মৰাণত আত্মসহায়ক গোটৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা মহিলাক সম্বৰ্ধনা এছবিআইৰ

author img

By

Published : Sep 15, 2022, 10:52 AM IST

Moran

আত্মসহায়ক গোটৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা মহিলাক সম্বৰ্ধনা জনালে ভাৰতীয় ষ্টেট বেংক মৰাণ শাখাই (felicitation to self reliant SHG by Moran SBI) । ভাৰতীয় ষ্টেট বেংক মৰাণ শাখাৰ উদ্যোগত 'মোৰ বেংক : মোৰ আত্মসহায়ক গোট' শীৰ্ষক কাৰ্যসূচী সম্পন্ন ।

মৰাণ, ১৫ ছেপ্টেম্বৰ : আত্মসহায়ক গোটৰ জৰিয়তে আত্মনিৰ্ভৰশীল হৈ সমাজলৈ অৱদান আগবঢ়াই অহা মহিলাসকলক উৎসাহ প্ৰদান কৰাৰ উদ্দেশ্যে ভাৰতীয় ষ্টেট বেংক, মৰাণ শাখাৰ উদ্যোগত তথা ভাৰতীয় ষ্টেট বেংকৰ তিলৈ আৰু খোৱাং শাখাৰ সহযোগত বুধবাৰে তিলৈ নগৰ গ্ৰাম্য প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় 'মোৰ বেংক : মোৰ আত্মসহায়ক গোট' শীৰ্ষক কাৰ্যসূচী (my bank my self help group programme in Dibrugarh) ।

আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দেখুওৱাত আত্মসহায়ক গোটবোৰৰ ভূমিকা সমাজত অভূতপূর্ব । আত্মসহায়ক গোটসমূহক উৎসাহিত কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত উক্ত অনুষ্ঠানটিত ভাৰতীয় ষ্টেট বেংকৰ মৰাণ শাখাৰ মুখ্য প্ৰবন্ধক ঈপ্সিতা ভৌমিক, তিলৈ শাখাৰ শাখা প্ৰবন্ধক জ্ঞানদ্বীপ কোঁচ, খোৱাং শাখাৰ শাখা প্ৰবন্ধক শৰ্মিষ্ঠা দাস উপস্থিত থাকে (role of self help group in self reliant) ।

অনুষ্ঠানটিত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় ষ্টেট বেংকৰ ডিব্ৰুগড় প্ৰশাসনিক কাৰ্যালয়ৰ উপ-মহাপ্ৰবন্ধক আফতাব আহমেদ মালিক, ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্রীয় বাণিজ্য কাৰ্যালয়, ডিব্ৰুগড়ৰ সহকাৰী মহাপ্ৰবন্ধক নীৰজ শ্বাহ, পলাশ হাজৰিকা, খণ্ড উন্নয়ন বিষয়া, খোৱাং, কমলাকান্ত গোৱালা, জিলা প্ৰকল্প প্ৰবন্ধক, ডিব্ৰুগড়, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ প্ৰশান্ত দত্ত , অধ্যক্ষ, মৰাণ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অমৃত দে’, মুখ্য প্ৰবন্ধক, প্ৰশাসনিক কাৰ্যালয় ডিব্ৰুগড় (State Bank of India initiative to SHG) ।

ভাৰতীয় ষ্টেট বেংকৰ মৰাণ শাখাৰ জ্যেষ্ঠ সহায়ক পাৰ্থ প্ৰতীম ফুকনে আঁতধৰা অনুষ্ঠানটিত আত্মসহায়ক গোটৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা শতাধিক মহিলাক সম্বৰ্ধনা জনোৱাৰ লগতে বেংকৰ তৰফৰ পৰা লাভ কৰা ঋণৰ চেক প্ৰদান কৰে বেংক কৰ্তৃপক্ষই (bank loan to SHG by SBI) । ভাৰতীয় ষ্টেট বেংকৰ মৰাণ শাখাৰ মুখ্য প্ৰবন্ধক ঈপ্সিতা ভৌমিকে এই অনুষ্ঠানত অংশ লৈ সাংবাদিকৰ আগত কয় যে, আত্মসহায়ক গোটবোৰত থকা মহিলাসকলে ভাৰতীয় অৰ্থনীতি তথা বিকাশত গাঁও অঞ্চলবোৰৰ পৰাই নিষ্ঠাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে (Felicitation to self reliant SHG by Moran SBI) ।

আত্মসহায়ক গোটৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা মহিলাক সম্বৰ্ধনা এছবিআই মৰাণৰ
আত্মসহায়ক গোটৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱা মহিলাক সম্বৰ্ধনা এছবিআই মৰাণৰ

গোটবোৰে নিজৰ ঘৰখনৰ লগতে গাঁওখনক স্বাৱলম্বী হ'বলৈ অৰিহণা যোগাইছে । তেওঁ জনায় যে অনুষ্ঠানটোত বেংকে ৭২ টা নতুন আত্মসহায়ক গোটক ঋণ বিতৰণ কৰাৰ লগতে দুই-তিনিবছৰ পূৰ্বে গঠিত আত্মসহায়ক গোটবোৰক ৩ লাখ টকাকৈ ঋণ মুকলি কৰে । ভাৰতীয় ষ্টেট বেংকৰ আঞ্চলিক বাণিজ্য কাৰ্যালয়, ডিব্ৰুগড়ৰ সহকাৰী মহা প্ৰবন্ধক নীৰজ শ্বাহে জনায় যে, ভাৰতীয় ষ্টেট বেংকে আত্মসহায়ক গোটবোৰক সন্মানিত তথা উৎসাহ যোগোৱাৰ উদ্দেশ্যৰে এই অনুষ্ঠান আয়োজন কৰা হৈছে । বেংকৰ লগত আত্মসহায়ক গোটবোৰৰ এক এৰাব নোৱাৰা সম্পৰ্ক জড়িত হৈ আছে বুলিও তেওঁ কয় ।

লগতে পঢ়ক :বিশ্বৰ প্ৰথমগৰাকী শিশু নাট ৰচয়িতা মাধৱদেৱ : ড৹ ননীগোপাল মহন্ত

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.