ETV Bharat / bharat

গেৰেজ চলোৱাৰ নামত অবৈধ অস্ত্ৰৰ বেহা; ডিমাপুৰত গ্ৰেপ্তাৰ আহমেদ আনছাৰীক - SUPPLIED ARMS IN NAGALAND

author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 4:18 PM IST

Criminal Arrested By Police : অস্ত্ৰ যোগানৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আহমেদ আনছাৰী নামৰ এজন লোকক ৷ তেওঁৰ বিৰুদ্ধে আছে AK 47 ৰ দৰে মাৰণাস্ত্ৰ যোগানৰ অভিযোগ ৷ ইতিমধ্যে আনছাৰীক নিজা ৰাজ্যলৈ আনিবলৈ আৰক্ষীৰ এটা বিশেষ দল ডিমাপুৰলৈ ৰাওনা হৈছে ৷

Criminal Arrested By Police
নাগালেণ্ডৰ পৰা বিহাৰলৈ মাৰণাস্ত্ৰ যোগান (Source : Etv Bharat Bihar)

নেশ্যনেল ডেস্ক. 14 মে’: নাগালেণ্ডৰ ডিমাপুৰত আৰক্ষীৰ চকুত ধূলি দি অব্যাহত আছে মাৰণাস্ত্ৰৰ অবৈধ সৰবৰাহ ৷ তেনে এক গোচৰত শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা হৈছে আহমেদ আনছাৰী নামৰ এজন লোকক ৷ বিহাৰৰ মুজাফৰপুৰৰ বাসিন্দা এই লোকগৰাকীক চাৰিদিন পূৰ্বে আৰক্ষীয়ে AK 47 ৰ দৰে মাৰণাস্ত্ৰ সৰবৰাহ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে এছ টি এফৰ লগতে বিহাৰ আৰক্ষীৰ এটা দল ঘটনা সন্দৰ্ভত ৰাওনা হৈছে ডিমাপুৰলৈ ৷

আৰক্ষীৰ দলটোৱে জেৰাৰ অন্তত লোকজনক মুজাফৰপুৰলৈ লৈ আহিব ৷ জানিব পৰা মতে, মুজাফৰপুৰত সহযোগীৰ সৈতে বিকাশ নামৰ এজন লোকক আৰক্ষীয়ে কৰায়ত্ত কৰিছিল ৷ যাৰ লগত মজুত আছিল AK 47 ৰ দৰে মাৰণাস্ত্ৰ ৷ ধৃত লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আহমেদক ৷

সম্প্ৰতি আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা লোকজনক বিহাৰৰ কোন কোন এলেকাত মাৰণাস্ত্ৰ যোগান ধৰিছিল, সেই সন্দৰ্ভত সোধ-পোছ অব্যাহত ৰাখিছে ৷ লোকজনক মুজাফৰপুৰলৈ অনাৰ পিছতে বিহাৰ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলে পুনৰ জেৰা কৰিব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, এছ টি এফ আৰু জিলা আৰক্ষীৰ এটা দলে বিগত 7 মে’ত ষ্টেচন ৰোডত অভিযান চলাই এ কে 47 ৰ দৰে মাৰণাস্ত্ৰ জব্দ কৰিছিল ৷ লগতে এই সংক্ৰান্তত জড়িত দুজন লোকক কৰায়ত্ত কৰে ৷ লোক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিতে নাগালেণ্ডৰ এটা গেৰেজত কাম কৰা আহমেদ আনছাৰী নামৰ লোকজনক মাৰণাস্ত্ৰ যোগান ধৰাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে এই সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ সক্ষম হ’ব বুলি দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক: ফ্লায়িং স্কোৱাডৰ জালত ১৬৮ কোটি টকা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.