জল জীৱন মিছন আঁচনিত দুৰ্নীতি, বিশুদ্ধ খোৱাপানী বিচাৰি ৰাইজৰ হাহাকাৰ - Jal Jeevan Mission Assam
জল জীৱন মিছন আঁচনিৰ নামত ভয়ংকৰ দুৰ্নীতি । ঠিকাদাৰৰ দুৰ্নীতিত অতিষ্ঠ ৰঙাপৰাৰ এটা অঞ্চলৰ ৰাইজ । ৰঙাপৰাৰ ২ নং ঘইৰালি গাঁৱৰ ৰাইজে আজিকোপতি লাভ নকৰিলে এটোপাল বিশুদ্ধ খোৱাপানী ।

Published : June 4, 2024 at 2:09 PM IST
ৰঙাপৰা,৪ জুন: 'হৰ ঘৰ নল, হৰ ঘৰ জল' এই শীর্ষক শ্ল'গানেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশত আৰম্ভ কৰা জল জীৱন মিছন নামৰ অভিলাষী আঁচনিখনৰ নামত ঠায়ে ঠায়ে ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । একাংশ জল জীৱন মিছন আঁচনিৰ নির্মাণকাৰ্য আজিও সম্পূৰ্ণ নোহোৱাৰ লগতে একাংশ জল জীৱন মিছন আঁচনিৰ পৰা ৰাইজে বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
অভিযোগ অনুসৰি শোণিতপুৰ জিলাৰ ৰঙাপৰাত অধিকাংশ অঞ্চলৰ ৰাইজে আজিও অঞ্চলটোত ৰূপায়ণ হোৱা চৰকাৰী আঁচনিখনৰ পৰা এটোপালো বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ আহিছে । একাংশ জল জীৱন মিছন আঁচনিৰ ধন মোকলাই লৈ একাংশ ঠিকাদাৰ আৰু বিভাগীয় বিষয়া-অভিযন্তাসকলৰ পকেট গৰম হ'ল যদিও ৰাইজ উপকৃত নোহোৱাৰ অভিযোগ উঠিছে ।
প্রাপ্ত তথ্য অনুসৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ তেজপুৰ ১ নং সংমণ্ডলৰ কাৰ্যালয়ৰ অধীনত ৰঙাপৰাৰ ২ নং ঘইবালি গাঁৱত এখন পানী যোগান আঁচনি নিৰ্মাণৰ কাম আৰম্ভ হৈছিল । ২০২১-২২ বৰ্ষত উক্ত পানী যোগান আঁচনিখন ডি কুমাৰ আৰু কোম্পানীয়ে ১ কোটি ২৭ লাখ ১০ হাজাৰ ১৪৬ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছিল । প্ৰকল্পটোৰ জৰিয়তে ঠাকুৰবাৰী গাঁও পঞ্চায়ত এলেকাৰ ২ নং ঘইৰালি গাঁৱত বসবাস কৰা ৩৮৩ টা পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলি ফলকখনত স্পষ্টভাৱে উল্লেখ কৰা আছে ।
কিন্তু অতি পৰিতাপৰ কথা যে বিগত এমাহ ধৰি ঘইৰালি গাঁৱৰ ৩৮০ টা পৰিয়ালে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে । সম্প্রতি আঁচনিখন ধোৱাচাঙত পৰিণত হোৱা বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । অৱশ্যে আঁচনিখন সম্পূৰ্ণ হোৱাৰ পাছত স্থানীয় ৰাইজে পানী যোগান আঁচনিখনৰ পৰা কিছুদিন খোৱাপানী লাভ কৰিছিল ।
দিন অতিক্ৰম কৰাৰ লগে লগে পাইপবোৰৰে পানী নোযোৱা হৈ পৰে । ইফালে পানী যোগান আঁচনিখনত বিদ্যুতৰ ভল্টেজ কমি যোৱা আৰু পানী পৰিষ্কাৰ কৰা টেংকীটো অপৰিষ্কাৰ হৈ থকাৰ ফলত পানী যোগান ব্যৱস্থা বিকল হৈ পৰে । বৰ্তমানৰ সময়ত পানী যোগান আঁচনিখন বিকল হৈ থকাৰ পৰিপ্ৰেক্ষিতত ৰাইজে পূৰ্বৰ দৰে কুঁৱাৰ পৰা লেতেৰা পানী সেৱন কৰিবলগীয়া হৈছে ।
যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ভিতৰত অসমৰ প্ৰতিঘৰ মানুহে জল জীবন মিছনৰ জৰিয়তে বিশুদ্ধ খোৱাপানী লাভ কৰিব বুলি সপোন দেখিছিল ঠিক তেনে সময়তে ৰঙাপৰাত একাংশ পানী যোগান আঁচনিৰ পৰা ৰাইজে পানী লাভ নকৰাৰ গুৰুতৰ অভিযোগ উঠিছে । ইফালে পানী যোগান আঁচনিখন চোৱা-চিতা কৰা যুৱকজনে সংবাদ মাধ্যমৰ আগত কয় যে পানী যোগান আঁচনিখনত পানীৰ ফিল্টাৰ বেয়া হৈ যোৱাৰ পিছত বিভাগীয় লোকসকলক জনোৱা হৈছিল । কিন্তু তেওঁলোকে বেয়া হৈ থকা ফিল্টাৰটো মেৰামতি কৰি নিদিলে ।
যাৰ ফলত স্থানীয় ৰাইজে খোৱাপানী লাভৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হৈছে । তদুপৰি আঁচনিখনত বিদ্যুৎ বিভাগে স্থাপন কৰা ট্ৰেন্সফর্মাৰটোৰ পৰা বিদ্যুৎ সংযোগ কৰ্তন হৈ আছে । আঁচনিখন এইদৰে প্ৰায় এমাহ ধৰি বিকল হৈ থকাৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে পানী লাভ নকৰাত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে । ক্ষুব্ধ ৰাইজে মাজে সময়ে তেওঁক গালি-গালাজ পাৰি অহা বুলি কেয়াৰটেকাৰজনে সদৰী কৰে ।
এই সন্দৰ্ভত এগৰাকী স্থানীয় মহিলাই জনাই যে পানী যোগান আঁচনিখন এমাহ ধৰি বিকল হৈ থকাত ৰাইজে এতিয়া কুঁৱাৰ পানী সেৱন কৰিবলগীয়া হৈছে । কুঁৱাৰ পানীখিনি লেতেৰা হৈ থকাৰ বাবে প্ৰথমতে ৰঙা কাপোৰৰে চাকি পানী সেৱন কৰিবলগীয়া হৈছে । এটা কুঁৱাৰ ওপৰতে বহু পৰিয়াল নিৰ্ভৰশীল হৈ আছে । পানী যোগান আঁচনিখন সংশ্লিষ্ট কর্তৃপক্ষই পুনৰ মেৰামতিৰ ব্যৱস্থা কৰি ৰাইজক উপকৃত কৰিবলৈ স্থানীয় ৰাইজে দাবী জনায় ।
উল্লেখ্য যে, ডি কুমাৰ আৰু কোম্পানী নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে ৰঙাপৰা অঞ্চলত কেইবাখনো জল জীৱন আঁচনিৰ প্ৰকল্প নির্মাণ কৰিছে । কিন্তু উক্ত প্রতিষ্ঠানটোৱে নিৰ্মাণ কৰা একাংশ পানী যোগান আঁচনিৰ পৰা আজিও ৰাইজ উপকৃত নোহোৱাৰ অভিযোগ উত্থাপন হৈছে । তেজপুৰ ১ নং সংমণ্ডলৰ কাৰ্যালয়ৰ একাংশ বিষয়া-অভিযন্তাই নিৰ্বিকাৰ ভূমিকা পালন কৰি অহা বুলি ক্ষুব্ধ ৰাইজে মত পোষণ কৰে ।

