ETV Bharat / state

ফ্লায়িং স্কোৱাডৰ জালত ১৬৮ কোটি টকা - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 10:44 PM IST

Liquor and drugs along with rs 168 crore cash seized by flying squad in Assam
ফ্লায়িং স্কোৱাডৰ জালত ১৬৮ কোটি টকা

Cash seized by flying squad: ২০২৪ ৰ লোকসভা নিৰ্বাচন যাতে স্বচ্ছ আৰু নিকাভাৱে পালন কৰিব পৰা যায় তাৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ । প্ৰথম পৰ্যায়ৰ ৫ টা সমষ্টিৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত ফ্লায়িং স্কোৱাডৰ জড়িয়তে কিমান নগদ ধন, কিমান পৰিমাণৰ সুৰা জব্দ কৰা হ'ল আপুনি জানেনে ? কিমান নিৰ্বাচনী আচৰণ-বিধি ভংগৰ অভিযোগ পালে আয়োগে ? কিমান মাৰণাস্ত্ৰ জব্দ কৰিছে আয়োগে ?

গুৱাহাটী,১৮ এপ্ৰিল: শুকুৰবাৰে অসমৰ ৫ টা লোকসভা সমষ্টিত আৰম্ভ হ’ব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । নিৰ্বাচন সম্পূৰ্ণৰূপে নিকা আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণবিধি ঘোষণা কৰাৰ পাচৰে পৰা সক্ৰিয় কৰি তোলে ফ্লায়িং স্কোৱাডক । বৃহস্পতিবাৰৰ পুৱা ৯ বজালৈকে নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি নিৰ্বাচনী আচৰণ-বিধি ভংগৰ মুঠ ১১৩টা গোচৰ-অভিযোগ লাভ কৰিছে আয়োগে ৷

তাৰে ১০৮ টা অভিযোগ-গোচৰ আয়োগে নিষ্পত্তি কৰিছে । ৫ টা গোচৰ এতিয়াও অমীমাংসিত অৱস্থাত আছে । মুঠ ১১৩ টা গোচৰৰ ৭ টা গোচৰ বা অভিযোগক গুৰুতৰ হিচাপে বিবেচনা কৰা হৈছে । আনহাতে নিৰ্বাচনৰ খৰচ পৰ্যবেক্ষণ বিভাগে বৃহস্পতিবাৰৰ পুৱা ৯ বজা পৰ্যন্ত ১৬৮ কোটি টকা মূল্যৰ নগদ ধন, সুৰা, ড্ৰাগছ, মূল্যবান সম্পত্তি আদি জব্দ কৰিছে ৷ ইয়াৰে ১৫.৩ কোটি টকা নগদ ধন জব্দ কৰিছে ।

আনহাতে ৰাজ্যজুৰি ৬.৯৭ লাখ লিটাৰ সুৰা জব্দ কৰা হৈছে । এই সুৰাখিনিৰ মূল্য ২১.৭৫ কোটি টকা হ'ব বুলি জানিবলৈ দিয়ে ৷ ইয়াৰ উপৰিও ১০২.৮ কোটি টকা মূল্যৰ ড্ৰাগছ জাতীয় নিচাযুক্ত দ্ৰব্য জব্দ কৰা হৈছে । লগতে মূল্যবান ধাতু জব্দ কৰা হৈছে ২৮.১ কোটি টকাৰ । আনহাতে নিৰ্বাচনী আচৰণ-বিধি বলৱৎ কৰাৰ পৰা বৃহস্পতিবাৰৰ পুৱালৈকে মুঠ ২৬ টা মাৰণাস্ত্ৰ জব্দ কৰা হৈছে । কাৰ্টিজ/বিস্ফোৰক জব্দ কৰা হৈছে ৭২ টা ।

ৰাজ্যৰ অনুজ্ঞপত্ৰ থকা মাৰণাস্ত্ৰৰ মুঠ সংখ্যা ১৮২০২টা । জমা দিয়া অস্ত্ৰৰ পৰিমাণ ১৪৯২১ টা । জামিনবিহীন ৱাৰেণ্টৰ সংখ্যা মুঠ ১৮৭৩ হোৱাৰ বিপৰীতে কাৰ্যকৰী হোৱা জামিনবিহীন ৱাৰেণ্টৰ সংখ্যা ৯৮২ ৷ আনহাতে নিৰ্বাচনকেন্দ্ৰিক ঘটনা ১০ টা যদিও বৰ্তমানলৈ আইন-শৃংখলাজনিত গুৰুতৰ একো অঘটন ঘটা নাই ৰাজ্যত ।

উল্লেখ্য যে ৰাজ্যজুৰি নাকা তালাচীৰ জড়িয়তে উপৰোক্ত ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে । ৰাজ্যজুৰি ৪৫৩ টা নাকা তালাচী চলি আছে । আনহাতে ৫৯৭ টা ফ্লায়িং স্কোৱাড আৰু ৫৭৭ টা ষ্টেটিক চাৰ্ভিলেন্স টীমে কৰ্তব্য পালন কৰি আছে । আনহাতে মুঠ ৯৩ টা কুইক ৰেচপন্স টীমে কাম কৰি আছে ৰাজ্যত । ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ এতিয়াও কিছু বাকী আছে । তেতিয়ালৈ এই পৰিসংখ্যা বহু বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে ।

লগতে পঢ়ক: ৰাজ্যত সক্ৰিয় ফ্লায়িং স্কোৱাড; এই পৰ্যন্ত জব্দ 102 কোটি টকা - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.