ETV Bharat / entertainment

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৰাখী সাৱন্তৰ আবেদন : ভাইজানৰ নিৰাপত্তা বৃদ্ধি কৰক... - Rakhi Sawant appeals to PM

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 11:18 AM IST

RAKHI SAWANT APPEALS TO PM
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ৰাখী সাৱন্তৰ আবেদন : ভাইজানৰ নিৰাপত্তা বৃদ্ধি কৰক...

Rakhi Sawant: বলীউডৰ মনোৰঞ্জনকাৰী অভিনেত্ৰী ৰাখী সাৱন্তে গেলেক্সী এপাৰ্টমেণ্টৰ বাহিৰত গুলী চালনাৰ ঘটনা সংঘটিত হোৱাৰ পাচতেই ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত আবেদন জনাইছে ।

চিটাৰা ডেস্ক, 28 এপ্ৰিল : বলীউডৰ ড্ৰামা কুইন ৰাখী সাৱন্তে সততেই তেওঁৰ মন্তব্য তথা কামেৰে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰি আহিছে ৷ শেহতীয়াকৈ, বলীউডৰ ভাইজান তথা অভিনেতা ছলমান খানৰ বান্দ্ৰাস্থিত বাসগৃহ গেলেক্সীৰ বাহিৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল ৷

তাৰ পাচতেই ৰাখী সাৱন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰত আবেদন জনাইছে যে, ছলমান খানৰ সুৰক্ষাৰ বাবে উচ্চ পৰ্যায়ৰ নিৰাপত্তা প্ৰদান কৰিব লাগে । ৰাখীয়ে ছলমান খানক কহিনুৰৰ হীৰাৰ সৈতে তুলনা কৰি কেতবোৰ মন্তব্য কৰে ।

ৰাখীয়ে কয়, ‘‘মই ছলমান ভাইক হাত জোৰ কৰি কওঁ যে তেওঁ কেতিয়াও আহি নিজৰ ঘৰৰ বাৰান্দাত থিয় নহয় ৷ বিশেষকৈ ঈদ তথা জন্মদিনত । আপুনি আপোনাৰ অনুৰাগীসকলক লগ কৰিবলৈ এখন ডাঙৰ হোটেল বুক কৰিব পাৰে ৷ তেওঁলোকক তাত লগ কৰক, যাতে আপোনাৰ সুৰক্ষা নিশ্চিত কৰা হয় ৷’’

অভিনেত্ৰীগৰাকীয়ে লগতে কয়, ‘‘ছলমান খান আমাৰ দেশৰ বাবে কহিনুৰ হীৰাতকৈ অধিক গুৰুত্বপূৰ্ণ । ছলমান খানক সুৰক্ষা দিয়াটো অধিক গুৰুত্বপূৰ্ণ । তেওঁ কিংবদন্তী । মোদীজীক ছলমান খানক জেড, ৱাই, এক্স সকলো শ্ৰেণীৰ নিৰাপত্তা দিবলৈ অনুৰোধ কৰিছো । কংগনা ৰনৌতক ইমান সুৰক্ষা দিয়া হৈছে, সেয়াও কোনো অৰ্থ অবিহনে । গতিকে মই ভাবো ছলমান খানক যথেষ্ট সুৰক্ষা দিয়াৰ প্ৰয়োজন আছে । তেওঁ বলীউডৰ এজন কিংবদন্তীও। তেওঁ মোৰ ভাই ।"

উল্লেখ্য যে, যোৱা 14 এপ্ৰিলত ছলমান খানৰ মুম্বাইৰ বাসগৃহৰ বাহিৰত দুই আততায়ীয়ে গুলীচালনা কৰিছিল ৷ তাৰ পাচতেই এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ সম্প্ৰতিও ঘটনৰ তদন্ত অব্যাহত আছে ৷

লগতে পঢ়ক : কেটৰিনা কাইফৰ সৈতে কাম কৰাৰ সুযোগ পায়ো কিয় নকৰিলে এইগৰাকী গায়কে ? - Pakistani Singer Abrar Ul Haq

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.