ETV Bharat / bharat

পাকিস্তানী চোৰাংচোৱাক তথ্য যোগানৰ অভিযোগত গ্ৰেপ্তাৰ ৰাম সিঙক - ISI agent arrested

author img

By ETV Bharat Assamese Team

Published : May 19, 2024, 9:45 PM IST

UP ATS ISI AGENT ARRESTED: আই এন এছ বিক্ৰমাদিত্য, আই এন এছ বিক্ৰান্তৰ দৰে যুদ্ধজাহাজত ইনচুলেচন স্থাপন কৰা এজন অংশকালীন কৰ্মীক পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ইউ পি এ টি এছে ।

Pakistani intelligence agency ISI
UP ATS ISI AGENT ARRESTED (ETV Bharat)

নিউজ ডেস্ক, 19 মে’: আই এন এছ বিক্ৰমাদিত্য, আই এন এছ বিক্ৰান্তৰ দৰে যুদ্ধজাহাজত ইনচুলেচন স্থাপন কৰা এজন অংশকালীন কৰ্মীক পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ বাবে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে উত্তৰপ্ৰদেশ এ টি এছে । গোৰখপুৰৰ বাসিন্দা ৰাম সিঙে পূৰ্বতে ভাৰতীয় নৌসেনাৰ সৈতে জড়িত তথ্য আই এছ আইক দিছিল । ইয়াৰ পূৰ্বে উত্তৰপ্ৰদেশ এ টি এছে পাকিস্তানী এজেণ্টক ধন দিয়া জিয়াউল হকক গ্ৰেপ্তাৰ কৰিছিল ।

এ টি এছৰ মহাপৰিদৰ্শক নীলাব্জা চৌধুৰীয়ে কয় যে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইয়ে ভাৰতীয় নৌসেনাৰ কৰ্মচাৰী আৰু জাহাজ নিৰ্মাণ কাৰখানাত কাম কৰা লোকক ভুৱা নামেৰে প্ৰলোভিত কৰি নৌসেনাৰ সৈতে জড়িত গোপনীয় আৰু স্পৰ্শকাতৰ তথ্য আৰু নথি-পত্ৰ লাভ কৰি আছে ৷ যেতিয়া ইউ পি এ টি এছৰ এই বিষয়ে গম পালে তেতিয়া তদন্ত কৰা হয় ।

জানিব পৰা মতে, গোৰখপুৰৰ পিপৰাইচৰ বাসিন্দা ৰাম সিঙৰ সংস্পৰ্শত আছে পাকিস্তানী মহিলা চোৰাংচোৱা । ৰাম সিঙৰ বেংক একাউণ্টলৈ ধাৰাবাহিকভাৱে ধন প্ৰেৰণ কৰি আছে পাকিস্তানী এজেণ্টে । এই কথাও পোহৰলৈ আহিছে যে ৰাম সিঙে পাকিস্তানী এজেণ্টক ভাৰতীয় নৌসেনাৰ গোপনীয় তথ্য প্ৰদান কৰা সহযোগীসকলকো ধন যোগান ধৰিছিল । খোদ গোৰখপুৰৰ পৰাই ৰাম সিঙক গ্ৰেপ্তাৰ কৰিছে এ টি এছে । তেওঁক জেৰাৰ সময়ত এ টি এছে বহু তথ্য লাভ কৰে ।

লগতে পঢ়ক: ছত্তীশগড়ত সেনাৰ এনকাউণ্টাৰত নিহত নক্সালবাদী - Naxalite encounter in Chhattisgarh

এ টি এছৰ জেৰাৰ সময়ত ৰাম সিঙে কয় যে তেওঁ প্ৰায় তিনি বছৰ ধৰি ফেচবুক আৰু হোৱাটছএপৰ জৰিয়তে পাকিস্তানী মহিলা চোৰাংচোৱা কীৰ্তি কুমাৰী (ভুৱা নাম)ৰ সৈতে সংস্পৰ্শত আছিল । আগতে ৰাম সিঙে গোৱা শ্বিপয়াৰ্ড নৌসেনা ঘাটিত অংশকালীন শ্ৰমিক হিচাপে কাম কৰিছিল ৷ ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজত ইনচুলেচন স্থাপন কৰিছিল । নৌসেনাৰ বহু যুদ্ধ জাহাজ যেনে আই এন এছ বিক্ৰমাদিত্য, আই এন এছ বিক্ৰান্ত আদি জাহাজ নিৰ্মাণ কাৰখানালৈ আহিছিল ।

ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজৰ ফটোও পাকিস্তানী এজেন্টলৈ প্ৰেৰণ কৰিছিল ৰাম সিঙে । পাকিস্তানী মহিলা চোৰাংচোৱা কীৰ্তি কুমাৰীয়ে ৰাম সিঙৰ বেংক একাউণ্টত জমা কৰিছিল বিপুল পৰিমাণৰ ধন । পাকিস্তানী এজেণ্টৰ নিৰ্দেশমৰ্মে ৰাম সিঙে জমা ধন আই এছ আইত কাম কৰা এজেণ্টৰ বেংক একাউণ্টলৈ ট্ৰেন্সফাৰ কৰিছিল ।

উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে ইউ পি এ টি এছে আন এজন পাকিস্তানী এজেণ্টক গ্ৰেপ্তাৰ কৰিছিল । আগতে তেওঁ ভাৰতীয় সেনাৰ গোপনীয় তথ্য আই এছ আইৰ হেণ্ডলাৰক দিছিল । এ টি এছে বহুদিন ধৰি তেওঁক বিচাৰি আছিল । সন্ত কবীৰ নগৰৰ পৰা গ্ৰেপ্তাৰ হোৱা এজেণ্টটোৰ নাম জিয়াউল হক বুলি জানিব পৰা গৈছে । অভিযুক্ত জিয়াউল হক বিহাৰৰ চম্পাৰাণৰ বাসিন্দা । এ টি এছৰ দলটোৱে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ অহৰহ চেষ্টা চলাইছিল । এজেন্টটোৰ ওপৰত ৫০ হাজাৰ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হৈছিল ।

লগতে পঢ়ক: গেৰেজ চলোৱাৰ নামত অবৈধ অস্ত্ৰৰ বেহা; ডিমাপুৰত গ্ৰেপ্তাৰ আহমেদ আনছাৰীক - SUPPLIED ARMS IN NAGALAND

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.