ETV Bharat / entertainment

প্ৰকৃততে কি হৈছে ৰাখী সাৱন্তৰ ? সংকটজনক অৱস্থাত নেকি অভিনেত্ৰীগৰাকী - Rakhi Sawant Hospitalized

author img

By ETV Bharat Assamese Team

Published : May 16, 2024, 6:52 PM IST

Rakhi Sawant Hospitalized: বিগত ১৫ মে’ত হঠাৎ চিকিৎসালয়ত ভৰ্তি কৰোৱা হ’ল ৰাখী সাৱন্ত । গুৰুত্বৰ অৱস্থাত আছে নেকি ৰাখী ৷ ৰাখীৰ প্ৰাক্তন স্বামী ৰিতেশে দিলে অভিনেত্ৰীৰ স্বাস্থ্যৰ আপডেট ।

Rakhi Sawant's Ex husband, Ritesh Singh, has disclosed that she has a tumor in her uterus He revealed that doctors suspect it might be cancer
প্ৰকৃততে কি হৈছে ৰাখী সাৱন্তৰ ? সংকটজনক অৱস্থাত নেকি অভিনেত্ৰীগৰাকী (ETV BHARAT HINDI)

চিটাৰা ডেস্ক, 16 মে’: যোৱা ১৫ মে’ত ৰাখী সাৱন্তক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ বুকুৰ বিষৰ সমস্যা ৰাখীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় সামাজিক মাধ্যমৰ পৰা জানিব পৰা গৈছে ৷ চিকিৎসালয়ৰ বিচনাত পৰি থকা ৰাখীৰ ছবি ছ’চিয়েল মিডিয়াত সম্প্ৰতি ভাইৰেল হৈ পৰে ৷ ইয়াৰ পিছত ৰাখীৰ অনুৰাগীসকল চিন্তিত হৈ পৰিছে আৰু জানিব বিচাৰিছে যে ৰাখীৰ দৰাচলতে হৈছে কি ৷ সম্প্ৰতি ৰাখীৰ স্বাস্থ্যৰ আপডেট দিছে ৰাখীৰ প্ৰাক্তন স্বামী ৰিতেশে ৷

বুকুৰ বিষৰ সমস্যা

সংবাদমাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰিতেশে ৰাখীক ভৰ্তি কৰাৰ সময়ত কি হৈছিল সেই কথা বিবৰি কয় ৷ ৰিতেশে ক’লে, ‘‘ৰাখীয়ে ২-৩ দিন বুকুৰ বিষৰ সমস্যাত ভুগি আছিল ৷ আমি ইয়াক আওকাণ কৰি ভাবিলোঁ হয়তো ডিহাইড্ৰেচনৰ বাবেই হৈছে ৷ অৱশ্যে বিষটো চলি থাকিল আৰু তাৰ পিছত তেওঁৰ বাওঁহাতখন বিষাইছে বুলি ক’বলৈ ধৰিলে ৷ খোজ কাঢ়িবলৈও অসুবিধা পাইছিল ৷ তেনেতে তেওঁ হঠাৎ বুকুখন জোৰেৰে ধৰি গাড়ীত শুই পৰিল ৷ আমি লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰালোঁ ৷’’

ৰাখীৰ জৰায়ুত টিউমাৰ

ৰিতেশে আৰু কয়, ‘‘ৰাখীৰ বহু টেষ্ট হৈছিল আৰু চিকিৎসকে কয় যে, ৰাখীৰ জৰায়ুত টিউমাৰ আছে ৷ চিকিৎসকে সন্দেহ কৰিছে যে ই কেন্সাৰো হ’ব পাৰে ৷ ৰাখীৰ মাতৃৰো কেন্সাৰ হৈছিল ৷ এই মুহূৰ্তত চিকিৎসকে পৰীক্ষা কৰি আছে ৷ প্ৰথম অৱস্থাত ৰাখী ঠিকেই আছিল ৷ তেওঁ আমাৰ লগত কথা পাতি আছিল ৷ কিন্তু নিশালৈ তেওঁৰ আকৌ বিষ হ’বলৈ ধৰিলে ৷ গোটেই ৰাতি তেওঁ চিন্তিত হৈ পৰিল ৷ চিকিৎসকে তেওঁক ঔষধ দিলে ৷ তেওঁ এতিয়াও সম্পূৰ্ণ সুস্থিৰ হোৱা নাই তেওঁ ৷’’

ৰিতেশেও পিচলৈ ক’লে যে, আমি বুকুৰ বিষৰ বাবে ৰাখীক ভৰ্তি কৰিলো ৷ কিন্তু তদন্তৰ সময়ত আমি আৰু বহুত কথা জানিব পাৰিলোঁ ৷ চিকিৎসকে এঞ্জিঅ’গ্ৰাফীৰ পৰামৰ্শ দিছে ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৰাখী সাৱন্তৰ আবেদন : ভাইজানৰ নিৰাপত্তা বৃদ্ধি কৰক... - Rakhi Sawant appeals to PM

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.