বিশ্বৰ প্ৰথমগৰাকী শিশু নাট ৰচয়িতা মাধৱদেৱ : ড৹ ননীগোপাল মহন্ত

author img

By

Published : Sep 15, 2022, 7:43 AM IST

Updated : Sep 15, 2022, 9:49 AM IST

426th death anniversary of Madhavdev observe in Barpeta

‘‘মহাপুৰুষ মাধৱদেৱ বিশ্বৰ প্ৰথমগৰাকী শিশু নাটৰ ৰচক (World first children drama writer Madhavdev) ৷ তেওঁ নাটসমূহ ৰচনা কৰাৰ সময়ত ভাৰতবৰ্ষৰ অন্য প্ৰান্তীয় ভাষাত এনেধৰণৰ নাট ৰচনা হোৱা নাছিল’’ ৷ বুধবাৰে বৰপেটা সত্ৰৰ কৰাপাটৰ সন্মুখত আয়োজন কৰা মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিৰ সোঁৱৰণী সভাত অংশ লৈ এই মন্তব্য কৰে ড৹ ননীগোপাল মহন্তই ৷

বৰপেটা, 15 ছেপ্টেম্বৰ : আজি মহাপুৰুষ মাধৱদেৱৰ 426 সংখ্যক তিৰোভাৱ তিথি ((426th death anniversary of Madhavdev) ৷ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ ভিন্ন নামঘৰ তথা সত্ৰসমূহ আয়োজন কৰা হৈছে নাম-কীৰ্তন ৷ এই উপলক্ষে বুধবাৰে বৰপেটা সত্ৰৰ কৰাপাটৰ সন্মুখত আয়োজন কৰা হয় মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথিৰ সোঁৱৰণী সভা (Death anniversary of Madhavdev observe in Barpeta) ৷

বুধবাৰে আয়োজিত হোৱা এই সভাত উপস্থিত থাকে ৰণজিৎ কুমাৰ দাস, ড৹ ননীগোপাল মহন্ত, গুনীন্দ্ৰ নাথ দাস, বিশ্বজিৎ দাসসহ কেবাগৰাকীও বিশিষ্ট ব্যক্তি ৷ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ সোঁৱৰণী সমিতিৰ উদ্যোগত আয়োজিত এই সভাত অংশ লৈ ড৹ ননীগোপাল মহন্তই মহাপুৰুষ মাধৱদেৱক বিশ্বৰ প্ৰথমগৰাকী শিশু নাট ৰচক (World first children drama writer Madhavdev) বুলি অভিহিত কৰে ৷

কিয়নো মহাপুৰুষজনাই চোৰধৰা, ঝুমুৰা, পিম্পৰা গুছোৱা আদি নাটসমূহ ৰচনা কৰাৰ সময়ত ভাৰতবৰ্ষৰ অন্য প্ৰান্তীয় ভাষাত এনেধৰণৰ নাট ৰচনা কৰা হোৱা নাছিল ৷ আনহাতে, বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকৰ সভাপতিত্বত অনুষ্ঠিত সভাত মাধৱদেৱৰ জীৱন আৰু তেওঁৰ অনবদ্য অৱদানৰ বিষয়ে আলোকপাত কৰাৰ লগতে বৰপেটা অঞ্চলক বৈষ্ণৱ আন্দোলনৰ ভেঁটি হিচাপে প্ৰতিষ্ঠিত কৰি যোৱাৰ কথাও তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক : ভূটান চৰকাৰৰ প্ৰতিনিধি আৰু বিটিআৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

উল্লেখ্য যে, এই সোঁৱৰণী সভাখন উদ্বোধন কৰে বৰপেটাৰ প্ৰাক্তন বিধায়ক গুনীন্দ্ৰ নাথ দাসে ৷ এই সভাতে প্ৰাক্তন বিধায়কগৰাকীয়ে মাধৱদেৱৰ জন্মদিন বা তিৰোভাৱ তিথিটো ৰাজ্য চৰকাৰক কেন্দ্ৰীয়ভাৱে আয়োজনৰ বাবে জনোৱা অনুৰোধ জনায় ৷ সেয়ে এই সন্দৰ্ভত ড৹ ননীগোপাল মহন্তক মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰিবলৈয়ো অনুৰোধ কৰে ৷

আনহাতে, গুৰুজনাৰ সোঁৱৰণী সভাত ৰাজ্য চৰকাৰৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, অসমীয়া খবৰৰ সম্পাদক বিশ্বজিৎ দাসেও অংশ লয় ৷ ইপিনে গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে বুধবাৰে নিশা বৰপেটা সত্ৰৰ কীৰ্তনঘৰত খোল প্ৰসংগত সত্ৰৰ গায়ন বায়নে অংশ লয় ৷

ইয়াৰ উপৰিও, বৰপেটা সত্ৰত মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে কীৰ্তন ঘৰৰ ভিতৰত থকা গুৰু আসনৰ সন্মুখত সত্ৰৰ বংশৰাসকলে গীতৰ পালা অনুষ্ঠিত কৰে । পূৰ্বৰে পৰা গীতৰ পালাত গায়ন বায়নে মাধৱদেৱ ৰচিত অংকীয়া নাটৰ গীতসমূহ পৰিৱেশনৰ পৰম্পৰা প্ৰচলিত হৈ আহিছে ।

লগতে পঢ়ক : ১৭ আৰু ১৮ ছেপ্টেম্বৰত মাছখোৱাৰ আইটিএ ত সুৰসংগমৰ নৃত্য আৰু সংগীত মহোৎসৱ

Last Updated :Sep 15, 2022, 9:49 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.