ETV Bharat / state

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Apr 4, 2022, 9:05 AM IST

9 বজাৰ শীৰ্ষ 10 টা বাতৰি

TOP 10 @ 9 AM
9 বজাৰ শীৰ্ষ 10 টা বাতৰি

শীঘ্ৰেই অসমলৈ আহিব ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্রী, গৃহমন্ত্রী আৰু প্ৰতিৰক্ষা মন্ত্রী

শীঘ্ৰেই অসমলৈ আহিব কেইবাজনো হাইপ্ৰফাইল ব্যক্তি ৷ আগন্তুক কেইদিন অসমত সমাগম ঘটিব ভি ভি আই পিৰ (VVIPs to visit Assam ) ।যাৰ সম্প্ৰতি ব্যস্ত হৈ পৰিছে দিছপুৰ ৷ অসমৰ কেইবাটাও স্থানত হাইপ্ৰফাইলক আদৰাৰ ব্যাপক প্ৰস্তুতি ৷ চাওঁক অসমৰ কোন কোন স্থানত আহিব এই হাইপ্ৰফাইল ব্যক্তিসমূহ ৷

Women's World Cup 2022 Final: খিতাপ জিকি অভিলেখ গঢ়িলে অষ্ট্ৰেলিয়াই

মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডক পৰাস্ত কৰি খিতাপ দখল অষ্ট্ৰেলিয়াৰ(Australia beat England to win World Cup) ৷ সপ্তমবাৰলৈ মহিলা বিশ্বকাপৰ খিতাপ দখলৰ অভিলেখ অষ্ট্ৰেলিয়াৰ ৷

Forest Fire in Rajasthan: ৰাজস্থানৰ চাৰিস্কা বনাঞ্চলত পুনৰ লাগিল বনজুই

ৰাজস্থানৰ আলৱাৰ জিলাৰ চাৰিস্কা বনাঞ্চলত দেওবাৰে এক বনজুইৰ ঘটনা সংঘটিত হয় । জানিব পৰা মতে বনাঞ্চলখনৰ তেহলা ৰেঞ্জত এই জুইৰ সূত্ৰপাত হয় (Forest fire in Sariska of Rajasthan)।

শীঘ্ৰেই মহানগৰীত মুকলি হ'ব বিদ্যুৎচালিত বাছসেৱা : মুখ্যমন্ত্ৰী

পেট্ৰল- ডিজেলৰ মূল্যবৃদ্ধিৰ (Petrol and diesel prices hike) পাছত ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা (Assam Government big announcement) ৷ শীঘ্ৰেই ৰাজ্যত আৰম্ভ হ'ব বিদ্যুচালিত বাছ সেৱা ৷ অতি কম দিনৰ ভিতৰতে গুৱাহাটী মহানগৰীত মুকলি হ'ব ২০০ খন বিদ্যুৎচালিত বাছ (Electric bus service will open soon in Guwahati) ৷ দেওবাৰে দুলীয়াজানত উপস্থিত হৈ এই ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM at Duliajan) ৷

নাছিকৰ পৱন এক্সপ্ৰেচত কেইবাটাও ডবা লাইনচ্যুত, নিহত 1

মহাৰাষ্ট্ৰৰ নাছিকত দেওবাৰে LTT-জয়নগৰ পৱন এক্সপ্ৰেছৰ প্ৰায় 11 টা ডবা লাইনচ্যুত হয় (Few coaches of 11061 LTT-Jaynagar Express derails near Nashik Maharashtra) ৷ দেওবাৰে বিয়লি প্ৰায় 3:15 বজাত সংঘটিত হয় এই ঘটনাটো ৷ এই ঘটনাত আহত হয় কেইবাজনো লোক আৰু নিহত হয় এজন লোকৰ৷ চাও আহক এই সন্দৰ্ভত মহাৰাষ্ট্ৰৰ পৰা আমাৰ সাংবাদিক কপিল ভাস্কৰৰ এক বিশেষ প্ৰতিবেদন...

ৰাষ্ট্ৰীয় শিক্ষা নীতি সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ কুমাৰ পেগুৰ মন্তব্য

দেওবাৰে দৰং জিলাৰ বৰঙাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ মুকলি সভাত উপস্থিত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ কুমাৰ পেগু (Assam Education minister at Darrang) ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি বলৱৎ (New National Education Policy of Assam) সন্দৰ্ভত শিক্ষামন্ত্ৰীৰ মন্তব্য প্ৰকাশ ৷

শিক্ষাগত অৰ্হতাকলৈ লৈ এজেপিৰ নেতাই কৰা গোচৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিদ্যাছিং ইংলেঙৰ

ডিফুত বিধায়ক বিদ্যাছিং ইংলেঙে আয়োজন কৰে এক সংবাদমেলৰ ৷ ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙৰ শিক্ষাগত অৰ্হতাকলৈ আদালত এজেপিৰ নেতাই কৰা গোচৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক গৰাকীয়ে (MLA Bidya Sing Engleng react on AJP's allegation about his education qualification) ৷

সদৌ বুঢ়াগোহাঞি বংশাৱলীৰ ১৩৯ সংখ্যক অধিৱেশনত মুখ্যমন্ত্ৰী

দেওবাৰে ইতিহাস প্ৰসিদ্ধ শদিয়াৰ চপাখোৱা থাও মুঙ শদিয়াখোৱা গোহাঞি ক্ষেত্ৰত সদৌ বুঢ়াগোহাঞি বংশাৱলীৰ ১৩৯ সংখ্যক অধিৱেশনৰ (Buragohain Bongsabali Adhibeshan at Sadia) মুকলি সভাত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয় (CM Himanta Biswa Sarma at Sadia) ৷

বৰদলৈ ট্ৰফীত খিতাপ জিকিলে চেম্পিয়ন দিল্লী এফ চিয়ে

68 সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাত দিল্লী এফ চিয়ে ফাইনেলত অৱতীৰ্ণ হৈ নাগালেণ্ড পুলিচক পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ দখল কৰে (Delhi fc wins Bordoloi Trophy football ৷ টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ সন্মান লাভ কৰে কচুকে য়ামাজাকিয়ে ।

অসমীয়া ভাষাক লৈ কটু মন্তব্য কৰা বিতৰ্কিত অৰবিন্দ সিঙৰ আত্মসমৰ্পণ

অসমীয়া ভাষা আৰু অসমীয়াক কটু মন্তব্য কৰা বিতৰ্কিত অৰবিন্দ সিঙৰ আত্মসমৰ্পণ (Arvind singh surrendered after insulting assamese language) ৷ তিনিচুকীয়া আৰক্ষীৰ জিম্মাত আছে বিতৰ্কিত অৰবিন্দ সিং ৷ বৰ্তমানেও তিনিচুকীয়া সদৰ থানাত বিতৰ্কিত অৰবিন্দ সিঙক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.