শীঘ্ৰেই মহানগৰীত মুকলি হ'ব বিদ্যুৎচালিত বাছসেৱা : মুখ্যমন্ত্ৰী

By

Published : Apr 3, 2022, 9:16 PM IST

Updated : Feb 3, 2023, 8:21 PM IST

thumbnail

পেট্ৰল- ডিজেলৰ মূল্যবৃদ্ধিৰ (Petrol and diesel prices hike) পাছত ৰাজ্য চৰকাৰৰ বৃহৎ ঘোষণা (Assam Government big announcement) ৷ শীঘ্ৰেই ৰাজ্যত আৰম্ভ হ'ব বিদ্যুচালিত বাছ সেৱা ৷ অতি কম দিনৰ ভিতৰতে গুৱাহাটী মহানগৰীত মুকলি হ'ব ২০০ খন বিদ্যুৎচালিত বাছ (Electric bus service will open soon in Guwahati) ৷ দেওবাৰে দুলীয়াজানত উপস্থিত হৈ এই ঘোষণা কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (Assam CM at Duliajan) ৷ উল্লেখ্য যে,দেওবাৰে দুলীয়াজানত অসম গেছ কোম্পানী লিমিটেডৰ হীৰক জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠানত উপস্থিত  থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। লগতে উপস্থিত থাকে কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগ (Department of Petroleum and Natural Gas)ৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সঞ্জয় কিষাণ, অসম গেছ কোম্পানী লিমিটেডৰ  অধ্যক্ষ বলিন চেতিয়া, দুলীয়াজান নুমলীগড় পাইপলাইন লিমিটেডৰ  অধ্যক্ষ ৰূপম গোস্বামী ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে ১৯৬২ চনত স্থাপিত, অসম গেছ কোম্পানী লিমিটেডে বিগত ৬০ বছৰে ৰাজ্যখনৰ ঔদ্যোগীকৰণত যথেষ্ট অৰিহণা যোগাই আহিছে বুলি উল্লেখ কৰি সংবাদমাধ্যমৰ আগত বহুকেইটি গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত তেওঁ মন্তব্য প্ৰকাশ কৰে ৷

Last Updated : Feb 3, 2023, 8:21 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.