ETV Bharat / state

শতায়ু গৰকা গছ বিক্ৰী ! এজাহাৰ দাখিল - protest in Kaliabor

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 9:44 PM IST

Updated : May 19, 2024, 10:33 PM IST

Protest against felling of trees : কলিয়াবৰৰ উলুৱনীত অবাধে গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ৰাইজ ৷ এইদৰে গছ কটা কাৰ্যক ৰাইজে গৰিহণা দিয়াৰ লগতে প্ৰতিবাদ জনাইছে ৷

PROTEST AGAINST FELLING OF TREES
কলিয়াবৰৰ উলুৱনীত অবাধে গছ কটাৰ অভিযোগ (Etv Bharat ASSAM)

অবাধে গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ৰাইজ (ETV BHARAT ASSAM)

কলিয়াবৰ, 19 মে’ : কলিয়াবৰত গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদত নামিল ৰাইজ ৷ কলিয়াবৰৰ উলুৱনীত অবাধে গছ কটাৰ অভিযোগ ৷ গছ কাটি তহিলং কৰা অভিযুক্তৰ বিৰুদ্ধে উলুৱনী আৰক্ষী নিৱেশত ৰাইজে দাখিল কৰিলে এজাহাৰ ৷ উলুৱনীৰ সমূহীয়া শ্মশান আৰু সাপ্তাহিক বজাৰত সংঘটিত হৈছে এই ঘটনা ৷ অভিযোগ মতে, উলুৱনী সমূহীয়া শ্মশান সমিতিয়ে সৰু-সৰু গছ আৰু জংঘল চাফা কৰি চন্দন গছৰ পুলি ৰোপণৰ পৰিকল্পনা কৰিছিল ৷ তাৰে সুবিধা লৈ একাংশ দুষ্কৃতিকাৰীয়ে শ্মশান আৰু সাপ্তাহিক বজাৰ চৌহদত থকা এশ-ডেৰশ বছৰীয়া গছ আৰু গছৰ ডাল কাটি বিক্ৰী কৰাৰ অভিযোগ উঠিছে ৷ এনে পুৰণি গছ কটা কাৰ্যক সহজভাৱে ল'ব পৰা নাই স্থানীয় ৰাইজে ৷

উল্লেখযোগ্য যে, উলুৱনী চিকিৎসালয়ৰ সমীপতে থকা শুকুৰবৰীয়া সাপ্তাহিক পূজাৰ প্ৰাংগনত থকা শতায়ু গৰকা এডাল বৃহৎ কলেৱৰৰ শিমলু গছৰ লগতে আঁহত গছৰ ডাল কটাৰ লগতে কাষৰীয়া শ্মশানখনৰো প্ৰায় বাৰ-চৈধ্য জোপা পূৰঠ গছ কাটি পৰিৱেশ বিনষ্ট কৰাক লৈ স্থানীয় ৰাইজ অসন্তুষ্ট হৈ পৰে ৷ সৰু-সৰু গছেৰে শোভা কৰা বজাৰখনৰ পৰিৱেশ চাবলৈ দেশী পৰ্যটকৰো প্ৰায়ে আগমন ঘটে সেই ঠাইলৈ ৷ লগতে বজাৰৰ ব্যৱসায়ী আৰু গ্ৰাহককো গছকেইজোপাই প্ৰখৰ ৰ'দৰ পৰা ৰক্ষা কৰে ৷

কিন্তু শ্মশানলৈ সৌন্দৰ্যবৰ্দ্ধনৰ নামত শ্মশান পৰিচালনা সমিতিৰ সভাপতি-সম্পাদকৰ নেতৃত্বত এই গছ কটা কাৰ্যৰ অভিযোগ লৈ ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে পৰিৱেশ সচেতন স্থানীয় ৰাইজ ৷ এইদৰে গছ কটা কাৰ্যক ৰাইজে গৰিহণা দিয়াৰ লগতে প্ৰতিবাদ জনাইছে ৷ ঘটনাৰ তদন্ত আৰু ইয়াৰ সৈতে জড়িত ব্যক্তিসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই প্ৰতিবাদী ৰাইজে স্থানীয় উলুৱনী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে ৷

লগতে পঢ়ক : সুৰা নীতি, মূল্যবৃদ্ধিৰ বিৰুদ্ধে সৰৱ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ - AJYCP Workshop In Nalbari

Last Updated : May 19, 2024, 10:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.