বৃহৎ ভোটৰ ব্যৱধানত জয়ৰ ইংগিত ৰঞ্জিত দত্তৰ - LOK SABHA ELECTION RESULTS 2024 - BJP

🎬 Watch Now: Feature Video

thumbnail
বৃহৎ ভোটৰ ব্যৱধানত জয়ৰ ইংগিত প্ৰাৰ্থী ৰঞ্জিত দত্তৰ (etv bharat assam)

By ETV Bharat Assamese Team

Published : June 4, 2024 at 1:49 PM IST

1 Min Read
Choose ETV Bharat

বিশ্বনাথ, 4 জুন : আজি দেশৰ লগতে ৰাজ্যৰ প্ৰতিখন জিলাৰ ভোটকেন্দ্ৰত অব্যাহত আছে ভোটগণনা ৷ লগে লগে প্ৰতিটো দলৰে প্ৰাৰ্থীসকলে ভোটকেন্দ্ৰত উপস্থিত হৈ পৰিস্থিতি পৰ্যৱেক্ষণ কৰিছে । 

এতিয়ালৈ শোণিতপুৰ লোকসভা সমষ্টিত 10 ৰাউণ্ডত ভোটগণনা সম্পন্ন হৈছে বুলি জানিবলৈ পৰা গৈছে ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "এতিয়ালৈ 10 টা ৰাউণ্ডৰ শেষত আমি প্ৰায় 1 লাখতকৈ অধিক ভোটত আগবাঢ়ি আছো ৷ মই ভাবো এইটো এটা ভাল মাৰ্জিন ৷ সংসদীয় সমষ্টিৰ লোকে আমাক যথেষ্ট মৰম দিছে আৰু ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত হোৱা উন্নয়নৰ বাবে এইদৰে বিজপিক আঁকোৱালি লৈছে ।"

লোকসভা নিৰ্বাচনৰ ফলাফলৰ লাইভ আপডেটৰ বাবে ক্লিক কৰক https://www.etvbharat.com/as/!elections/lok-sabha-election-results

উল্লেখ্য যে, বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই 3,70,068 ভোটেৰে বিজয়ৰ দিশে গতি কৰিছে ৷ আনহাতে কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে 2,02,278 ভোটেৰে 1,67,790 টা ভোটত পিচ পৰি আছে ৷ 

ইয়াৰ পিচতে বিজেপি প্ৰাৰ্থীগৰাকীয়ে তেজপুৰলৈ ৰাওনা হ’ব বুলি জানিবলৈ পৰা গৈছে ৷

লগতে পঢ়ক: মৰিগাঁৱত কংগ্ৰেছক পিচ পেলাই বিজেপিৰ অগ্ৰগতি - LOK SABHA ELECTION RESULTS 2024

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details