ETV Bharat / state

শিক্ষাগত অৰ্হতাকলৈ লৈ এজেপিৰ নেতাই কৰা গোচৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিদ্যাছিং ইংলেঙৰ

author img

By

Published : Apr 3, 2022, 10:41 PM IST

ডিফুত বিধায়ক বিদ্যাছিং ইংলেঙে আয়োজন কৰে এক সংবাদমেলৰ ৷ ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙৰ শিক্ষাগত অৰ্হতাকলৈ আদালত এজেপিৰ নেতাই কৰা গোচৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক গৰাকীয়ে (MLA Bidya Sing Engleng react on AJP's allegation about his education qualification) ৷

শিক্ষাগত অৰ্হতাকলৈ লৈ এজেপিৰ নেতাই কৰা গোচৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিদ্যাছিং ইংলেঙৰ
শিক্ষাগত অৰ্হতাকলৈ লৈ এজেপিৰ নেতাই কৰা গোচৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিদ্যাছিং ইংলেঙৰ

ডিফু, 3 এপ্ৰিল : শুকুৰবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি পলাশ ৰঞ্জন বৰুৱাই ১৯ নং ডিফু (জনজাতীয়) বিধান সভা সমষ্টিৰ বিধায়ক বিদ্যাছিং ইংলেঙৰ শিক্ষাগত অৰ্হতাকলৈ প্ৰশ্ন উত্থাপন কৰিছিল (controversy on academic qualifications of Bidya Sing Engleng ) ৷ আনকি ডিব্ৰুগড় মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত এটি ফৌজদাৰী গোচৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত এটি ৰীট আবেদনো দাখিল কৰিছিল পলাশ ৰঞ্জন বৰুৱাই ৷

শিক্ষাগত অৰ্হতাকলৈ লৈ এজেপিৰ নেতাই কৰা গোচৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিদ্যাছিং ইংলেঙৰ

এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক বিদ্যাছিং ইংলেঙে ৷ দেওবাৰে ডিফুত এক সংবাদমেল আয়োজন কৰি, বিধায়ক গৰাকীয়ে এজেপিৰ উপসভাপতি গৰাকীক উভতি ধৰি কয় যে, ‘‘নিৰ্বাচন শেষ হোৱাৰ পিছত এজেপিয়ে মোৰ শিক্ষাগত অৰ্হতাকলৈ নিৰ্বাচন আয়োগৰ ওচৰত কিয় কাষ চপা নাই ?

লগতে পঢ়ক : মহাবিস্ফোৰণ: ৰিপুণ বৰাৰ পৰা ১ কোটি ৬০ লাখ লৈছিল AIUDF এ

কাষ চপা হ’লে হয়তো নিৰ্বাচন আয়োগে মোক জবাবদিহি কৰাৰ লগতে মোক নিৰ্বাচিত প্ৰতিনিধি পদৰ পৰা খাৰিজ কৰিব পাৰিলেহেতেন’’ ৷

এজেপিৰ নেতাই দিয়া গোচৰকলৈ মহামান্য আদালতৰ পৰা জাননী পালে তেওঁ সংশ্লিষ্ট আদালতক তেওঁৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ দাখিল কৰাৰ লগতে উত্তৰ দিব বুলি জানিব দিয়ে বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে, এজেপিৰ কেন্দ্ৰীয় নেতা পলাশ ৰঞ্জন বৰুৱাই ডিফুৰ বিধায়ক বিদ্যাছিং ইংলেঙে নিৰ্বাচনী বিষয়াৰ ওচৰত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ শিক্ষাগত অৰ্হতা হিচাপে নিৰ্বাচন ভেদে মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত ভিন্ন তথ্য দাখিল কৰি সংশ্লিষ্ট আইন উলংঘা কৰিছে বুলি অভিযোগ কৰে বিধায়ক বিদ্যাছিং ইংলেঙে ৷

লগতে পঢ়ক : ১০৩ বছৰীয়া মুক্তি যুঁজাৰুৰ জন্মদিন উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.