ETV Bharat / entertainment

প্ৰত্যাখ্যানৰ পিচতো সঞ্জয় লীলা ভাঞ্চালীক ধন্যবাদ জ্ঞাপন অভিনেতা ফাৰদীন খানৰ - Fardeen Khan

Fardeen Khan : দীঘলীয়া বিৰতিৰ পিচত পুনৰ ৰূপালী পৰ্দালৈ ঘূৰি আহিছে অভিতেনা ফাৰদীন খান ৷ সঞ্জয় লীলা ভাঞ্চালীৰ ৱেব ছিৰিজ হীৰামাণ্ডীত দেখা যাব অভিনেতাগৰাকীক ।

'I Thanked Him': Fardeen Khan Spills on 'BRUTAL' Rejection He Faced from Sanjay Leela Bhansali
প্ৰত্যাখ্যানৰ পিচতো সঞ্জয় লীলা ভাঞ্চালীক ধন্যবাদ জ্ঞাপন অভিনেতা ফাৰদীন খানৰ
author img

By ETV Bharat Assamese Team

Published : April 26, 2024 at 11:51 AM IST

2 Min Read
Choose ETV Bharat

চিটাৰা ডেস্ক, 26 এপ্ৰিল : সম্প্ৰতি চৰ্চাত সঞ্জয় লীল ভাঞ্চালীৰ আহিবলগীয়া ৱেব ছিৰিজ হীৰামাণ্ডী ৷ ছিৰিজখনৰ ট্ৰেইলাৰ মুক্তি হোৱাৰ পিচৰে পৰা ছিৰিজখনে দৰ্শকৰ পৰা সঁহাৰি লাভ কৰাৰ লগতে ব্যাপক চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে ৷

এই ছিৰিজখনত দীঘলীয়া বিৰতিৰ পিচত পুনৰ দেখা গৈছে বলীউডৰ অভিনেতা ফাৰদীন খানক ৷ ফাৰদীন খানে ছিৰিজখনত ৱালী মহম্মদৰ অভিনয় কৰিছে ৷

ইয়াৰ মাজতে ফাৰদীন খানে চলচ্চিত্ৰ নিৰ্মাতা সঞ্জয় লীলা ভাঞ্চালীৰ সৈতে তেওঁৰ অতীতৰ অভিজ্ঞতা ৰোমন্থন কৰি এটা সাক্ষাৎকাৰত কয় যে, তেওঁ পূৰ্বতে সঞ্জয় লীলা ভাঞ্চালীৰ সৈতে কাম কৰাৰ আশাৰে ভাঞ্চালীৰ ওচৰলৈ গৈছিল । ভাঞ্চালীক লগত কৰি তেওঁ প্ৰায় 10-15 মিনিট কথা পাতিছিল ৷ কিন্তু ভাঞ্চালীয়ে সেইসময়ত ফাৰদীনৰ চকুত তেওঁ বিচৰা জুইকুৰা দেখা নাপায় প্ৰত্যাখ্যান কৰিছিল ৷

সেইসময়ত ভাঞ্চালীৰ কথা শুনি ফাৰদীনৰ কঠোৰ যেন লাগিছিল যদিও তেওঁ কয় যে, সেই সময়ত ভাঞ্চালীৰ প্ৰত্যাখান মোৰ বাবে গুৰুত্বপূৰ্ণ আছিল ৷ সেই কথা কঠোৰ আছিল যদিও তেওঁ তাকেই শুনিব বিচাৰিছিল ৷

৫০ বছৰীয়া অভিনেতাজনে লগতে কয় যে, তেওঁ অভিনয়ৰ যাত্ৰাত সন্মুখীন হোৱা প্ৰত্যাখ্যানৰ বাবে তেওঁ কৃতজ্ঞ, "সেই প্ৰত্যাখানৰ বাবে মই , সঞ্জয়লীলা ভাঞ্চালীক ধন্যবাদ জনাইছো ৷ তেওঁ মোক কেতিয়াও কাষ্ট কৰিব বিচৰা সম্পৰ্কে কোৱা নাছিল । তেওঁৰ দৰে এজন নিপুণ আৰু পাকৈত লোকৰ সৈতে কাম কৰিবলৈ সুযোগ পোৱাৰ বাবে, মই চিৰকৃতজ্ঞ । এয়া মোৰ বাবে আশ্চৰ্যকৰ শিকাৰ অভিজ্ঞতা । ই মোৰ বাবে সকলো দিশত আগবাঢ়ি যাবলৈ সহায়ক হ’ব ।"

ভাঞ্চালীৰ আহিবলগীয়া ৱেব ছিৰিজ হীৰামাণ্ডীয়ে স্বাধীনতাৰ পূৰ্বে ভাৰতৰ গণিকাসকলৰ জীৱনৰ বাস্তৱ ছবি দেখুৱাবলৈ চেষ্টা কৰিছে ৷ ছবিখনত মনীষা কৈৰালা, সোণাক্ষী সিনহা, অদিতি ৰাও হায়দৰী, ৰিচা চাদ্দা, সঞ্জীদা শ্বেখ, আৰু শৰ্মিন শ্বেগালকে ধৰি বহু তাৰকাই অভিনয় কৰিছে ।

লগতে পঢ়ক: শ্ৰুতি হাছান-শান্তনু হাজৰিকাৰ প্ৰেমৰ সম্পৰ্কত ফাঁট ! - Have They Broken Up