মহাবিস্ফোৰণ: ৰিপুণ বৰাৰ পৰা ১ কোটি ৬০ লাখ লৈছিল AIUDF এ

By

Published : Apr 2, 2022, 10:46 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

ৰাজ্যসভা নিৰ্বাচন শেষ হ'ল । বিজেপিয়ে দুয়োজন বিজয়ী প্ৰাৰ্থীক গামোচা পিন্ধাই অভিনন্দনো জনালে । কিন্তু নিৰ্বাচনৰ পাৰ্শ্চক্ৰিয়া এতিয়াও মাৰ যোৱা নাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ আভ্যন্তৰত । প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ্য দে' পুৰকায়স্থই শনিবাৰে ঘটালে আন এক মহাবিস্ফোৰণ (kamalakhya dey purkayastha's controversial statement against AIUDF) । তেওঁ কয় যে, ৰিপুণ বৰাক প্ৰাৰ্থিত্ব দিয়া হৈছিল এআইইউডিএফে বিচৰাৰ বাবেহে । ইয়াৰ বিনিময়ত ৰিপুণ বৰাৰ পৰা এ আই ইউ ডি এফে লৈছিল ১ কোটি ৬০ লাখ টকা । কমলাক্ষ্য দে' পুৰকায়স্থই কয়, " মোৰ ওচৰত টকা লোৱাৰ কোনো ভিডিঅ' ফুটেজ নাই । কিন্তু মই দায়িত্ব সহকাৰে কৈছো যে তেওঁলোকৰ মতে প্ৰাৰ্থিত্ব লাভ কৰাৰ বাবে ৰিপুণ বৰাই এআইইউডিএফক ১ কোটি ৬০ লাখ টকা তেওঁলোকে বিচৰা মতে দিবলগীয়া হৈছিল ।" স্বাভাৱিকতে, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি গৰাকীৰ এনে বিস্ফোৰক মন্তব্যই আকৌ জোকাৰণি তুলিছে এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ ভিতৰ'চৰাত ।

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.