অভিযানো অব্যাহত থাকিব ৷ গোৱালপাৰাত উপস্থিত হৈ আজি এই মন্তব্য কৰে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ৷

গোৱালপাৰা, 14 ছেপ্টেম্বৰ: অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে (ADGP G P Singh) আজি গোৱালপাৰাত উপস্থিত হৈ জেহাদী কাৰ্যকলাপ নাশ কৰা সন্দৰ্ভত জিলাখনৰ আৰক্ষী অধীক্ষকৰ (S P Goalpara) লগতে জেহাদী সম্পৰ্কে ৰুজু হোৱা গোচৰৰ তদন্তকাৰী বিষয়া সকলৰ সৈতে এক আলোচনাত মিলিত হয় ।

জেহাদী গোচৰৰ বুজ ল'বলৈ গোৱালপাৰাত জি পি সিং

বুধবাৰে প্ৰথমে তেওঁ দুধনৈ থানাত উপস্থিত হৈ জেহাদী সম্পৰ্কে ৰুজু হোৱা গোচৰৰ সবিশেষ আলোচনা কৰি কিদৰে গোচৰ সমূহ আগুৱাই লৈ যাব লাগিব সেই সম্পৰ্কে পৰামৰ্শ দিয়ে । পিছত তেওঁ গোৱালপাৰাত উপস্থিত হৈ আৰক্ষী অধীক্ষকৰ সৈতে আলোচনাত মিলিত হয় ।

আলোচনাৰ অন্তত সংবাদ মাধ্যমৰ আগত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে জেহাদী সম্পৰ্কে (Jihadi activities in Assam) অসম আৰক্ষীয়ে যেতিয়ালৈকে খবৰ আৰু তথ্য পাই থাকিব তেতিয়ালৈকে অভিযানো অব্যাহত থাকিব । গোৱালপাৰাত গ্ৰেপ্তাৰ হোৱা জেহাদী সকলৰ পৰিকল্পনা আৰু ৰাজ্যৰ আন প্ৰান্তত ধৰা পৰা জেহাদী সকলৰ পৰিকল্পনাৰ মিল আছে নে নাই সেই সম্পৰ্কে অসম আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি তেওঁ জানিবলৈ দিয়ে ।

লগতে পঢ়ক: বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মালৈ তাঁতীকুছি বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.