ETV Bharat / entertainment

কেটৰিনা কাইফৰ সৈতে কাম কৰাৰ সুযোগ পায়ো কিয় নকৰিলে এইগৰাকী গায়কে ? - Pakistani Singer Abrar Ul Haq

author img

By ETV Bharat Assamese Team

Published : Apr 26, 2024, 5:20 PM IST

Pakistani Singer Abrar Ul Haq : পাকিস্তানী গায়ক আব্ৰাৰ উল হকে কেটৰিনা কাইফৰ সৈতে কাম কৰাৰ প্ৰস্তাৱ সুযোগ পায়ো কিয় কাম নকৰিলে জানক...

Pakistani Singer Abrar Ul Haq
কেটৰিনা কাইফৰ সৈতে কাম কৰাৰ সুযোগ পাইও কিয় কাম নকৰিলে এইগৰাকী গায়কে ?

চিটাৰা ডেস্ক, 26 এপ্ৰিল : পাকিস্তানৰ বিখ্যাত গায়ক আব্ৰাৰ উল হকে শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী কেটৰিনা কাইফৰ বিষয়ে এক মন্তব্য প্ৰকাশ কৰিছে । তেওঁ কয় যে বলীউডৰ মোহময়ী অভিনেত্ৰী কেটৰিনাৰ সৈতে বলীউডৰ এখন চলচ্চিত্ৰ কৰাৰ প্ৰস্তাৱ পায়ো তেওঁ প্ৰত্যাখান কৰিছিল ।

পাকিস্তানী গায়ক আব্ৰাৰ-উল-হক অলপতে হাফিজ আহমেদ পডকাষ্টৰ শেহতীয়া খণ্ডত অতিথি হিচাপে উপস্থিত আছিল । এইটো সাক্ষাৎকাৰতে আব্ৰাৰক বলীউডৰ পৰা প্ৰস্তাৱ পোৱাৰ বিষয়ে সোধা হৈছিল । ইয়াৰ উত্তৰত তেওঁ কৈছিল যে, তেওঁক বলীউডৰ পৰা এটা প্ৰকল্পৰ প্ৰস্তাৱ দিয়া হৈছিল, যিটো কেটৰিনা কাইফৰ লগত আছিল ৷ কিন্তু তেওঁ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল ।

"মোক এটা এলবামত কাম কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল । কিন্তু মই তেওঁলোকৰ চুক্তি বুজি পোৱা নাছিলো । তাৰ ভিতৰত এনে এটা চুক্তি আছিল যিটো মই ক'ব নোৱাৰো, কাশ্মীৰ আদিৰ বিষয়ে কথা কব নোৱাৰো । মই ভাবিছিলো যে বাক স্বাধীনতাত বিশ্বাস কৰা এখন দেশে এনে কথা কোৱাটো গ্ৰহণযোগ্য নহয় , সেয়েহে মই সেই কাম নকৰিলো ৷" কণ্ঠশিল্পীগৰাকীয়ে কয় ৷

প্ৰকল্পটোৰ শীৰ্ষক প্ৰকাশ নকৰাকৈ তেওঁ কয়, "ইৰোছ নামৰ এটা কোম্পানী আছে, যিয়ে মোক এই প্ৰকল্পটোৰ প্ৰস্তুাৱ দিছিল । ইয়াত কেটৰিনা কাইফেও অভিনয় কৰিছিল । মোৰ বন্ধুসকলে মোক কৈছিল যে যদি আপুনি এই প্ৰকল্পটোত কাম নকৰে তেন্তে আমাক সুবিধা দিয়ক ৷ অন্ততঃ আমাক এই কাম কৰিবলৈ দিয়ক ৷ কিন্তু মই ভাৰতীয় চলচ্চিত্ৰত কাম কৰিব বিচৰা নাছিলো ।"

এই আব্ৰাৰ উল হক কোন?

আব্ৰাৰ উল হক পাকিস্তানৰ এজন বিখ্যাত গায়ক । তেওঁ চৰ্চালৈ আহিছিল যেতিয়া তেওঁ 'জুগজুগ জীয়ো' বোলছবিখনৰ এটা গানক নিজৰ বুলি দাবী কৰিছিল । তেওঁ গান চুৰি কৰাৰ বাবে কৰণ জোহৰ আৰু টি-চিৰিজৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছিল । আব্ৰাৰে কৈছে যে বৰুণ ধাৱান আৰু কিয়াৰা আদৱানী অভিনীত পাঞ্জাৱী গানৰ এটা নতুন সংস্কৰণ প্ৰৱৰ্তন কৰা হৈছে । ছবিখনৰ নিৰ্মাতাসকলে আদালতলৈ যাব লাগিব ।

টি-ছিৰিজে সঁহাৰি দি কৈছিল যে তেওঁলোকে গানটো আইনীভাৱে ব্যৱহাৰ কৰিছে । গানটো ললীউড ক্লাছিকৰ ইউটিউব চেনেলতো আছে ।

লগতে পঢ়ক: প্ৰত্যাখ্যানৰ পিচতো সঞ্জয় লীলা ভাঞ্চালীক ধন্যবাদ জ্ঞাপন অভিনেতা ফাৰদীন খানৰ - Fardeen Khan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.