বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মালৈ তাঁতীকুছি বঁটা

By

Published : Sep 14, 2022, 8:21 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক তাঁতীকুছি বঁটাৰ(Tantikusi Award to Vashishtha Dev Sharma) বাবে নিৰ্বাচিত কৰা হৈছে ৷ বিশিষ্ট সত্ৰীয়া সাধক গৰাকীক আহা ১৪ নৱেম্বৰত বৰপেটা সত্ৰৰ বৰখালত প্ৰদান কৰা হ’ব তাঁতীকুছি বঁটা ৷ সত্ৰীয়া সাধকগৰাকীৰ বাসগৃহত তাঁতীকুছিৰ প্ৰতিনিধি উপস্থিত হৈ বঁটা প্ৰদানৰ কথা অৱগত কৰাৰ লগতে তেখেতক জনালে সম্বৰ্ধনা  ৷ উল্লেখ্য় যে বৰপেটাৰ সামাজিক সাংস্কৃতিক সংস্থা 'তাঁতীকুছি'য়ে বৰপেটাৰ পূৰ্বৰ নাম তাঁতীকুছিৰ নামত কেইবাবছৰ ধৰি ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলক প্ৰদান কৰি আহিছে তাঁতীকুছি বঁটা ৷ বিগত কেইবামাহ ধৰি অসুস্থ হৈ থকা বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাই এই বঁটা প্ৰাপ্তিক শৰীৰৰ বাবে এক নতুন ঔষধ হিচাপে গ্ৰহণ কৰা বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ বাসগৃহৰ চোতালতে বৰপেটাৰ একাংশ বিশিষ্ট লোকৰ নেতৃত্বত তাঁতীকুছি'ৰ জন্ম হৈছিল ৷ ইপিনে, ইয়াৰ পূৰ্বে বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই লাভ কৰিছিল মাধৱদেৱ বঁটা( Madhavdev Award)। সত্ৰনগৰী বৰপেটা বিভিন্ন সময়ত একাধিক নামেৰে পৰিচিত হৈ আহিছে ৷ একালত তাঁতীকুছি হিচাপি পৰিচিত ঐতিহ্যনগৰী বৰপেটাৰ পূৰ্বৰ নাম সুঁৱৰি তাঁতীকুছি নামৰ সামাজিক সাংস্কৃতিক সংস্থাটোৱে প্ৰতিবছৰে বিভিন্নজনক 'তাঁতীকুছি বঁটা' প্ৰদান কৰি আহিছে ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.