ETV Bharat / bharat

আজিৰ দিনটোৰ ৰাশিফল - Daily Horoscope For 30th April

author img

By ETV Bharat Assamese Team

Published : Apr 30, 2024, 12:06 AM IST

Daily Horoscope For 30th April 2024
আজিৰ দিনটোৰ ৰাশিফল

Daily Horoscope For 30th April: কেনে যাব আপোনাৰ আজিৰ দিনটো ? জানিবলৈ চাওক আজিৰ দিনটোৰ ৰাশিফল...

মেষ ৰাশি: আপোনাৰ ভাগ্য আজি আপোনাৰ লগত নাই সেয়ে আজিৰ দিনটোত আপুনি সাৱধানতা অৱলম্বন কৰাটো উচিত ৷ কৰ্মস্থলীত কাম পৰিচালনা কৰোঁতে আপুনি কঠিনতাৰ সন্মূখীন হ’ব পাৰে ৷ জ্যেষ্ঠ কৰ্মীৰ লগত কথা পাতোতে নম্ৰ হওক, ই আপোনাক উপকৃত কৰিব ৷ দিনটোৰ পিচৰ ভাগত পৰিস্থিতি উন্নত হ’ব ৷ কৰ্মস্থলীত মৃসণ পৰিচালনাৰ লগতে ঘৰুৱা পৰিৱেশ শান্ত হৈ থাকিব ৷ আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷

বৃষ ৰাশি: আপুনি অধিক সংবেদনশীল আৰু অস্থিৰ হৈ থাকিব যিয়ে আপোনাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাব পাৰে ৷ আপোনাৰ মনৰ পৰিৱৰ্তনে সম্পৰ্ক নষ্ট কৰিব পাৰে; মনক নিয়ন্ত্ৰণ কৰক আৰু কথা কওতে লক্ষ্য দিয়ক ৷ কৰ্মস্থলীত বাধাৰ সন্মূখীন হ’ব পাৰে, নতুন কাম আৰম্ভ কৰাটো আজিৰ বাবে এৰাই চলক ৷ জ্যেষ্ঠ, সহকৰ্মীৰ লগত বিবাদত লিপ্ত নহ’ব ৷ আপোনাৰ কাম সফলতাৰে সম্পূৰ্ণ কৰাত অলপ পলম হোৱা যেন লক্ষ্য কৰিব ৷ ধৈৰ্য ধৰক ৷ ধ্যান সাধনাই আপোনাক কিছু শান্তি প্ৰদান কৰিব ৷

মিথুন ৰাশি: এয়া চিন্তামুক্ত হোৱা আৰু আনন্দ কৰাৰ সময় ৷ আপোনাক আনন্দ দিয়া বহুতো কাৰ্যত আপুনি অংশগ্ৰহণ কৰিব পাৰে যেনে বজাৰ কৰা, খাদ্য খোৱা, ৰোমাঞ্চকৰ খেলা আৰু আনন্দ উপভোগ কৰা ৷ তথাপিও সন্ধিয়ালৈ আপুনি অধিক আবেগিক হৈ থাকিব, যি আপোনাক চিন্তিত আৰু বিৰক্ত কৰিব পাৰে ৷ অনৈতিক কামত লিপ্ত হোৱাৰ পৰা বিৰত থাকক ৷ আৰ্থিক ব্যয়ৰ সম্ভাৱনা আছে ৷ যোগাসনে আপোনাক শান্ত কৰিব পাৰে আৰু অপ্ৰত্যাশিত পৰিস্থিতি চম্ভালিবলৈ সাহস প্ৰদান কৰিব ৷

কৰ্কট ৰাশি: এটা আনন্দময় দিনৰ আভাস হয় ৷ কৰ্মস্থলীত বন্ধুত্বপূৰ্ণ পৰিবেশে আপোনাৰ মন সলনি কৰিব পাৰে ৷ আপোনাৰ প্ৰতিদ্বন্দীয়ে কৰ্মস্থলীত বেয়া প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে ৷ মাতৃৰ ফালৰ পৰা ভাল খবৰে ঘৰৰ পৰিবেশ অধিক আনন্দময় কৰি তুলিব ৷ আপোনাৰ মানসিক আৰু শাৰীৰিক স্থিতি আজি সৰ্বশ্ৰেষ্ঠ হৈ আছে ৷ সমাজত নাম খ্যাতি লাভ কৰিব পাৰে ৷ ব্যৱসায়ত লাভ ৷

সিংহ ৰাশি: প্ৰেম লাভ কৰিব ৷ আপোনাৰ সংগীক আজি সাক্ষাৎ কৰি সময় কটাব পাৰে ৷ আপোনাৰ মন-মেজাজত নিয়ন্ত্ৰণ ৰাখক অন্যথা ই পৰিস্থিতি বেয়া কৰিব পাৰে ৷ শাৰীৰিকভাৱে, আপুনি অলপ দুৰ্বল হৈ থাকিব পাৰে, পাচন প্ৰক্ৰিয়াৰ সমস্যা হ’ব পাৰে ৷ দিনটোৰ দ্বিতীয়ভাগত আপুনি আপোনাৰ শৰীৰ আৰু মন উন্নত হোৱা যেন অনুভৱ কৰিব পাৰে ৷ আপুনি অধিক আনন্দময় আৰু উৎসাহিত অনুভৱ কৰিব ৷ ব্যৱসায়ত আপোনাৰ অধিনস্থসকলৰ বাবে লাভ অৰ্জন কৰিব পাৰে; আপোনৰ প্ৰতিদ্বন্দীয়ে আপোনাক ঈৰ্ষা কৰিব পাৰে ৷ তৎস্বত্বেও আপুনি সফলতা লাভ কৰিব ৷

কন্যা ৰাশি: আজি আপুনি এলেহুৱা আৰু দুৰ্বল হৈ থাকিব পাৰে ৷ আৰ্থিক ব্যয়ৰ সম্ভাৱনা আছে ৷ আপোনাৰ মেজাজ মনৰ কিছু পৰিবৰ্তন কৰিব পাৰে ৷ নিয়োজিত কাম সময়মতে সমাপ্ত কৰিব নোৱাৰাটোৱে আপোনাক হতাশ কৰিব ৷ আপোনাৰ চিন্তাৰ প্ৰধান কাৰণ হ’ব আপোনাৰ সন্তান ৷ ভ্ৰমণৰ পৰিকল্পনা আন দিনলৈ পিছুৱাই দিয়ক ৷

তুলা ৰাশি: নতুন কাম আৰম্ভ কৰিবৰ বাবে সৌভাগ্যশালী আৰু উপযুক্ত দিন ৷ শৈশৱৰ বন্ধুক লগ পোৱাটোৱে আপোনাৰ দিনটো অধিক আনন্দময় কৰি তুলিব ৷ আপোনাৰ সন্মান আৰু খ্যাতি বৃদ্ধি পাব ৷ সন্ধিয়া বেলা অসন্তুষ্ট হ’ব পাৰে, আৰু ই পৰিয়ালত বিবাদৰ সৃষ্টি কৰিব পাৰে ৷ আপোনাৰ মাতৃৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ সম্পত্তি আৰু সম্পদৰ বিষয়ত সতৰ্ক হওক ৷ প্ৰয়োজন সাপেক্ষে সাৱধানতা অৱলম্বন কৰক ৷

বৃশ্চিক ৰাশি: দিনটোৰ ঋণাত্নক চিন্তাই আপোনাক আৱৰি ৰাখিব কোনো কাম বেয়া হোৱাৰ ভাৱনাই আপোনাক দিনটো বেৰি ৰাখিব ৷ কোনো গুৰুত্বপূৰ্ণ বিষয়ৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক ৷ ঘৰত আপুনি কোনো সম্পৰ্ক বেয়া কৰিব পাৰে, তথাপিও আপুনি শীঘ্ৰেই সেয়া সমাধান কৰিব আৰু ভাতৃ-ভগ্নীৰ লগত মিলি সময় কটাব পাৰিব ৷

ধনু ৰাশি: এটা ফল লাভৰ দিনৰ আভাস হয় ৷ আৰ্থিক লাভ আৰু কৰ্মত সফলতা লাভ কৰিব ৷ ই আপোনাক উৎসাহিত কৰিব আৰু আপুনি সকলো কামতে আগভাগ লব তথা উৎসাহ প্ৰদৰ্শন কৰিব ৷ সন্ধিয়া, মন্দিৰ দৰ্শন কৰক আৰু অলপ সময় নিৰিবিলিভাৱে বহক ৷ ই আপোনাৰ প্ৰশ্নসমূহৰ সমাধান দিন ৷ ঘৰত তথা কৰ্মস্থলীত আপুনি চাপ অনুভৱ কৰিব ৷ অপ্ৰয়োজনীয় ব্যয় কৰাৰ পৰা বিৰত থাকক ৷

মকৰ ৰাশি: দিনটোৰ প্ৰথমভাগত আপুনি আক্ৰমণাত্মক আৰু বিৰক্ত হৈ থাকিব ৷ আপোনাৰ মনৰ পৰিৱৰ্তনক লক্ষ্য কৰক, ব্যক্তিগত সম্পৰ্কত আঘাত সানিব পাৰে ৷ প্ৰিয়জনৰ লগত বিবাদত লিপ্ত হ’ব পাৰে আৰু কাৰোবাক আহত কৰিব পাৰে ৷ এনে পৰিস্থিতি এৰাই চলিবৰ বাবে, মনে মনে থাকিবৰ চেষ্টা কৰক আৰু ধ্যান সাধনা কৰক; ই নিশ্চয় আপোনাক শান্তিপূৰ্ণ মন প্ৰদান কৰিব ৷ দিনটোৰ দ্বিতীয়ভাগত পৰিস্থিতি উন্নত হ’ব ৷ ঘৰৰ পৰিবেশ শান্ত আৰু আনন্দময় হ’ব ৷ বিবাহিত লোকসকলে বৈবাহিক আনন্দ লাভ কৰিব ৷ সন্ধিয়া কোনো শুভ অনুষ্ঠানত উপস্থিত থাকিব পাৰে ৷

কুম্ভ ৰাশি: দিনটো শুভ ৷ সামাজিক কামত আপোনাৰ সক্ৰিয় অংশগ্ৰহণে আপোনাক উৎসাহিত কৰিব আৰু আপোনাক মান্যতা প্ৰদান কৰিব ৷ বিবাহৰ প্ৰাৰ্থীয়ে সংগীক লগ পাব পাৰে, যি ঘৰত আনন্দ আৰু উদ্দীপনা সৃষ্টি কৰিব ৷ আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ অত্যধিক ব্যয় নকৰিব ৷ দিনটো শুভ হওক ৷

মীন ৰাশি: এটা আনন্দময় দিন ৷ আপোনাৰ ব্যৱসায়ে বিস্তাৰ লাভ কৰিছে আৰু আপোনাক বিভিন্ন স্থানলৈ লৈ যোৱাৰ সম্ভাৱনা আছে ৷ আপোনাৰ কামৰ দ্বাৰা আপোনাৰ জ্যেষ্ঠসকল সন্তুষ্ট হৈছে আৰু ই আপোনাৰ প্ৰতি তেওঁলোকৰ ইতিবাচক মনোভাৱক দৰ্শাই ৷ আপোনাৰ লাভ আৰু আয় বৃদ্ধি পাব ৷ পিতৃ আৰু অন্য বয়োজেষ্ঠসকলৰ আশীৰ্বাদ লাভ কৰিব ৷ বৰ্তমানৰ আনন্দময় সময় উপভোগ কৰক ৷ দান বা অনুদান প্ৰদান কৰি আপোনাৰ দিনটোৰ অন্ত পেলাওক ৷

লগতে পঢ়ক: জানি লওক আপোনাৰ সপ্তাহটোৰ ৰাশিফল - Weekly Horoscope

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.