মাগুৰি বিলত নতুন তৈলখাদ স্থাপনে তীব্র ভাবুকি কঢ়িয়াইছে বিলখনলৈ

author img

By

Published : Sep 15, 2022, 10:12 AM IST

threat to the Maguri Beel

পুনৰাবৃত্তি হ'ব নেকি বাঘজান কাণ্ডৰ (Baghjan fire incident)? মাগুৰি বিলত নতুন তৈলখাদ স্থাপনে বিলখনলৈ কঢ়িয়াই আনিছে তীব্র ভাবুকি (threat to the Maguri Beel) । পুনৰ নতুন তৈলখাদ স্থাপনক লৈ সৰৱ পৰিৱেশকৰ্মীৰ লগতে বাঘজানবাসী ।

তিনিচুকীয়া, 15 ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ বাঘজানৰ BGN-5 নং তৈলকূপত 2020 চনত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ কথা হয়তো কোনেও পাহৰিব পৰা নাই (Baghjan fire incident) ৷ তেলৰ খাদটোত লগা জুই নুমুৱাওঁতে সময় লাগিছিল ছমাহতকৈও অধিক ৷ আজিও তাৰ কু-ফল বাঘজনাৰ ৰাইজে ভুগি আছে ৷ কিন্তু শেহতীয়াকৈ সেই অগ্নিকাণ্ড সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় 200 মিটাৰ দূৰত্বত অৱস্থিত মাগুৰি বিলত আন এক নতুন তৈলকূপ স্থাপন কৰিছে অইল ইণ্ডিয়া লিমিটেডে (Installation of new oil fields in Baghjan) ।

যোৱা দুটা বছৰে বাঘজান কাণ্ডৰ ওপৰত উচ্চতম ন্যায়ালয়ত আইনী প্ৰক্ৰিয়া চলি থকা সময়তে পুনৰ নতুন তৈলকূপ স্থাপনৰ কাম সম্পূৰ্ণ কৰি তুলিলে অইল ইণ্ডিয়াই (New oil fields in Maguri beel)। যাক লৈ এতিয়া সৰৱ হৈ পৰিছে বাঘজানবাসী ৰাইজৰ লগতে পৰিৱেশকৰ্মী । কিয়নো উক্ত তৈলকূপটো মাগুৰি বিলতে নিৰ্মাণ কৰা হৈছে । ইয়াৰ ফলত মাগুৰি বিল সম্পূৰ্ণৰূপে ধ্বংস হ'ব বুলি অভিযোগ তুলিছে স্থানীয় ৰাইজৰ লগতে পৰিৱেশকৰ্মীসকলে (Public opposed Installation of new oil field) ।

উল্লেখযোগ্য যে, যোৱা 26 জুলাইত বাঘজানৰ BGN-5 নং তৈল কূপৰ লগতে ইতিমধ্যে কাৰ্য সম্পাদন কৰা নতুন তৈলকূপৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্ত, তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক, ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰৰ যোগে অৱগত কৰিছিল বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘই । মাগুৰি বিল, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তথা বাঘজানবাসী সুৰক্ষিত হৈ থকাৰ স্বাৰ্থত গ্ৰহণ কৰা হৈছিল এই পদক্ষেপ ৷ কিন্তু ইয়াৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰি অইল ইণ্ডিয়াক কাম কৰিবলৈ সুযোগ প্ৰদান কৰি থাকিল প্ৰশাসনে ।

মাগুৰি বিলত নতুন তৈলখাদ স্থাপনে তীব্র ভাবুকি কঢ়িয়াইছে বিলখনলৈ

লগতে পঢ়ক: বাঘজান ট্ৰেজেডি...

পৰিৱেশকৰ্মী নিৰন্ত গোহাঁয়ে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, মাগুৰি বিলক ধ্বংস কৰিবলৈ বিচৰা কাৰ্যৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়াৰে আগবাঢ়িব ৷ এই ক্ষেত্ৰত সকলো ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় গোহাঁয়ে । আনহাতে, বাঘজানবাসীৰ বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘৰ উপদেষ্টা ধমেন মৰাণে উক্ত তৈলকূপক লৈ মুঠেই সন্তুষ্ট নহয় বুলি প্ৰকাশ কৰি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে । লগতে উক্ত তৈলকূপৰ পৰা পুনৰ বাঘজান কাণ্ডৰ আশংকা প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, 2020 চনৰ 27 মে’ত বাঘজানৰ BGR 5 নং তৈলখাদত গেছ নিৰ্গত হৈছিল আৰু 9 জুনত সেই গেছৰ পৰাই সূত্ৰপাত হৈছিল ভয়ংকৰ অগ্নিকাণ্ডটো (Baghjan oil fire)৷ যেন ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহহে হ’ল ৷ এই অগ্নিকাণ্ডত বাঘজানৰ বৃহৎ সংখ্যক ৰাইজে হেৰুৱালে নিজৰ ঘৰ-বাৰী, খেতি-পথাৰ ৷ অগ্নিকাণ্ডটোৱে বিৰূপ প্ৰভাৱ পেলাইছিল মাগুৰি মতাপুং বিলৰ জৈৱ বৈচিত্ৰৰ ওপৰতো ৷ শিহুকে ধৰি বিভিন্ন জলজ জীৱৰ জ্বলন্ত শৰীৰ ভাঁহি উঠিছিল বিলৰ পানীত ৷

বিশাল তৈলভাণ্ডাৰ আৰু প্ৰাকৃতিক গেছেৰে ভৰপূৰ বাঘজান সেই অঞ্চলটো ৷ ইয়াত আছে 5 টাকৈ তৈলখাদ ৷ এনে তৈলখাদ সমূহৰ পৰা ভূ-গৰ্ভস্থিত তেল আৰু প্ৰাকৃতিক গেছ আহৰণ কৰা হয় ৷ অইলৰ এই তেলখাদটোৰ পৰা সম্পদ আহৰণৰ ঠিকা লাভ কৰিছিল গুজৰাটৰ জ’ন এনাৰ্জী নামৰ কোম্পানীটোৱে ৷ খাদটোত ৰিগ বহুৱাই প্ৰথমে গেছ আহৰণ কৰাৰ পাচত পৰৱৰ্তী লেয়াৰত তেলৰ সন্ধান চলোৱা হৈছিল ৷

27 মে’ত গেছ নিৰ্গমন হোৱাৰ কথাতো স্থানীয় ৰাইজে অইল কৰ্তৃপক্ষক জনোৱাৰ পাচত তেওঁলোকে ঘটনাটো যিমান গুৰুত্বসহকাৰে ল’ব লাগিছিল কাৰ্যতঃ সেয়া কৰা নাছিল ৷ ফলত 13 দিন ধৰি সাধাৰণভাৱে গেছৰ নিৰ্গমন নিয়ন্ত্ৰণৰ চেষ্টা চলোৱা গৈছিল ৷ কিন্তু 9 জুনত হঠাৎ জ্বলি উঠে তেলখাদটো আৰু ছমাহৰ নিৰন্তৰ প্ৰচেষ্টাৰ অন্ততহে সেই জুই নিৰ্বাপিত হয় ৷ তাৰ পাচৰখিনি এক জীয়া ইতিহাস ৷ এতিয়া আকৌ সেই বাঘজানতে তেলখাদ পাতি অইল ইণ্ডিয়াই যেন উপহাস কৰিছে সেই ভয়াৱহ ঘটনা জীৱন-জীৱিকা হেৰুওৱা দুৰ্ভগীয়া সকলক ৷

লগতে পঢ়ক: জন এনাৰ্জীক খননৰ ঠিকা : আদালতত উত্তৰহীন অইল কৰ্তৃপক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.