Vicky Kaushal Katrina Kaif news: প্ৰথমবাৰৰ বাবে স্ক্ৰীণ শ্বেয়াৰ কৰিছে বিকী-কেটৰিণাই

author img

By

Published : Sep 14, 2022, 5:26 PM IST

Vicky Kaushal

বিকী-কেটৰিণাৰ শেহতীয়া ভাইৰেল হোৱা ফটো দেখি জল্পনা-কল্পনাত শুব পৰা নাই অনুৰাগী ৷ প্ৰথমবাৰৰ বাবে বিকী-কেটৰিণা স্ক্ৰীণত একেলগে দেখা পাই অনুৰাগীৰ গা একেবাৰে সাতখন আঠখন ৷ শ্বুটিঙৰ পৰা ছবিবোৰ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। দুয়োকে সাংঘাতিক ধুনীয়া দেখাইছে ফটোবোৰত ! বিকী কৌশল আৰু কেটৰিণা কাইফৰ প্ৰথম প্ৰজেক্টটোৰ বিষয়ে জানো আহকচোন (VicKat new project)-

চিটাৰা ডেস্ক, 14 ছেপ্টেম্বৰ : VicKat ৰ অনুৰাগীসকললৈ সুখবৰ ৷ অতি সোনকালেই আপোনালোকে আপোনাৰ প্ৰিয় যুটিটোক স্ক্ৰীণত একেলগে দেখিবলৈ পাব প্ৰথমবাৰৰ বাবে ! এই প্ৰজেক্টৰ ইতিমধ্যে শ্বুটিঙো আৰম্ভ হৈছে, য’ৰ পৰা ভাইৰেল হৈ পৰিছে দুয়োৰে ফটো ৷ ভাইৰেল ফটোসমূহ দেখি প্ৰজেক্টটোক লৈ অধিক উৎসাহী পৰিছে অনুৰাগীসকল (Vicky Kaushal Katrina Kaif latest news) ৷

ভাইৰেল হৈ পৰা ফটোসমূহত দুয়োকে আৰামদায়ক সাজত দেখা গৈছে । সাংঘাতিক মৰম লাগিছে দুয়োকে ফটোসমূহত ৷ দুয়োৰে প্ৰথম প্ৰজেক্টৰ ফটোসমূহৰ পৰা চকু আঁতৰাব পৰা নাই অনুৰাগীয়ে (VicKat new project) ৷

2021 চনৰ ডিচেম্বৰ মাহত ৰাজস্থানত এক অন্তৰংগ বিবাহ অনুষ্ঠানত দুয়ো বিবাহপাশত আবদ্ধ হৈছিল । বিয়াৰ পূৰ্বে সম্পৰ্কত থকাৰ কথা কেতিয়াও মানি লোৱা নাছিল তেওঁলোকে, কিন্তু প্ৰায় দুবছৰ ধৰি ডেট কৰিছিল ইজনে সিজনক । কফি উইথ কৰণত কেটৰিণাই প্ৰকাশ কৰে যে তেওঁ জোয়া আখতাৰৰ পাৰ্টীত বিকীক লগ পাইছিল আৰু তেতিয়াৰ পৰাই তেওঁলোকৰ মাজত ৰোমাঞ্চ ফুটি উঠে ।

কেটৰিণাই লগতে কৈছিল যে বিকীৰ কথা তেওঁ কেতিয়াও অন্য ধৰণে ভবা নাছিল ৷ প্ৰথমতে তেওঁ বিকীৰ বিষয়ে বৰ বিশেষ একো জনাও নাছিল ৷ তেওঁৰ নাম শুনাৰ বাহিৰে কেতিয়াও দুয়োৰে কথা-বতৰা হোৱা নাছিল ৷ কিন্তু প্ৰথমবাৰৰ বাবে বিকীক লগ পোৱাৰ পিছত মন পিছলি পৰিছিল কেটৰিণাৰ ৷ বিকীৰে সৈতে কেটৰিণাই সম্পৰ্কটো অবিশ্বাস্য আৰু অকল্পনীয় হিচাপে অভিহিত কৰে ৷

পিছে বেছিকৈ আশা নকৰিব নতুন প্ৰজেক্টটোকলৈ ! ছবিৰ বাবে নহয়, বৰঞ্চ এটা টিভি বিজ্ঞাপনৰ বাবে সহযোগিতা কৰিছে স্বামী-স্ত্ৰীয়ে ।

ইফালে, ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে, কেটৰিণাক (Katrina Kaif upcoming movies) পৰৱৰ্তী সময়ত দেখা যাব এখন হ’ৰ’ৰ কমেডী ছবি ফোন ভূটত সিদ্ধান্ত চতুৰ্বেদী আৰু ঈশান খাট্টাৰৰ সৈতে ৷ ছবিখন ছবিগৃহত 2022 চনৰ 4 নৱেম্বৰত প্ৰদৰ্শিত হ’ব । তাৰ বাহিৰেও দক্ষিণৰ অভিনেতা বিজয় সেতুপতিৰ সৈতে 'মেৰী খ্ৰীষ্টমাচ'ত দেখিবলৈ পোৱা যাব তেওঁক ৷ ছলমান খানৰ সৈতে টাইগাৰ 3য়ো আছে কেটৰিণাৰ হাতত ৷ টাইগাৰ 3 2023 চনৰ 23 এপ্ৰিলত মুক্তি পাব ।

ইফালে গোবিন্দ নাম মেৰাত ভূমি পেডনেকাৰ আৰু কিয়াৰা আদৱানীৰ সৈতে দেখা যাব বিকীক (Vicky Kaushal new movie) । লক্ষ্মণ উটেকাৰৰ নাম ঠিক নোহোৱা ছবিখনতো তেওঁক ছাৰা আলী খানৰ বিপৰীতে দেখা যাব । ইয়াৰ বাহিৰেও তেওঁৰ হাতত আছে তৃপ্তি ডিমৰী আৰু মেঘনা গুলজাৰৰ সৈতে আনন্দ তিৱাৰীৰ শিৰোনামহীন ছবি, য’ত ছান্যা মালহোত্ৰা আৰু ফাতিমা চানা শ্বেখো আছে ৷

লগতে পঢ়ক : অপ্ৰত্যাশিতভাৱে আৰম্ভ হৈছিল বিকী কৌশলৰ সৈতে কেটৰিণাৰ প্ৰেম কাহিনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.